ছালৰ যত্নৰ কথা আহিলে সকলোৱে নিজৰ মুখখন ত্ৰুটিহীন কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে ৷ UV বিকিৰণ, বায়ু প্ৰদূষণ, অস্বাস্থ্যকৰ জীৱনশৈলী আৰু মানসিক চাপে আমাৰ মুখৰ সৌন্দৰ্য্য হ্ৰাস কৰে ৷ ইয়াৰ ফলত ব্ৰণ, মুখৰ মিহি ৰেখা আৰু বলিৰেখাৰ সৈতে শুকান ছাল আদি সমস্যাৰ সৃষ্টি হয় ৷ সেয়ে এই ক্ষেত্ৰত আপোনাক সহায় কৰিব বৰফে ৷ ফেচ আইচিং হৈছে সুস্থ, গ্ল’য়িং আৰু পিম্পল মুক্ত ছাল পোৱাৰ অন্যতম এক সহজ উপায় ৷ যদিও, আজিকালি বজাৰত বহুতো ছালৰ যত্নৰ সামগ্ৰী পোৱা যায়, কিন্তু এই উপায়েৰে আপুনি বহুত টকা খৰচ নকৰাকৈ ঘৰতে বহি আপোনাৰ মুখমণ্ডল সতেজ তথা উজ্বল কৰি ৰাখিব পাৰে ৷
মুখত বৰফ লগালে এইবোৰ সুফল পোৱা যায়
ব্ৰণ ভাল কৰে
বৰফ লগালে প্ৰদাহ কমোৱাত সহায় কৰে, যিয়ে ব্ৰণ কমোৱা আৰু ভাল কৰাত সহায় কৰে ৷ ই ছালৰ প্ৰদাহ শান্ত কৰে আৰু লগতে আপোনাৰ ছিদ্ৰৰ আকাৰ বৃদ্ধি হোৱাত বাধা দিয়ে ৷
মুখখন উজ্জ্বল কৰি তোলে
মুখত বৰফ লগালেও কোনো ধৰণৰ ব্লাছ বা হাইলাইটাৰ নোহোৱাকৈ গ্ল’য়িং ছাল পোৱাত সহায়ক হ’ব পাৰে ৷ মুখত বৰফ ঘঁহিলে আপোনাৰ ছালত তেজৰ সঞ্চালন উন্নত হয়, যাৰ ফলত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায় আৰু ছালত প্ৰাকৃতিক জিলিকনি আনে ৷
- চকু ফুলা কম কৰে
- নিয়মিতভাৱে মুখত বৰফ প্ৰয়োগ কৰিলে মুখৰ ফুলা কমি যায় ৷ এইদৰে চকুৰ তলত ফুলি উঠা কমি যায় ৷
- ছানবাৰ্ণ আৰু ৰেচক শান্ত কৰক
- বৰফ প্ৰয়োগ কৰিলে ৰ’দত পোৰাৰ চিকিৎসা হয়, কিয়নো ই ৰ’দৰ ফলত হোৱা ৰঙা পৰা আৰু ফুলাৰ পৰা উপশম ঘটাই আপোনাৰ ছালখন শান্ত কৰে ৷
- ডাৰ্ক চাৰ্কল হ্ৰাস কৰাত সহায়ক
ফেচ আইচিঙে ডাৰ্ক চাৰ্কলৰ সমস্যাৰ অন্ত পেলায় ৷ গোলাপ পানীত শসাৰ ৰস অলপ দিব পাৰে ৷ এই মিশ্ৰণটো কিছু সময় ফ্ৰীজত ৰাখি তাৰ পিছত চকুৰ তলত বৰফৰ টুকুৰা লগাব ৷ কিছুদিন এই কাম অবিৰতভাৱে কৰি থাকিব, ডাৰ্ক চাৰ্কলৰ পৰা সকাহ পাব পাৰে ৷
লগতে পঢ়ক: Listeria outbreak: আপুনিও মিল্কশ্বেক খাই ভাল পায় নেকি ? পিচে সাৱধান !