ETV Bharat / sukhibhava

শীতকালত দৈ-মেথি গুটিৰে এনেদৰে লওক আপোনাৰ চুলিৰ যতন - শীতকালত চুলিৰ যতন

Hair Care Tips: শীতৰ এই সময়ছোৱা বিভিন্ন ধৰণৰ চুলিৰ সমস্যাই দেখা দিয়ে ৷ এই সময়ছোৱাত ঘৰুৱাভাৱে কেনেদৰে আপোনাৰ চুলিকোছাৰ যতন ল'ব ? এই সম্পৰ্কে জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ৷

how-to-take-care-of-your-hair-with-curd-and-fenugreek-seeds
শীতকালত দৈ-মেথি গুটিৰে এনেদৰে লওক আপোনাৰ চুলিৰ যতন
author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:39 PM IST

সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত

গুৱাহাটী, 16 জানুৱাৰী: কোনেনো নিবিচাৰে ধুনীয়া, দীঘল, কোমল আৰু চিকচিকিয়া চুলি । চুলিয়ে মানুহৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয় বৰঞ্চ আমাৰ আমাৰ ব্যক্তিত্বৰো বিকাশ ঘটায় । কিন্তু ধূলি, প্ৰদূষণ আৰু জীৱনশৈলী বিশেষকৈ শীতকালত সঠিক পুষ্টি লাভ নকৰাৰ ফলত মানুহে চুলিৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

শীতৰ এই সময়ছোৱাত আমাৰ ছাল-চুলি আদিৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে ৷ যিহেতু এতিয়া ভোগালী বিহুৰো সময় ৷ এই সময়ছোৱাত প্ৰতিজন অসমীয়াই ভোগালী বিহু উদযাপন কৰাৰ লগতেই ধুনীয়া হৈ থাকিব বিচাৰে ৷ শীতৰ এই সময়চোৱাত ঘৰুৱা পদ্ধতিৰে এটা মিশ্ৰণ তৈয়াৰ কৰি আপোনাৰ চুলিৰ যতন লোৱাৰ লগতেই উজ্জ্বল বা চিকমিকনি অক্ষুন্ন ৰাখিব পাৰিব ৷

ইয়াৰ বাবে আপোনালোকক লাগিব দৈ, যিহেতু বিহুৰ এই সময়ছোৱাত সকলোৰে ঘৰত দৈ থাকেই ৷ লগতেই লাগিব এমুঠি মান মেথি গুটি, মেথি গুটিখিনি এৰাতি পানীত তিয়াই থব ৷ তিয়াই থোৱা মিথি গুটি খিনিৰ এটা ভালদৰে মিশ্ৰণ তৈয়াৰ কৰি ল'ব ৷ আৰু এই মিশ্ৰণটোত একাপ দৈ মিহলাই দিব ৷

দৈ আৰু মেথি গুটিৰ এই মিশ্ৰণটো ভালদৰে গুৰিৰ পৰা গোটেই চুলি খিনিত লগাব ৷ ৪৫ মিনিট মান এনেদৰে ৰখাৰ পাছত ভালদৰে চুলি কোচা ধুই দিব ৷ এনেদৰে লগালে আপোনাৰ চুলিৰ উজ্জ্বল বা চিকমিকনি অক্ষুন্ন থাকিব ৷ লগতেই এই মিশ্ৰনটো লগোৱাৰ ফলত চুলি ফটা সমস্যাও নোহোৱা হ'ব ৷

দৈ'ত যিহেতু প্ৰ’টিন থাকে ৷ দৈ সদায় খাব পৰিলেও আমাৰ স্বাস্থ্যৰ বাবে খুব ভাল ৷ দৈয়ে ছাল-চুলি উজ্জ্বল কৰি তোলাত সহায় কৰে ৷ মেথি গুটিয়ে চুলি সৰা সমস্যা নোহোৱা কৰে আৰু লগতে উফিৰ সমস্যা নোহোৱা কৰাটো সহায় কৰে ৷

লগতে পঢ়ক: গৰ্ভাৱস্থাত ভুলতো নাখাব এই খাদ্য অন্যথা হ’ব এই লোকচান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.