বাৰিষা কালত আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ বাবে মেকআপ(makeup) বৈ যাবলৈ আৰম্ভ কৰে । তেনেস্থলত আপোনাৰ মেকআপ দীৰ্ঘস্থায়ী আৰু সতেজ কৰি ৰখাটো খুবেই প্ৰয়োজনীয় হৈ পৰে । এই ধৰণৰ মেকআপে আপোনাৰ লুক সম্পূৰ্ণৰূপে নষ্ট কৰিব পাৰে(follow these tips to get long lasting and flawless makeup ) । লগতে, এনেকুৱা হোৱাৰ ফলত আপোনাৰ আত্মবিশ্বাসৰ মাত্ৰা কম হ’ব পাৰে । অৱশ্যে কিছুমান টিপছ গ্ৰহণ কৰি আপুনি আপোনাৰ মেকআপ দীৰ্ঘস্থায়ী কৰি তুলিব পাৰে । ইয়াত কিছুমান টিপছ দিয়া হ’ল-
মেকআপ কেনেকৈ দীৰ্ঘস্থায়ী কৰিব পাৰি
স্ক্ৰাবিং(Scrubbing): ত্ৰুটিহীন মেকআপৰ বাবে ছালখন সঠিক হোৱাটো অতি প্ৰয়োজনীয় । এনে অৱস্থাত মেকআপ কৰাৰ পূৰ্বে ছালখন ভালদৰে এক্সফ’লিয়েট কৰি ল’ব লাগে । ইয়াৰ বাবে কফি ব্যৱহাৰ কৰক বা বেচনো ব্যৱহাৰ কৰিব পাৰে ।
ছেটিং পাউডাৰ(Setting Powder): মেকআপ দীৰ্ঘস্থায়ী হ’বলৈ হ’লে ইয়াক সঠিকভাৱে ছেট কৰাটো প্ৰয়োজনীয় । মেকআপ সম্পূৰ্ণ হোৱাৰ পিছত ছেটিং পাউদাৰ ব্যৱহাৰ কৰিব লাগে ।
বৰফ প্ৰয়োগ কৰক(Ice): বৰফ লগালে আপোনাৰ মেকআপ বহু সময়লৈ টিকি থাকে । ইয়াৰ বাবে মুখখন পৰিষ্কাৰ কৰি তাৰ পিছত কপাহী কাপোৰেৰে বৰফ মেৰিয়াই মুখত লগাব লাগে । লাগিলে ঠাণ্ডা পানী আৰু বৰফৰ সৈতে এটা বাটিত দি মুখত লগাওক ।
লেয়াৰ এৰক(Avoid layers): যদি আপুনি মেকআপক ত্ৰুটিহীন কৰি তুলিব বিচাৰে তেন্তে এটা লেয়াৰত প্ৰয়োগ কৰক । এনে কৰিলে মেকআপটো বেছি ডাঠ নহয় আৰু একে সময়তে ই বহুসময়লৈকে টিকি থাকিব ।
লগতে পঢ়ক: দৈনিক সাধাৰণ কেইটামান সদ অভ্যাসৰ জৰিয়তে সুস্থ হৈ থাকক আজীৱন