ETV Bharat / sukhibhava

ঘৰতে অতি সহজে তৈয়াৰ কৰক মিছা মাছৰ মছলা গ্ৰেভী - মিছা মাছৰ মচলা গ্ৰেভী

Prawns Masala Curry Recipe: আমাৰ মাজৰ বহুলোকে মিছা মাছ খাই খুবেই ভাল পায় ৷ মাছেৰে বিভিন্ন ধৰণৰ আঞ্জাও তৈয়াৰ কৰে ৷ কিন্তু আজি আমি আপোনালোকৰ বাবে মাছৰ যি ৰেচিপি লৈ আহিছো সেয়া তৈয়াৰ কৰাটো সহজ হোৱাৰ লগতে খাবলৈও অতি সোৱাযুক্ত তেন্তে এই ৰেচিপিটো নো কি জানো আহক-

Prawns Masala Curry Recipe
ঘৰতে অতি সহজে তৈয়াৰ কৰক মিছা মাছৰ মছলা গ্ৰেভী
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 5:35 PM IST

মিছা মাছৰ মছলা গ্ৰেভী

গুৱাহাটী, 11 জানুৱাৰী: মিছা মাছ খাই প্ৰায়ভাগ লোকেই ভাল পায় ৷ মাছৰ ভিন্ন ধৰণৰ ব্যঞ্জন সকলোৱে খাই পাইছে ৷ কিন্তু আজি আমি আপোনালোকৰ বাবে এনে এবিধ মিছা মাছৰ ৰেচিপি লৈ আহিছো যাক তৈয়াৰ কৰাটো সহজ হোৱাৰ লগতে অতি সোৱাদযুক্ত ৷ আমি ক’বলৈ ওলোৱা এই ৰেচিপিটো হৈছে মিছা মাছৰ মচলা গ্ৰেভী ৷ তেন্তে জানো আহক ইয়াক তৈয়াৰ কৰাৰ পদ্ধতি ৷

মিছা মাছৰ মচলা গ্ৰেভীৰ বাবে প্ৰয়োজন হ'ব-

১) মিছা মাছ ( ১ কেজি)

২) আলু ( প্ৰয়োজন অনুসৰি)

৩) পিয়াঁজ

৪) জলকীয়া

৫) জিৰা (২ চামুচ)

৬) গোটা ধনীয়া (২ চামুচ)

৭) নহৰু

৮) শুকান জলকীয়া

৯) তেজপাত

১০) আদা

১১) গৰম মছলা

১২) ধনীয়া

তৈয়াৰৰ পদ্ধতি

প্ৰথমে মিছা মাছখিনি ভালদৰে বাকলি গুচাই ধুই ল'ব লাগিব ৷ কেৰাহী এটাত তেল গৰম হ'ব দি তাত মাছ খিনি যাতে আধা ভাজি ল'ব লাগিব ৷ মাছ খিনি ভজা হোৱাৰ পাছত সেই খিনি এটা পাত্ৰত উঠাই লৈ, সেই কেৰাহীটোতেই আলুখিনিও ভাজি ল'ব ৷

ইয়াৰ পাছত মিছা মাছৰ গ্ৰেভীৰ বাবে প্ৰয়োজনীয় মচলা অৰ্থাৎ আদা, নহৰু, জিৰা গুৰি, গোটা ধনীয়া, কেঁচা জলকীয়া, ইলাচী, ডালচেনীখিনি অকমান পানী দি ভালদৰে গুড়ি কৰি ল'ব ৷ মচলাখিনি গুৰি হোৱাৰ পাছত পুনৰ কেৰাহীত অকণমান তেল দি অলপ গৰম হ'ব দিব লাগিব ৷ তাৰ পাছত গৰম হোৱাত তেলত শুকান জলকীয়া ৪ টা , তেজপাত ৪ খিলা, ইলাচী ৩টা, ডালচেনী অলপসময় ভাজি ল'ব লাগিব ৷ ভাল দৰে ভজা হোৱাৰ পাছত যেতিয়া শুকান মছলা খিনিৰ পৰা যেতিয়া এটা ধুনীয়া গোন্ধ আহিব তেতিয়া তাত কাটি থোৱা পিয়াঁজখিনি ভালদৰে ৰঙচুৱা নোহোৱালৈকে ভাজি থাকিব লাগিব ৷

পিয়াঁজখিনি ৰঙচুৱা হোৱাৰ পাছত গুৰি কৰি থোৱা মছলাখিনি দি তাত সোৱাদ অনুসৰি নিমখ, হালধি, অকণমান চেনী, কাশ্মিৰী জলকীয়া গুৰি এচামুচ দি গোটেইখিনি ভালদৰে মিহলাই দিব লাগিব ৷ যেতিয়ালৈকে মচলাখিনিৰ পৰা কেঁচা গোন্ধটো নোহোৱা হৈ নাযায় তেতিয়ালৈ মচলাখিনি লৰাই থকিব ৷ কেঁচা গোন্ধটো নোহোৱা হৈ যোৱাৰ পাছত তাত অলপ গৰম পানী দি ভালদৰ লৰাই ৫ মিনিটৰ বাবে ঢাকনিখন দি থব লাগিব ৷

তাৰ পাছত সেই মছলাখিনি ভাজি থোৱা আলুখিনি দি পুনৰ ভালদৰে লৰাই অলপ সময়ৰ বাবে ঢাকি থব লাগিব ৷ তাৰ পাছত ভাজি থোৱা মাছখিনি দি ভালদৰে লৰাই এচামুচ গৰম মছলা দি ৫ মিনিট মান ৰখাৰ পাছত গেছৰ পৰা নমাই দিব ৷

লগতে পঢ়ক: এইবাৰ ভোগালী বিহুত অতি সহজে তৈয়াৰ কৰক এইকেইবিধ পিঠা; জানি লওক ৰেচিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.