ETV Bharat / sukhibhava

COVID19 and brain: কোভিড সংক্ৰমণে মগজুৰ কেনে ধৰণৰ ক্ষতি কৰিব পাৰে ?

author img

By

Published : Jul 11, 2022, 2:15 PM IST

একেটা গৱেষক দলৰে পূৰ্বৰ অধ্যয়নত ৰোগীৰ মগজুত SARS-CoV-2 চিনাক্ত কৰা হোৱা নাছিল আৰু পৰামৰ্শ দিছিল যে ভাইৰাছবিধে মগজুক পোনপটীয়াকৈ সংক্ৰমিত কৰা নাই । SARS-CoV-2-এ কেনেদৰে মগজুৰ ক্ষতি আৰম্ভ কৰিব পাৰে সেইটো বুজি পোৱাটোৱে (Understanding how SARS-CoV-2 can trigger brain damage) স্নায়বিক লক্ষণবোৰ (neurological symptoms) দীঘলীয়া হৈ থকা কোভিড ৰোগীসকলৰ চিকিৎসাৰ বিকাশৰ বিষয়ে অৱগত কৰাত সহায় কৰিব পাৰে । দলটোৱে ব্ৰেইন নামৰ পত্ৰিকাত প্ৰকাশিত গৱেষণা-পত্ৰখনত এনেদেৰ লিখিছে (wrote in paper published in Brain) ।

a
a

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মগজুত ভাইৰাছবিধে কেনে ধৰণে প্ৰভাৱ পেলায় ? এই সন্দৰ্ভত শেহতীয়া এক গৱেষণাৰ প্ৰতিবেদন প্ৰকাশ পাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ (US National Institutes of Health) অংশ নেচনেল ইনষ্টিটিউট অব নিউৰোলজিকেল ডিজঅৰ্ডাৰ এণ্ড ষ্ট্ৰোকৰ (National Institute of Neurological Disorders and Stroke, NINDS) গৱেষকসকলে এক সৰু অধ্যয়নত ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ পিছত আকস্মিকভাৱে মৃত্যু হোৱা নজন লোকৰ মস্তিষ্কৰ পৰিৱৰ্তন পৰীক্ষা কৰে (Brain changes in contracting with Covid virus) ।

তাত তেওঁলোকে প্ৰমাণ পায় যে ভাইৰাছবিধ আৰু অন্যান্য আক্ৰমণকাৰীৰ প্ৰতিক্ৰিয়াস্বৰূপে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (immune system) দ্বাৰা উৎপাদিত এণ্টিবডী, প্ৰ'টিন, মস্তিষ্কৰ ৰক্তনলীবোৰত (brain's blood vessels) আৱৰণ দিয়া কোষবোৰৰ ওপৰত আক্ৰমণ চলায়, যাৰ ফলত প্ৰদাহ (inflammation) আৰু ক্ষতি হয় ।

আনহাতে, একেটা গৱেষক দলৰে পূৰ্বৰ অধ্যয়নত ৰোগীৰ মগজুত SARS-CoV-2 চিনাক্ত কৰা হোৱা নাছিল আৰু পৰামৰ্শ দিছিল যে ভাইৰাছবিধে মগজুক পোনপটীয়াকৈ সংক্ৰমিত কৰা নাই । SARS-CoV-2-এ কেনেদৰে মগজুৰ ক্ষতি আৰম্ভ কৰিব পাৰে সেইটো বুজি পোৱাটোৱে (Understanding how SARS-CoV-2 can trigger brain damage) স্নায়বিক লক্ষণবোৰ (neurological symptoms) দীঘলীয়া হৈ থকা কোভিড ৰোগীসকলৰ চিকিৎসাৰ বিকাশৰ বিষয়ে অৱগত কৰাত সহায় কৰিব পাৰে । দলটোৱে ব্ৰেইন নামৰ পত্ৰিকাত প্ৰকাশিত গৱেষণা-পত্ৰখনত এনেদেৰ লিখিছে (wrote in paper published in Brain) ।

গৱেষকসকলৰ মতে, কোভিডৰ ফলস্বৰূপে প্ৰস্তুত হোৱা এণ্টিবডীয়ে ভুলবশতঃ তেজ-মগজুৰ বাধাৰ (blood-brain barrier) বাবে গুৰুত্বপূৰ্ণ কোষবোৰক লক্ষ্য কৰিব পাৰে । দৃঢ়তাৰে বান্ধি ৰখা এণ্ডোথেলিয়াল কোষবোৰে (Tightly packed endothelial cells) তেজ-মগজুৰ বাধা সৃষ্টি কৰাত সহায় কৰে, যিয়ে ক্ষতিকাৰক পদাৰ্থবোৰ মগজুলৈ যোৱাৰ পৰা ৰক্ষা কৰে আৰু প্ৰয়োজনীয় পদাৰ্থবোৰ পাৰ হ'বলৈ দিয়ে । মগজুৰ ৰক্তনলীবোৰত এণ্ডোথেলিয়াল কোষৰ ক্ষতিৰ ফলত তেজৰ পৰা প্ৰ'টিন নিৰ্গত হ'ব পাৰে (leakage of proteins from the blood) । ইয়াৰ ফলত কিছুমান কোভিড ৰোগীৰ ৰক্তক্ষৰণ আৰু ৰক্ত গোট মাৰে (bleeds and clots in some COVID patients) আৰু ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰিব পাৰে (increase risk of stroke) ।

