ETV Bharat / sukhibhava

Cardamom Benefits: মেদবহুলতা হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰালৈকে উত্তম ইলাচিৰ উপকাৰিতা সম্পৰ্কে জানি লওক - Cardamom Benefit

ইলাচিৰ সহায়ত বহুতো সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰা হয় । ইলাচিয়ে খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাই নহয়, ই স্বাস্থ্যৰ পক্ষেও বহু উপকাৰিতা সাধন কৰে ।

From controlling weight gain to improving digestion, know the best benefits of cardamom
মেদবহুলতা হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰালৈকে উত্তম ইলাচিৰ উপকাৰিতা সম্পৰ্কে জানি লওক
author img

By

Published : Aug 19, 2023, 11:11 AM IST

ইলাচিয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰে ৷ পায়স, হালোৱা, তৰকাৰী আদিৰ দৰে বহু বস্তুত ইলাচি ব্যৱহাৰ কৰা হয় ৷ ইলাচি খাদ্যত যোগ কৰিলে সোৱাদ যথেষ্ট বৃদ্ধি পায় ৷ কিন্তু ই কেৱল সোৱাদ দিয়াই নহয় আপোনাৰ স্বাস্থ্যৰো বহু উপকাৰিতা সাধন কৰে ৷ ইয়াত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থৰ দৰে পুষ্টিকৰ উপাদান থাকে ৷

সুস্বাস্থ্যৰ বাবে আপুনি ইলাচিৰ পানীও খাব পাৰে ৷ ইয়াৰ বাবে ইলাচি পানীত উতলাই লওক ৷ ইলাচি কেৱল স্বাস্থ্যৰ বাবেই নহয়, মুখৰ স্বাস্থ্যৰ বাবেও অতি উত্তম ৷ জানো আহক, ইলাচিয়ে আপোনাক কোনবোৰ স্বাস্থ্যজনিত সমস্যাৰ পৰা আঁতৰাই ৰখাৰ বাবে সক্ষম ৷

বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়

ইলাচিৰ পানী খাব পাৰে ৷ ইয়াৰ বাবে ৰাতি ৪টা ইলাচি পানীত তিয়াঁই দিব ৷ এতিয়া এই পানী ৰাতিপুৱা গৰম কৰক ৷ ইয়াৰ পিছত এই পানী দিনটোত ২ বা ৩ বাৰ খাব পাৰে ৷ ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় ৷ ইয়াৰ ফলত ওজন কমাবলৈ সহায়ক হ’ব ৷

ভৰপূৰ অনুভৱ কৰক

ইলাচিৰ পানী খালে ভৰি পৰে ৷ ইয়াৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে ৷ ইয়াৰ সৈতে আপুনি অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰে ৷

হজম শক্তি বৃদ্ধি পায়

ইলাচি খালে আপোনাৰ পাচনতন্ত্ৰ সুস্থ হৈ থাকে ৷ ইয়াক সেৱন কৰিলে গেছ, কোষ্ঠকাঠিন্য আৰু পেট ফুলাৰ সমস্যাৰ পৰা আপুনি নিজকে ৰক্ষা কৰিব পাৰিব ৷ ইয়াৰ ফলত আপোনাৰ হজম শক্তি সঠিক হৈ থাকে ৷ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ সৰু সৰু ইলাচি খাব পাৰে ৷

বিষমুক্তকৰণ

খাদ্যত ইলাচি অন্তৰ্ভুক্ত কৰিলে আপোনাৰ শৰীৰৰ বিষমুক্ত হয় ৷ ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ দূৰ হয় ৷ ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়াও বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও ই দ্ৰুতগতিত ওজন হ্ৰাস কৰাত সহায় কৰে ৷

মুখৰ স্বাস্থ্য

বহু লোকক মুখৰ দুৰ্গন্ধই অশান্তি দিয়ে ৷ এই সমস্যাৰ পৰা আপুনি ইলাচিৰ পানী খালে সকাহ পাব পাৰে ৷ ইয়াৰ এন্টি বেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী আদি গুণ আছে ৷ ইলাচিৰ দ্বাৰাও কিছু পৰিমাণে দাঁতৰ বিষৰ পৰা সকাহ পাব পাৰে ৷ ইলাচিয়ে দাঁতৰ গুৰিৰ প্ৰদাহ আঁতৰোৱাতো সহায় কৰে ৷

ৰক্তচাপৰ মাত্ৰা

এক প্ৰতিবেদন অনুসৰি ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ইলাচিৰ গুড়িও গ্ৰহণ কৰিব পাৰে ৷ ইলাচিৰ গুড়িত এন্টি অক্সিডেন্ট গুণ আছে ৷

ফোহা ভাল কৰিবলৈ

কেতিয়াবা পেট বেয়া হোৱাৰ বাবে মুখত ফোহা ওলায় ৷ এনে অৱস্থাত ইলাচি পিহি তাৰ গুড়ি বনাই সেৱন কৰিব পাৰে ৷ এই পাউদাৰত মিশ্ৰি মিহলাই লওক ৷ এতিয়া আক্ৰান্ত ঠাইত লগাওক ৷ ইয়াৰ দ্বাৰা আপুনি সকাহ লাভ কৰিব ৷

লগতে পঢ়ক: Eye Care Tips: যদি আপুনি আপোনাৰ চকুক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে আজিয়েই পৰিহাৰ কৰক এই খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.