ETV Bharat / sukhibhava

সু-স্বাস্থ্য আৰু সুন্দৰ মনৰ বাবে 5 টা টিপছ - Environment and routine management

এটি স্বাস্থ্যৱান শৰীৰ আৰু মনৰ অধিকাৰী হ’বলৈ চেষ্টা অব্যাহত ৰাখিছে নেকি ? তেন্তে আপোনাৰ বাবে লৈ আহিছো পাঁচটা পৰামৰ্শ, যিয়ে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব ।

Five tips for a healthy body and mind
সু-স্বাস্থ্য আৰু সুন্দৰ মনৰ বাবে 5 টা টিপছ
author img

By

Published : May 10, 2022, 1:43 PM IST

"আমি প্ৰথম কথাটো চিনি উলিয়াই লোৱাটো দৰকাৰ যে, আমাৰ শৰীৰৰ প্ৰতিটো প্ৰণালী আন্তঃসংযোগযুক্ত । সেয়েহে আমাৰ শাৰীৰিক স্বাস্থ্যই আমাৰ মানসিক স্বাস্থ্যকো প্ৰভাৱিত কৰে ৷ আনহাতে মানসিক স্বাস্থ্যই আমাৰ শৰীৰক প্ৰভাৱিত কৰে ৷ আৰু দুয়োটাই একেলগে কাম কৰে ৷ যাৰ বাবে কিছু নিয়ম মানি চলিলে আমি শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখিব পাৰো"- এই মন্তব্য স্বাস্থ্য আৰু ফিটনেছ বিশেষজ্ঞ তথা নিউট্ৰিছ’নিষ্ট যশবৰ্ধন স্বামীৰ ।

খাদ্যত সঠিক পুষ্টি থকাটো নিশ্চিত কৰা (Ensuring that nutrition is on point):

আমি নিশ্চিত হ’ব লাগিব যে, আমি আমাৰ শৰীৰক সঠিক পুষ্টি প্ৰদান কৰিছো ৷ ইয়াৰ অৰ্থ এইটো নহয় যে, আমি সকলো সময়তে চালাড খোৱা উচিত ৷ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন, কাৰ্ব’ হাইড্ৰেট, চৰ্বীৰ পৰা ভিটামিন আৰু খনিজ পদাৰ্থৰ পৰা প্ৰয়োজনীয় সকলো পুষ্টি আমি আহৰণ কৰো ৷ আমাৰ শাৰিৰীক গঠনৰ সৈতে সংগতি ৰাখি শৰীৰে কেলৰি গ্ৰহণ কৰাটো বাঞ্ছনীয় ৷ আমি এইটোও মনত ৰাখিব লাগিব যে, আমাৰ শৰীৰটো 50-60 শতাংশ পানীৰে পৰিপূৰ্ণ ৷ স্বাস্থ্য সুস্থিