এটা পৰিয়ালৰ ঘৰখনেই সুখ-শান্তিৰ আলয় । এই ঘৰখনৰ সমুখত বা চৌহদত এখন ফুলৰ বাগিচা তৈয়াৰ কৰিব পৰি । আপোনাৰ বাগিচাখনত কিদৰে সুস্বাস্থ্য আৰু আনন্দপূৰ্ণ কৰি তুলিব পাৰি তাৰ বিষয়ে আলোচনা কৰা হৈছে(Flower gardens for a happy life) ।
![Flower gardens for a happy life](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16791345_bafs.jpg)
যিসকল লোকৰ নিজাববীয়াকৈ এখন বাগিচা কৰিব পৰাকৈ ঘৰ-মাটি আছে সেইসকলে সুন্দৰভাৱে সু-স্ংহতভাৱে এখন বাগিচা গঢ়ি তুলিব পাৰে । পূৰ্বৰ তুলনাত আজিকালি প্ৰায়বোৰ ঘৰৰ সমুখত ঠাইৰ অভাৱ । সেয়ে পদুলিৰ সমুকতে হওক বা ঘৰৰ ছাদতে হওক একোখন ফুলনি বাগিচা কৰাটো অতি প্ৰয়োজন । ঋতু অনুসৰি বিভিন্ন ধৰণৰ ফুল আছে ।
জাৰকালিৰ ফুল(Winter flowers)
নাৰ্জি, জিনিয়া, ডালিয়া, ক্ৰিচেনথিয়াম, গোলাপ, প’পী ছুইট পি আদি ফুল লগোৱাৰ উপৰিও মাধৈ-মালতী, অপৰাজিতা আদি ফুল লগাব লাগে । এই ফুলবোৰ যেতিয়া ফুলিব দেখিবলৈ অতি ধুনীয়া হয় ।
![Flower gardens for a happy life](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16791345_bef.jpg)
জহকালিৰ ফুল(Autumn flowers)
ঋতুভেদে প্ৰকৃতিয়ে নৱ ৰুপ সজি-কাচি সাৰ পাই উঠে । গ্ৰীস্ম ঋতু বা জহকালিৰ ফুলবোৰৰ ভিতৰত হ’ল লিলি, ফৰগেচ নট, কছমছ, পপি এনথুৰিয়াম, জাৰবেৰিয়া, ডেইজী, এছিয়াটিক লিলি, অৰ্কিডকে ধৰি বিভিন্ন ফুল ।
নিসংগৰ লগৰী ফুলৰ বাগিচা
![Flower gardens for a happy life](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16791345_dbhd.jpg)
মানুহ শেষ বয়সত নি:সংগ হৈ পৰে, বিশেষকৈ স্বামী বা স্ত্ৰীৰ মৃত্যুৰ পিছত, অৱসৰ গ্ৰহণৰ পিছত অকলশৰীয়া হৈও পৰে । কিছুমানে কিতাপ পঢ়ি লিখা-মেলা কৰি, কিছুমানে খেল-ধেমালি কৰি, কিছুমানে শাক-পাচলি আৰু ফুলনি বাগিচা পাতি কৰ্মব্যস্ত হৈ থাকিব বিচাৰে । ইয়াৰ বাবে লাগিব সদিচ্ছা আৰু মানসিক প্ৰস্তুতি । ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অৱসাদ, দুশ্চিন্তা, হতাশা, অৱসাদ দূৰ কৰি ঘৰখন তথা ঘৰৰ চৌদহত এখন ফুলনি সজাওক । তেতিয়া ঘৰখনত প্ৰৱেশ কৰিলে মানসিক শান্তিৰে মনটো ভৰি পৰিব ।
![Flower gardens for a happy life](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16791345_hgfdsb.jpg)
দিনটোৰ চিন্তা-ভাৱনা সকলো ঘৰখনৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে । ঘৰৰ বাৰাণ্ডাতে হওক ফুলনিত ফুলগছজোপা দেখিলে মনটি সজীৱ হৈ পৰিব । ফুলনিখন তদাৰক কৰোতে সময়বোৰ সুন্দৰকৈ অতিবাহিত হ’ব । মনটো প্ৰশান্তিৰে ভৰি পৰিব ।
ফুলনি বাগিচাৰ লগত স্বাস্থ্যৰ সম্পৰ্ক: ফুলনি বাগিচাখনে আমাৰ মনত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তথা আমাৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানো আহক...
