ETV Bharat / sukhibhava

High Cholesterol: উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত ফলপ্ৰসূ আদা

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 5:00 PM IST

কলেষ্টেৰল বহু ৰোগৰ মূল কাৰণ বুলি গণ্য কৰা হয়, সেয়েহে এল ডি এল নিয়ন্ত্ৰণৰ বাবে সকলো প্ৰচেষ্টা চলাব লাগে । ইয়াৰ বাবে আপুনি এই পদ্ধতিৰে আদাৰ সেৱন কৰিলে এনে সমস্যা দূৰ কৰিব পাৰে ৷

Ginger will cure high cholesterol
উচ্চ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত ফলপ্ৰসূ আদা, এনেদৰে কৰক সেৱন

যদি আপোনাৰ ৰক্তবাহী নলীত বেয়া কলেষ্টেৰল অত্যধিক বৃদ্ধি পায়, তেন্তে ই হৃদযন্ত্ৰৰ লগত জড়িত মাৰাত্মক ৰোগৰ কাৰণ হৈ পৰে ৷ আচলতে ধমনীত প্লেক জমা হোৱাৰ ফলত ব্লক হয়, তাৰ পিছত তেজে হৃদযন্ত্ৰ পাবলৈ যথেষ্ট শক্তি প্ৰয়োগ কৰিবলগীয়া হয়, এই অৱস্থাক উচ্চ ৰক্তচাপ বুলি কোৱা হয়, এইটোৱেই হাৰ্ট এটেকৰ মূল কাৰণ, যাৰ বাবে বহু লোকৰ মৃত্যুও হয় ৷ উচ্চ কলেষ্টেৰলৰ পৰা হাত সাৰিবলৈ আদা খাব পাৰে, ইয়াত জিঞ্জাৰল আৰু শ্বোগাওল নামৰ এন্টিঅক্সিডেন্ট থাকে যিয়ে এল ডি এল হ্ৰাস কৰাত সহায় কৰে ৷ সেয়ে নিতৌ তলত উল্লেখিত এই ৫টা স্বাস্থ্যসন্মত পদ্ধতিৰে খাওক আদা ৷

১/ কেঁচা আদা

আদা কেঁচাকৈ চোবাই খাব পাৰে, যিসকলে ভজা আৰু জলা খাদ্য বেছিকৈ সেৱন কৰে তেওঁলোকৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ আদাৰ সোৱাদে খুবেই জলা আৰু জিভা পোৰে, সেয়েহে মানুহে ইয়াক এনেদৰে খাবলৈ ভাল নাপায়, কিন্তু এই পদ্ধতি কলেষ্টেৰল হ্ৰাস কৰাত অতি ফলপ্ৰসূ ৷

২/ আদাৰ পানী

নিয়মিতভাৱে আদাৰ পানী খোৱা লোকসকলে ইয়াৰ সম্পূৰ্ণ সুফল লাভ কৰে, যাৰ ফলত বেয়া কলেষ্টেৰল হ্ৰাস পায় ৷ ইয়াৰ বাবে আদা সৰু সৰুকৈ কাটি গৰম পানীৰে উতলাই লওক ৷ তাৰ পিছত চেকি লোৱাৰ পিছত কুহুমীয়া হ’লে পান কৰক ৷ খাদ্য খোৱাৰ পিছত আদাৰ পানী আধা কাপ খাব পাৰে ৷

৩/ আদা দিয়া নেমু চাহ

যিসকল লোকে নিয়মিতভাৱে আদাৰ চাহ খায়, তেওঁলোকৰ শৰীৰৰ চৰ্বি ক্ৰমান্বয়ে কমিবলৈ আৰম্ভ কৰে, আৰু বৃদ্ধি পোৱা কলেষ্টেৰলো নিয়ন্ত্ৰিত হয় ৷ বিশেষকৈ যিসকলে প্ৰচুৰ পৰিমাণে তেলীয়া আৰু জলা খাদ্য খায় তেওঁলোকৰ বাবে এই চাহ অতি লাভদায়ক ৷

৪/ আদাৰ গুড়ি

আদা বহুদিন ধৰি ভালে ৰখাৰ উপায় হ'ল ইয়াক সৰু সৰুকৈ কাটি ৰ'দত কেইবাদিনো শুকুৱাই লোৱা ৷ এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে ইয়াক গুড়ি কৰি লওক ৷ এই গুড়ি পানীৰ লগত মিহলাই খাব পাৰে আৰু বহু ৰেচিপিৰ লগতো মিহলাই খাব পাৰে ৷

৫/ আদা আৰু নহৰুৰ কাঢ়া

আদা আৰু নহৰু মিহলাই কাঢ়া বনাই নিয়মিতভাৱে পান কৰক ৷ এই কাম কৰিলে বেয়া কলেষ্টেৰল কমোৱাত বহু পৰিমাণে সহায়ক হ’ব ৷ যদি এই কাঢ়া অলপ তিতা যেন লাগে, তেন্তে সোৱাদৰ বাবে ইয়াত নেমু কেইটোপালমান চেপি ল’ব পাৰে ৷

লগতে পঢ়ক: Psychotic Disorder: কি হয় চাইকোটিক ডিছঅৰ্ডাৰ ? যি ৰোগত ভুগিছে গায়িকা চেলেনা গোমেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.