ETV Bharat / sukhibhava

Thyroid: থাইৰয়ড বৃদ্ধি হোৱা ৰোধ কৰিবলৈ মানি চলক এই ৫টা নিয়ম

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 8:10 PM IST

যদি থাইৰয়ডৰ মাত্ৰা বৃদ্ধি পায় তেন্তে শৰীৰত ওজন বৃদ্ধি বা হ্ৰাসকে ধৰি বহু পৰিৱৰ্তন দেখা যায় । চিকিৎসকৰ পৰামৰ্শৰ উপৰিও ঘৰতে ইয়াক পৰিচালনা কৰিবলৈ তলত উল্লেখিত এসমূহ স্বাস্থ্যসন্মত নিয়ম মানি চলিব পাৰে ।

Follow this 5 step routine to prevent thyroid from increasing
থাইৰয়ড বৃদ্ধি হোৱা ৰোধ কৰিবলৈ মানি চলক এই ৫টা নিয়ম

ভাৰতত থাইৰয়ড ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে ৷ এইটো আমাৰ শৰীৰত উপস্থিত থকা গ্ৰন্থি যিয়ে হৰম’ন উৎপন্ন কৰে আৰু বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ৷ ইয়াৰ অভাৱ বা অত্যধিক বৃদ্ধিৰ বাবে ওজন বৃদ্ধি বা কমিবলৈ আৰম্ভ কৰে ৷ চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা ইয়াক হাইপোথাইৰয়ডিজম বুলি কোৱা হয়, যাক খাদ্য, ব্যায়াম বা আন পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিব পাৰি ৷ থাইৰয়ডৰ বাবেও কেন্সাৰ হোৱাৰ আশংকা থাকে ৷

বিশেষজ্ঞসকলৰ মতে, যদি থাইৰয়ড গ্ৰন্থিৰ কোষবোৰ স্বাভাৱিকতকৈ অধিক বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেন্তে কেন্সাৰৰ আশংকা বৃদ্ধি পায় ৷ থাইৰয়ডৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা প্ৰদান কৰিবলৈ এই ৫টা নিয়ম অনুসৰণ কৰক ৷

থাইৰয়ড কিয় হয় আৰু ইয়াৰ লক্ষণসমূহ ?

চিকিৎসকে কয় যে, খাদ্যত আয়’ডিনৰ অভাৱ, মানসিক চাপ আৰু হৰম’নৰ ভাৰসাম্যহীনতাৰ ফলত থাইৰয়ড ৰোগ হ’ব পাৰে ৷ পূৰ্বে এই সমস্যা ৫০ বছৰ বয়সৰ পিছত দেখা গৈছিল যদিও এতিয়া এই ৰোগ ৩০ বছৰ বয়সলৈকে দেখা গৈছে ৷ ইয়াৰ ৰোগ মহিলাৰ ক্ষেত্ৰত বেছি ৷

বিশেষজ্ঞসকলৰ মতে, ডিঙিত গোট খোৱা, খাদ্য গিলিবলৈ অসুবিধা হোৱা, ডিঙিৰ বিষ, ওজন দ্ৰুতগতিত কমি যোৱা বা বৃদ্ধি হোৱা, কাহ আৰু ডিঙিত ফুলা আদি থাইৰয়ডৰ লক্ষণসমূহৰ ভিতৰত অন্তৰ্ভুক্ত ৷ থাইৰয়ডৰ মাত্ৰা এনেদৰে পৰিচালনা কৰক ৷

১/ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক

দিনটোৰ প্ৰথম কাম এইটো কৰক যে আপুনি গ্ৰহণ কৰা খাদ্যত আঁহ, প্ৰ’টিন আৰু খনিজ পদাৰ্থ থাকিব লাগিব ৷

২/ দৈনিক ব্যায়াম

দৈনিক ব্যায়াম কৰিলে থাইৰয়ডৰ লক্ষণ কম কৰিব পাৰি ৷ ইয়াৰ ফলত বিপাকীয় ক্ৰিয়া আৰু শক্তি বৃদ্ধি পায় ৷ ইয়াৰ উপৰিও পেশীবোৰো শক্তিশালী হয় ৷

৩/ সক্ৰিয় হওক

আপোনাৰ ৰুটিনত সেইবোৰ কাম কৰক যিবোৰে আপোনাক ব্যস্ত কৰি ৰাখে ৷ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ নিজৰ পৰা আঁতৰাই ৰাখিবলৈ গোটেই দিনটো সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক ৷

৪/ মানসিক চাপ ল’ব নালাগে

ব্যস্ত জীৱন বা আন কাৰণত মানসিক চাপ বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক ৷ মানসিক চাপ পৰিচালনা কৰিবলৈ দৈনিক ধ্যান, যোগাসন আৰু শ্বাস-প্ৰশ্বাসৰ ব্যায়াম কৰক ৷ অত্যধিক মানসিক চাপে আমাৰ বিপাকীয় ক্ৰিয়া দুৰ্বল কৰি তোলে ৷

৫/ টোপনি সম্পূৰ্ণ কৰক

আপুনি জানেনে যে ৭ৰ পৰা ৮ ঘণ্টা টোপনিৰ ফলত থাইৰয়ড গ্ৰন্থিয়ে হৰম’ন নিৰ্গত আৰু নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ ৰাতিৰ টোপনি সম্পূৰ্ণ কৰিলে পিছদিনা সতেজ অনুভৱ হয় ৷

থাইৰয়ড পৰিচালনা কৰিবলৈ এই ৰুটিন মানি চলিব পাৰে ৷ কিন্তু যদি ইয়াৰ মাত্ৰা বৃদ্ধি পায় তেন্তে নিশ্চিতভাৱে চিকিৎসক বা বিশেষজ্ঞৰ পৰামৰ্শ লওক ৷ আপোনাৰ ইচ্ছামতে গ্ৰহণ কৰা চিকিৎসা পদ্ধতিয়ে উপকাৰৰ পৰিৱৰ্তে আপোনাৰ স্বাস্থ্যৰ ক্ষতিহে কৰিব পাৰে ৷

লগতে পঢ়ক: Benefits of drinking turmeric juice: বহু ৰোগৰ ঔষধ হালধিৰ ৰস, প্ৰতিদিনে ইয়াক গ্ৰহণ কৰাৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.