"এণ্ডোথেলিয়াল কোষবোৰ সক্ৰিয় হ'লে ৰক্ত নলীৰ বেৰত লাগি থকা প্লেটিলেটবোৰ আহে যাৰ ফলত গোট মাৰে আৰু নিৰ্গত হয় । একে সময়তে এণ্ডোথেলিয়াল কোষবোৰৰ মাজৰ দৃঢ় সংযোগ স্থানবোৰ ব্যাহত হয় যাৰ ফলত সেইবোৰ নিৰ্গত হয় ।" এনআইএনডিএছৰ নিদানিক সঞ্চালক অৰবিন্দ্ৰ নাথে এনেদৰে কয় (clinical director at NINDS Avindra Nath) । "এবাৰ নিৰ্গত হোৱাৰ পিছত, মেক্ৰোফেজৰ (macrophage)দৰে ৰোগ প্ৰতিৰোধ কোষবোৰ ক্ষতি মেৰামতি কৰিবলৈ আহিব পাৰে, যাৰ ফলত প্ৰদাহ হ'ব পাৰে । ইয়াৰ ফলত নিউৰনৰ ক্ষতি হয় ।" তেওঁ লগতে কয় ।

গৱেষকসকলে জানিব পাৰিছে যে এণ্ডোথেলিয়াল কোষৰ ক্ষতি হোৱা এলেকাবোৰত, 300 তকৈও অধিক জিনৰ প্ৰকাশ হ্ৰাস হোৱা দেখা গৈছে । আনহাতে, ছয়টা জিন বৃদ্ধি হৈছে । এই জিনবোৰ অক্সিডেটিভ চাপ, ডিএনএ ক্ষতি আৰু বিপাকীয় বিসংগতিৰ সৈতে সম্পৰ্কিত আছিল । ই কোভিড-19-ৰ সৈতে সম্পৰ্কিত স্নায়বিক লক্ষণবোৰৰ আণৱিক আধাৰৰ সংকেত প্ৰদান কৰিব পাৰে আৰু সাম্ভাব্য থেৰাপিউটিক লক্ষ্য প্ৰদান কৰিব পাৰে । অৱশ্যে কি এণ্টিজেনে ৰোগ প্ৰতিৰোধ ব্যৱস্থাটোক লক্ষ্য হিচাবে ল'বলৈ সক্ৰিয় হৈছে সেইটো অস্পষ্ট হৈ আছে । কিয়নো ভাইৰাছটো নিজেই মগজুত চিনাক্ত কৰা হোৱা নাছিল । এয়া সম্ভৱ যে SARS-CoV-2 স্পাইক প্ৰ'টিনৰ বিপৰীতে এণ্টিবডীয়ে কোষত প্ৰৱেশ কৰিবলৈ ভাইৰাছে ব্যৱহাৰ কৰা ACE2 ৰিচেপ্টৰৰ সৈতে বান্ধ খাব পাৰে । এই অনুমানটো অন্বেষণ কৰিবলৈ অধিক গৱেষণাৰ প্ৰয়োজন আছে ।

অধ্যয়নটোৱে কোভিড-19-ৰ পিছত দীৰ্ঘম্যাদী স্নায়বিক লক্ষণবোৰ বুজি পোৱা আৰু চিকিৎসা কৰাৰ বাবেও প্ৰভাৱ পেলাব পাৰে । ইয়াৰে ভিতৰত আছে মূৰৰ বিষ, ভাগৰ, সোৱাদ আৰু গোন্ধ হেৰুওৱা, টোপনিৰ সমস্যা, আৰু 'ব্ৰেইন ফগ' । গৱেষকসকলে বিশ্বাস কৰে যে যদি অধ্যয়নটোৰ ৰোগীসকল বাচি থাকিলহেঁতেন, তেন্তে তেওঁলোকে কোভিড সন্দৰ্ভত এক দীঘলীয়া গৱেষণা আগবঢ়াই নিব পাৰিলেহেঁতেন ।

লগতে পঢ়ক :Omicron sub-variant BA.2.75 : ভাৰতত ধৰা পৰিছে অ’মিক্ৰণৰ নতুন উপ-প্ৰকৰণ BA.2.75

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.