ETV Bharat / sukhibhava

Low BP Control Tricks: যদি বি পি কম হয় তেন্তে চিন্তা নকৰিব, এই ঘৰুৱা উপায়সমূহে তৎক্ষণাত দিব সকাহ - ৰক্তচাপ কম

Low BP Control Tips: বহুলোকে ৰক্তচাপ কম হ’লে ঔষধ সেৱন কৰাটো পছন্দ কৰে যদিও ইয়াৰ পাৰ্শ্বক্ৰিয়াও আছে ৷ আজি আমি আপোনালোকক জনাবলৈ ওলাইছো ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ ৩টা ঘৰুৱা উপায় ৷

how to increase blood pressure immediately in an emergency
যদি বি পি কম হয় তেন্তে চিন্তা নকৰিব, এই ঘৰুৱা উপায়সমূহে তৎক্ষণাত দিব সকাহ
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:14 PM IST

আজিকালি ভুল জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহে বহু ৰোগত ভুগিবলৈ ধৰিছে, যিবোৰ পূৰ্বে কেতিয়াও বেছি শুনা যোৱা নাছিল ৷ ইয়াৰে ভিতৰত এটি ৰোগ হ’ল নিম্ন ৰক্তচাপ ৷ স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যিকোনো সুস্থ ব্যক্তিৰ ৰক্তচাপ সাধাৰণতে ১২০/৮০ মিলিমিটাৰ পাৰাপাৰচেণ্ট হ’ব লাগে ৷ যেতিয়া এই ৰক্তচাপ ৯০/৬০ মিলিমিটাৰ পাৰাপাৰচেণ্টতকৈ কম হয় তেতিয়া ইয়াক নিম্ন ৰক্তচাপ বোলা হয় ৷

এজন ব্যক্তিয়ে হেৰুৱাব পাৰে প্ৰাণ

ইয়াৰ কাৰণে এজন ব্যক্তিয়ে মূৰ ঘূৰণি, মূৰৰ বিষ, বমি, ভাগৰ আৰু দুৰ্বলতাৰ লক্ষণ অনুভৱ কৰে ৷ সঠিক সময়ত নিয়ন্ত্ৰণ নকৰিলে ৰোগীজনৰ হাৰ্ট এটেকো হ’ব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক ক'বলৈ ওলাইছো নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ৩টা বিশেষ উপায়, যাক অনুসৰণ কৰি এই ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে ৷

কম বিপি নিয়ন্ত্ৰণ কৰাৰ উপায়

কিচমিচ

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কিচমিচ খাব পাৰে (Low BP Control Tips) ৷ ইয়াৰ বাবে ৰাতি ৪-৫টা কিচমিচ পানীত তিয়াই ল’ব লাগে ৷ পুৱা খালী পেটত সেই কিচমিচখিনি পানীৰ সৈতে খালী পেটতে সেৱন কৰক ৷ এনে কৰিলে আপোনাৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকিব ৷

অশ্বগন্ধা

নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবেও অশ্বগন্ধাৰ ব্যৱহাৰ উপকাৰী বুলি গণ্য কৰা হয় ৷ ইয়াত এনে বহু পুষ্টিকৰ উপাদান পোৱা যায়, যিয়ে শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ৷ ইয়াক সেৱন কৰিবলৈ এচামুচ অশ্বগন্ধা গুড়ি খাব লাগে ৷ ইয়াৰ পিছত আধা গিলাচ কুহুমীয়া পানী লৈ তাত এই গুড়ি মিহলাই সেৱন কৰক ৷ এই পাউদাৰ দিনটোত দুবাৰকৈ খালে আপোনাৰ নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণ হ’ব ৷

তুলসীৰ পাত

যিসকলৰ বি পি কম হোৱাৰ সমস্যা আছে তেওঁলোকৰ বাবে তুলসীৰ পাতে ঔষধ হিচাপে কাম কৰে ৷ ইয়াত পটাছিয়াম, ভিটামিন চি আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ ইয়াত বহুতো এন্টি-অক্সিডেন্টো পোৱা যায়, যিয়ে নিয়মীয়াকৈ আপোনাৰ বি পি বা ৰক্তচাপ বজাই ৰখাত সহায় কৰে ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে বি পি কম হ’লে ৪টা তুলসীৰ পাত চাফা কৰি লাহে লাহে চোবাই খাব লাগে ৷ এনে কৰিলে আপুনি ফিট হৈ পৰিব ৷

লগতে পঢ়ক: Cardamom Benefits: এই ৪টা কাৰণতেই আমি দৈনিক সৰু ইলাচি চোবাই খাব লাগে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.