![Flower gardens for a happy life](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16791345_g.jpg)
- ফুলৰ গছবোৰ ডাঙৰ হৈ তাত যেতিয়া নানা ৰঙৰ ফুল ফুলিব, তেতিয়া মনটো সৃষ্টিৰ আনন্দত ভৰি পৰিব ।
- উদ্ভিদেও মানুহৰ স্পৰ্শ ভাল পায় । কিয়নো উদ্ভিদ অতি স্ংবেদনশীল আৰু স্পৰ্শকাতৰ ।
- উদ্ভিদেও মানুহৰে দৰে সুখ-দুখ অনুভৱ কৰিব পাৰে । মানুহৰ স্ংস্পৰ্শ পালেহে ফুল ফুলে, গছ-গছনিত ফল-ফুল লাগে ।
- এজোপা গছক যদি আপুনি লালন-পালন কৰে সি সদায় আপোনাৰ পৰশ পোৱাৰ বাবে অপেক্ষা কৰি থাকে ।
- ফুলৰ গুড়িত সাৰ-পানী দি লালন-পালন কৰিলে মনলৈ প্ৰশান্তি আহে ।
- গ্ৰীক দাৰ্শনিক এৰিষ্টটলে কৈছিল যে, উদ্ভিদৰো আত্মা আছে, কিন্তু ইন্দ্ৰিয়ানুভুতি নাই । ইপিনে কাৰ্ল ভনে কৈছিল যে, উদ্ভিদ আৰু মানুহৰ পাৰ্থক্য মাথোঁ মানুহৰ দৰে উদ্ভিদে এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব নোৱাৰে ।
- ৰাতিপুৱা শুই উঠি যেতিয়া সমুখৰ বাগিচাত এটা ৰঙা গোলাপ বা অশোক ফুল এজোপাত ৰঙা ফুলে জকমকাই থাকিব, মনটো ভাল লাগি যায় । মনৰ ক্লান্তি অৱসাদ দূৰ হয় ।
- বাগিচাখনত যেতিয়া সাৰ-পানী দি থাকিব, ফুলবোৰ ফুলি উঠিব । মনৰ দুশ্চিন্তা, অৱসাদ নোহোৱা হ’ব, এটা ভাল আশাবাদী মনৰ সৃষ্টি হ’ব ।
- ফুলৰ বাগিচা তদাৰক কৰা লোকৰ মনলৈ ইতিবাচক চিন্তা আহে ।
- ফুলৰ ডাল-পাত কাটি দিয়া, বন-জাবৰ খুঁচৰি পৰিস্কাৰ কৰি থাকিলে মানুহৰ কঁকালৰ বিষ, আঁঠুৰ বিষ আদিৰ পৰা হাত সাৰি থাকিব পাৰি । ইও এক সুন্দৰ ব্যায়াম হয় ।
- এবাৰ উঠি এবাৰ বহি ফুলৰ গুৰিৰ মাটি খুঁচৰি দিয়াটোও এটা ব্যায়ামৰ লেখীয়া হয় ।
- এনেদৰে ফুলৰ বাগিচাত কাম কৰিলে হাত-ভৰিৰ জঠৰতা নোহোৱা হ’ব আৰু কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি হ’ব ।
- নিজে ফুলৰ পুলিটো ৰুই ডাঙৰ দীঘল কৰাৰ পিছত যেতিয়া জকমকাই ফুলবোৰ ফুলি উঠিব মনটো সুখ আৰু আমোদেৰে ভৰি পৰে ।
