ETV Bharat / sukhibhava

Beneficial Qualities of Clove: স্বাস্থ্যৰ সৰ্বাংগীণ উন্নতিত কিদৰে উপকাৰী লং ?

author img

By

Published : Feb 2, 2022, 8:10 PM IST

ভাৰতীয় খাদ্য-প্ৰণালীৰ অন্তৰ্গত মচলা সমূহৰ অন্যতম হৈছে লং ৷ লঙৰ বিভিন্ন ঔষধি গুণাগুণো আছে (Beneficial Qualities of Clove) ৷ আয়ুৰ্বেদ আৰু নেচাৰোপেথি দুয়োটা চিকিৎসা পদ্ধতিতে লঙক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । ইতিমধ্যে এলোপ্যাথিয়েও ইয়াৰ ঔষধি গুণাগুণবোৰ চিনাক্ত কৰিছে । জানো আহক লঙৰ কিছুমান আশ্চৰ্যকৰ লাভালাভৰ বিষয়ে...

Beneficial Qualities of Clove
স্বাস্থ্যৰ সৰ্বাংগীণ উন্নতিত লং

তীক্ষ্ণ গোন্ধ আৰু সোৱাদ থকা লঙৰ ব্যৱহাৰ ভাৰতত প্ৰাচীন কালৰে পৰা সূদূৰপ্ৰসাৰী ৷ পাকঘৰৰ ই অন্যতম উপাদান হোৱাৰ লগতে নানা ধৰণৰ বেমাৰৰ ঘৰুৱা প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ হয় (Beneficial Qualities of Clove) ৷ বৈজ্ঞানিকভাৱে লঙক চিজিগিয়াম এৰোমেটিকম বুলি জনা যায় ৷ প্ৰাচীনকালৰ আয়ুৰ্বেদিক গ্ৰন্থসমূহতো ইয়াৰ বৈশিষ্ট্য উল্লেখ আছে ৷ আয়ুৰ্বেদে কৈছে, লঙে কেৱল ভোকেই বৃদ্ধি নকৰে বৰঞ্চ হজম, প্ৰসাৱ, কফ, দাঁত, দাঁতৰ আলুৰ বিভিন্ন সমস্যাৰ লগতে পুৰুষৰ পুৰোষত্বজনিত সমস্যাও দূৰ কৰাত সহায় কৰে ৷

মধ্য প্ৰদেশৰ ভূপালস্থিত আয়ুৰ্বেদিক বিশেষজ্ঞ ড. ৰাজেশ শৰ্মাই উল্লেখ কৰিছে যে সঠিক পৰিমাণত গৰম উপাদানযুক্ত লঙৰ সেৱনে বহুতো ৰোগ আৰু সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে ৷ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ অৱশ্যে, এইটো মনত ৰখা উচিত যে ইয়াৰ অত্যাধিক সেৱনে আমাৰ স্বাস্থ্যক নেতিবাচকভাৱে প্ৰভাৱিত কৰিব পাৰে ।

লঙত কি কি পুষ্টি পোৱা যায়

চিকিৎসক আৰু বিশেষজ্ঞসকলে কয় যে লঙে দেহত শ্বেত ৰক্ত কণিকা গঠনত সহায় কৰে, যি শৰীৰক কিছুমান সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে । ই এনালজেচিক উপাদান আৰু বেক্টেৰিয়া-ৰোধী গুণাগুণেৰেও পৰিপূৰ্ণ । ইয়াৰ উপৰিও, লঙত ভিটামিন বি1, বি2, বি4, বি6, বি9, ভিটামিন-চি, বিটা-কেৰোটিন, ভিটামিন-কে, প্ৰ'টিন, জিংক, চেলেনিয়াম, ৰাইবোফ্লেভিন, কোলিন, কপাৰ, নিয়াচিন, ফোলেট, থিয়ামিন, কাৰ্বোহাইড্ৰেট আৰু ফাইবাৰসহ অন্যান্য পুষ্টিও থাকে ।

বিভিন্ন ধৰণৰ অধ্যয়নবোৰে লঙৰ উপকাৰিতাৰ বিষয়ে কি কয়?

কেইবছৰমান আগতে আৰ্জেণ্টিনাৰ বুয়েনছ আইৰেছ বিশ্ববিদ্যালয়ৰ দ্বাৰা কৰা গৱেষণাই প্ৰকাশ কৰিছিল যে সংক্ৰমণ সৃষ্টিকাৰী বেক্টেৰিয়া যেনে ই. কোলি (E.coli) আৰু ষ্টেফিলোকক্কাছ দূৰ কৰাত লং তেল যথেষ্ট কাৰ্যকৰী হ'ব পাৰে । একেটা ক্ষেত্ৰতে কৰা আন বহুতো অধ্যয়নে নিশ্চিত কৰিছে দেহৰ সৰ্বাংগীণ উন্নতিত লঙৰ উপকাৰিতা । তাৰে কিছুমান উপকাৰিতাৰ বিষয়ে আপোনালোকলৈ আগবঢ়ালো...

