ETV Bharat / sukhibhava

Healthy benefits of curry leaves: স্বাস্থ্যৰ বাবে উপকাৰী গুণেৰে পৰিপূৰ্ণ নৰসিংহ পাত

author img

By

Published : Mar 25, 2022, 1:54 PM IST

ভাৰতীয় পাকঘৰত সঘনাই ব্যৱহাৰ হয় নৰসিংহ পাত ৷ বিশেষকৈ দক্ষিণ ভাৰতীয় ৰন্ধন প্ৰণালীত নৰসিংহ পাত ন’হলে নচলেই ৷ এই নৰসিংহ পাতৰ বহুতো উপকাৰিতা আছে (Healthy benefits of curry leaves) । জনা যায় যে, যিসকল লোকে নিয়মীয়াকৈ তেওঁলোকৰ খাদ্যত নৰসিংহ পাত সেৱন কৰে বহু প্ৰকাৰৰ সংক্ৰমণ আৰু ৰোগৰ পৰা তেওঁলোক বাছি থাকে (Qualities of curry leaves) । আপোনালোকলৈ আগবঢ়াইছোঁ নৰসিংহ পাতৰ কেইটামান বহুমূলীয়া উপকাৰিতা-

curry leaves
নৰসিংহ পাতৰ কেইটামান বহুমূলীয়া উপকাৰীতা

নৰসিংহ পাতক সাধাৰণতে ভাৰতত কাৰী পাত্তা বা মিঠা নিম বুলি জনা যায় । দক্ষিণ ভাৰতত প্ৰায় প্ৰতিটো খাদ্যবস্তুতে নৰসিংহ পাত ব্যৱহাৰ কৰা হয় ৷ মহাৰাষ্ট্ৰ আৰু গুজৰাটকে ধৰি আন ৰাজ্যৰ ৰন্ধন প্ৰণালীতো ই ব্যৱহৃত হয় । আয়ুৰ্বেদেও ইতিমধ্যে নৰসিংহ পাতৰ লাভালাভসমূহ চিনাক্ত কৰি বহুতো ৰোগ নিৰাময়ৰ ঔষধ হিচাপে ইয়াক গণ্য কৰিছে ।

নৰসিংহ পাতত লো, ফছফৰাছ, ভিটামিন এ, ভিটামিন বি2, বি6, বি12, কেলচিয়াম, জিংক আৰু ভেনাডিয়াম আদি যথেষ্ট পৰিমাণে থাকে । ৰাষ্ট্ৰীয় জৈৱ প্ৰযুক্তি তথ্য কেন্দ্ৰৰ (এন.চিবি.আই) ৱেবছাইটত প্ৰকাশিত এক গৱেষণাই কৈছে যে নৰসিংহ পাতত ডাইক্লোৰোমিথেন, ইথাইল এচিটেট আৰু মহানিম্বিন (খাৰ) আদি উপাদান আছে । ইয়াৰ উপৰিও ইয়াত এণ্টি-অক্সিডেটিভ, এণ্টি-এনিমিয়া আৰু এণ্টি-ডায়েবেটিক গুণাগুণো পোৱা যায় ।

কৰ্ণাটকৰ মহীশূৰস্থিত পুষ্টিবিদ মীনাক্ষী গৌড়াই কয় যে নৰসিংহ পাত আভ্যন্তৰীণ ব্যৱহাৰৰ সমান্তৰালকৈ বাহ্যিক ব্যৱহাৰৰ বাবেও উপযোগী । তেওঁ লগতে উল্লেখ কৰে যে খাদ্যত ইয়াৰ ব্যৱহাৰে কেৱল পুষ্টি বৃদ্ধি নকৰে বৰঞ্চ শৰীৰক বিভিন্ন ঔষধি লাভালাভো প্ৰদান কৰে । পুষ্টিবিদ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি নৰসিংহ পাতৰ তেল আৰু হেয়াৰ পেক ব্যৱহাৰে চুলিক বিভিন্ন সমস্যাৰ পৰা সুৰক্ষিত কৰে । তলত ইয়াৰ কেইটামান গুণাগুণ উল্লেখ কৰা হ’ল-

1. নৰসিংহ পাতে ৰক্তহীনতাৰ সমস্যা আঁতৰ কৰে । শৰীৰত তেজৰ অভাৱ হ'লে নৰসিংহ পাত খোৱাটো অতি উপকাৰী । লো সহ খনিজ উপাদানবোৰ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।

2. নৰসিংহ পাতত হাইপ’গ্লাইচেমিক গুণাগুণ থাকে, যিয়ে শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰিবলৈ কাম কৰে । গতিকে নিয়মীয়াকৈ নৰসিংহ পাত খোৱাটোৱে ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

3. নৰসিংহৰ পাত সেৱনে হৃদৰোগৰ আশংকা হ্ৰাস কৰে । ইয়াত এণ্টিঅক্সিডেণ্ট গুণাগুণ থাকে যি শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায়ক হয় । একে সময়তে ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণাগুণে শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে, যিয়ে হৃদৰোগৰ আশংকা হ্ৰাস কৰে ।

4. আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত স্বাস্থ্য-উপকাৰী গুণসমৃদ্ধ হোৱাৰ বাবে কিছুমান ঔষধ আৰু তেলত নৰসিংহ পাত এক উপাদান হিচাপে ব্যৱহাৰ কৰা হয় ৷ প্ৰদাহ-প্ৰতিৰোধক হিচাপে কাম কৰে নৰসিংহ পাতে ৷

5. ই গৰ্ভধাৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত মহিলাসকলৰ ওকালি অহাৰ সমস্যাতো আশ্চৰ্যকৰ কাম কৰে ।

6. নৰসিংহৰ পাতত এণ্টিবায়’টিক আৰু এণ্টিফাংগাল গুণাগুণ থকা দেখা যায় যি দেহক বিভিন্ন সংক্ৰমণৰ পৰা সুৰক্ষা দিয়াত সহায়ক হয় ।

7. ওজন হ্ৰাস কৰিবলৈ নিয়মীয়াকৈ নৰসিংহ পাত খালে সুফল লাভ কৰিব আপুনি ৷

8. যথেষ্ট পৰিমাণে এণ্টি-অক্সিডেণ্ট গুণাগুণেৰে পৰিপূৰ্ণ নৰসিংহ পাতে ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে । বজাৰত উপলব্ধ বহুতো ক্ৰীম, ফেচৱাশ্ব আৰু অন্যান্য সৌন্দৰ্য সামগ্ৰীতো ইয়াৰ ব্যৱহাৰ কৰা দেখা যায় ।

9. চুলিৰ বাবে নৰসিংহ পাত খোৱাৰ লগতে ইয়াৰ পৰা তৈয়াৰী তেল আৰু হেয়াৰ পেক ব্যৱহাৰ কৰাটো অতি উপকাৰী। ইয়াক চেম্পুত এটা মুখ্য উপাদান হিচাপে ব্যৱহাৰ কৰা হয় যি চুলিৰ ওকণিৰ সমস্যাৰ দূৰ কৰাত সহায় কৰে ।

10. নৰসিংহৰ পাতত হেপাট’প্ৰটেক্টিভ গুণ থাকে যি আমাৰ যকৃত স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে আৰু হেপাটাইটিছ (hepatitis) আৰু চিৰোচিছৰ (cirrhosis) দৰে ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷

লগতে পঢ়ক: আপোনাৰ পাকঘৰত মজুত থকা পাঁচবিধ সামগ্ৰীৰে লওক ছালৰ যতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.