- এজোপা গছ ৰোৱা, ডাঙৰ-দীঘল কৰাটো এটি শিশুক ডাঙৰ-দীঘল কৰা বা যত্ন লোৱা একে কথা ।
- গছ ৰোৱা, গছক প্ৰতিপালন কৰা কাৰ্যই মনত অনাবিল আনন্দ দিব পাৰে ।
- ফুলৰ বাগিচা এখনে আপোনাৰ নি:সংগ জীৱনৰ সুন্দৰ লগৰী হ’ব পাৰে ।
- ফুলনি পাতক, গছ ৰোৱক, তাক আদৰ কৰক, ডাঙৰ-দীঘল কৰক, পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ হ’ব । সেউজ পৰিৱেশৰ সৃষ্টি হ’ব । আপোনাৰ ঘৰৰ পদুলিত নিমগছ এজোপা, শেৱালী ফুল আৰু ক’লা তুলসী থাকিলে সেই ঘৰ মানুহৰ কেতিয়াও বসন্ত ৰোগ নহয় বুলি কোৱা হয় ।আমাৰ স্বাস্থ্যৰ বাবে এখন ফুলনি বাগিচাৰ ভূমিকা কি জানো আহক
- এই গছকেইজোপাই ১০০ ফুটৰ পৰা বায়ু প্ৰদূষণ ৰোধ কৰি নিৰ্মল বায়ু প্ৰদান কৰি মানুহক সুস্বাস্থ্যৰ গৰাকী কৰি তুলিব পাৰে ।
- ফুলৰ বাগিচাখনে মানুহক জীয়াই থকাৰ প্ৰেৰণা আৰু উৎসাহ দিব পাৰে । ইয়াকো এক আত্মসন্তুষ্টিৰ আধাৰ কৰি লওক ।
- ফুলগছ বা আন যিবোৰ গছ-গছনি ৰুই বা ব্যৱহাৰ কৰি আপুনি ফুলনি বাগিচাখন দেখাত ধুনীয়া কৰাৰ লগতে ঘৰৰ চাৰিওকাষৰ পৰিৱেশটো সুন্দৰ কৰি তুলিব পাৰে ।
- সমাজত এষাৰ কথা আছে- নঙলামুখত থিয় হৈয়ে মানুহঘৰৰ মানুহৰ মনোভাৱ, সৌন্দৰ্যশীলতাৰ কথা ক’ব পাৰি ।
- সেউজীয়া পাত থকা, ৰঙা ফুল ফুলা গছ-গছনি, বাঁহগছৰ ব্যৱহৰ কৰি ঘৰটোৰ স্বৰ্গীয় সুখ-সমৃদ্ধি আৰু আনন্দ অটুট ৰাখিব পৰা যায় ।
- ওখ ওখ গছবোৰ ঘৰৰ পিচফালে থকা উচিত।এনে গছে ঘৰখনক সেউজীয়া পাহাৰৰ দৰে সহায় কৰিব পাৰে । নিৰ্মল বায়ু আৰু সুন্দৰ পৰিৱেশ সৃষ্টি হ’ব ।
- সুন্দৰ পৰিৱেশে এটা আনন্দপূৰ্ণ জীৱনৰ আধাৰ স্বৰুপ হ’ব পাৰে ।
- গতিকে আহক, আমি প্ৰতিজন লোকে ঘৰৰ বাগিচাই হওক, টাবতে হওক, ছাদৰ ওপৰতে হওক এখন সুন্দৰ ফুলৰ বাগিচা তৈয়াৰ কৰি সুস্বাস্থ্য আৰু সুখী জীৱনৰ বাবে সাধনা কৰো ।
লগতে পঢ়ক: Pocket-friendly Date: এইদৰে আপোনাৰ প্ৰথম ডেট পকেট ফ্ৰেণ্ডলী কৰি তুলিব পাৰে!