উচ্চ ৰক্তচাপ:

লঙক পলিফেনলৰ এক ভাল উৎস বুলি গণ্য কৰা হয় ৷ পলিফেনল হৈছে মাইক্ৰ'নিউট্ৰিয়েণ্ট যাক আমি সেউজীয়া শাক-পাচলিৰ জৰিয়তে লাভ কৰো । এই মাইক্ৰ'নিউট্ৰিয়েণ্টবোৰে আমাৰ শৰীৰত কলেষ্টেৰল আৰু ৰক্তচাপ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে ৷

ডায়েবেটিছ আৰু কিডনী স্বাস্থ্য:

ডায়েবেটিছ ৰোগীৰ বাবে লঙৰ ব্যৱহাৰ উপকাৰী, কিয়নো ই তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে । ই কিডনীৰ স্বাস্থ্য বজাই ৰখাৰ লগতে প্ৰস্ৰাৱজনিত ৰোগ নিৰ্মূলতো সহায় কৰে ।

মৌখিক স্বাস্থ্য:

লঙৰ ব্যৱহাৰে মুখৰ বেক্টেৰিয়া 70% লৈ হ্ৰাস কৰে । সমান্তৰালকৈ, দাঁতৰ আলুত সংক্ৰমণ ঘটোৱা পেৰিঅ'ডণ্টাল পেথোজেন্ছৰ দৰে বেক্টেৰিয়াৰ পৰা মুখক সুৰক্ষাও প্ৰদান কৰে লং তেলে ৷ লং তেলত ইউজেনোল নামৰ এক উপাদান থাকে, যি দাঁত আৰু দাঁতৰ আলুৰ বিষ হ্ৰাস কৰাত সহায় কৰে । তদুপৰি, লঙে দাঁতবোৰ প্লেক আৰু কেৰিৰ পৰা সুৰক্ষিত কৰি ৰাখে ৷

শ্বাস-প্ৰশ্বাসৰ স্বাস্থ্য:

প্ৰদাহ-প্ৰতিৰোধী গুণাগুণৰ বাবে লঙে চৰ্দি আৰু কাহ হ্ৰাস কৰাত সহায় কৰে । আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত চৰ্দি আৰু অন্যান্য সংক্ৰমিত ৰোগবোৰ হ্ৰাস কৰিবলৈ লং ব্যৱহাৰ কৰা হয়। ব্ৰঙ্কোডাইলেটৰ আৰু ইমিউনোমডুলেটৰী গুণাগুণেৰে পৰিপূৰ্ণ লঙে চাইনাচাইটিছ, হাপানি, চৰ্দি আৰু কাহৰ দৰে বহুতো শ্বাস-প্ৰশ্বাস জনিত সমস্যাত সকাহ প্ৰদান কৰে ।

হজম:

লঙৰ ব্যৱহাৰ পাচন তন্ত্ৰ শক্তিশালী কৰিবৰ বাবে ভাল বুলি গণ্য কৰা হয় । লঙে মূলতঃ এনজাইমবোৰ উত্তেজিত কৰে, যি আমাৰ পাচনতন্ত্ৰৰ লগতে আভ্যন্তৰীণ স্বাস্থ্যও বজাই ৰাখে । সঠিক পৰিমাণত লঙৰ সেৱনে ফুলা, বদহজম, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, গেছ আৰু ভোক নোহোৱাৰ দৰে সমস্যাত সকাহ প্ৰদান কৰে ৷

ছালৰ সমস্যা:

লঙত থকা ইউজেনোলে বহুতো শাৰীৰিক আৰু ছাল সম্পৰ্কীয় সমস্যাৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে । শালমইনা উপশম ঘটাবলৈয়ো লঙৰ বাহ্যিক ব্যৱহাৰ কৰিব পাৰি ৷

মাইগ্ৰেইন:

ই মুৰৰ বিষ আৰু মাইগ্ৰেইন দূৰ কৰাতো সহায়ক । সুদাকৈ লং চোবাই খোৱাৰ লগতে ইয়াৰ তীক্ষ্ণ সুবাসে মুৰৰ বিষৰ পৰা তাৎক্ষণিক সকাহ দিয়ে ।

পুৰুষৰ যৌন স্বাস্থ্য:

আয়ুৰ্বেদিক চিকিৎসাত বিভিন্ন ঔষধত লং ব্যৱহাৰ কৰা হয় যিয়ে পুৰুষৰ যৌন স্বাস্থ্যজনিত সমস্যা দূৰ কৰে । বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত প্ৰকাশ পাইছে যে নিয়মীয়াকৈ লঙৰ ব্যৱহাৰে টেষ্টোষ্টেৰনৰ উৎপাদন বৃদ্ধি কৰে । অৱশ্যে, অত্যাধিক ব্যৱহাৰে ইয়াৰ উৎপাদন হ্ৰাস কৰিব পাৰে ।

লগতে পঢ়ক: Tips Removing Dark Circle: মধ্য বয়সীয়া মহিলাসকলে কিদৰে ল’ব চকুৰ যত্ন?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.