ETV Bharat / sukhibhava

Needs of Vitamin C: ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ শৰীৰক ভিটামিন-C ৰ প্ৰয়োজনীয়তা কিমান ?

author img

By

Published : May 6, 2022, 8:57 PM IST

প্ৰকৃতাৰ্থত মহামাৰীয়েই আমাক শিকালে শৰীৰত ভিটামিন-C ৰ প্ৰয়োজনীয়তা কিমান (Needs of Vitamin C) ৷ ই এক গুৰুত্বপূৰ্ণ ৰোগ প্ৰতিৰোধ-সহায়ক পুষ্টি যিয়ে শৰীৰক গুৰুতৰ ভাইৰেল ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে । কিন্তু শৰীৰৰ বাবে সঠিক পৰিমাণৰ ভিটামিন C আমি কেনেকৈ নিৰ্ধাৰণ কৰিম ?

Needs of Vitamin C
শৰীৰক ভিটামিন চি কিমান প্ৰয়োজন?

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ শৰীৰক কিমান পৰিমাণৰ ভিটামিন-C প্ৰয়োজন ? নিউজীলেণ্ডৰ ক্ৰিষ্টচাৰ্চত নিউ ইউনিভাৰ্চিটি অৱ ওটাগোৰ গৱেষক সকলে ইয়াৰ ওপৰত কৰিছিল এক অধ্যয়ন । প্ৰথমবাৰৰ বাবে, গৱেষকসকলে মানুহৰ শৰীৰৰ ওজন অনুসৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কিমান অতিৰিক্ত ভিটামিন-C ৰ প্ৰয়োজন সেয়া বিশ্লেষণ কৰিছিল ।

ৰোগ প্ৰতিৰোধী হিচাপে ভিটামিন-C অত্যাৱশ্যকীয় বুলি জনা যায় আৰু ই দেহৰ শ্বেত ৰক্ত কণিকাবোৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে (Needs of Vitamin C) । আন্তৰ্জাতিক আলোচনী নিউট্ৰিয়েণ্টছত প্ৰকাশিত অধ্যয়নটোত দেখা গৈছে যে, এজন ব্যক্তিক প্ৰতি 10 কিলোগ্ৰাম অতিৰিক্ত ওজনৰ বাবে নিয়মীয়াকৈ 10 মিলিগ্ৰাম ভিটামিন-C ৰ প্ৰয়োজন হয় ৷ যিয়ে তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব (Vitamin C benefits) ।

বিশ্ববিদ্যালয়ৰ ৰোগ বিজ্ঞান আৰু জৈৱ চিকিৎসা বিজ্ঞান বিভাগৰ মুখ্য লেখিকা আৰু সহযোগী অধ্যাপিকা অনিত্ৰা কাৰে ইতিমধ্যে উল্লেখ কৰিছে যে 'শৰীৰৰ অধিক ওজন আৰু ভিটামিন-C ৰ নিম্ন স্তৰ' এটা আনটোৰ সৈতে সম্পৰ্কিত । কিন্তু এইটো প্ৰথম অধ্যয়ন য’ত গৱেষক সকলে শৰীৰৰ ওজন অনুসৰি প্ৰতিদিনে কিমান অতিৰিক্ত ভিটামিন-C প্ৰয়োজন, সেই বিষয়ে গৱেষণা কৰে ।

কাৰে লগতে উল্লেখ কৰে যে মেদবহুলতা থকা লোকসকলে অত্যাধিক ভিটামিন-C গ্ৰহণ কৰিলে ভাল ফলাফল পাব পাৰে, যিহেতু মেদবহুলতায়ো বহু ক্ষেত্ৰত ক’ভিড-19ৰ বিপদাশংকা কঢ়িওৱাৰ সম্ভাৱনা থাকে ৷ ক’ভিড-19ৰ আন এটা ডাঙৰ জটিলতা হৈছে নিউমোনিয়া । নিউমোনিয়া থকা ৰোগীসকলৰ ভিটামিন-C কম বুলি জনা যায় । কেইবাটাও অধ্যয়নে দেখুৱাইছে যে ভিটামিন-Cয়ে মানুহৰ নিউমোনিয়া হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে আৰু ইয়াৰ তীব্ৰতা হ্ৰাস কৰে, সেয়েহে আপোনাৰ ওজন অধিক হ'লে ভিটামিন-C ৰ সঠিক পৰিমাণত গ্ৰহণে আপোনাক সহায় কৰিব পাৰে (How much vitamin c is good for health)।

স্বাস্থ্যৰ বাবে কিমান উপকাৰী ভিটামিন-C ? গৱেষক সকলৰ মতে, 90 কিলোগ্ৰাম ওজনৰ এজন ব্যক্তিয়ে প্ৰতিদিনে 30 মিলিগ্ৰাম অতিৰিক্ত ভিটামিন-C খাব লাগিব, যাতে তেওঁৰ দেহাটোৱে নিয়মীয়াকৈ প্ৰায় 140 মিলিগ্ৰাম ভিটামিন-C লাভ কৰে । এইদৰে চাবলৈ গ’লে 120 কিলোগ্ৰাম ওজনৰ এজন ব্যক্তিয়ে 150 মিলিগ্ৰাম ভিটামিন-C গ্ৰহণ কৰিব লাগিব ।

লগতে পঢ়ক: কোনবোৰ ঔষধ আপুনি একেলগে গ্ৰহণ কৰিলে বৃক্কৰ ক্ষতি হ'ব পাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.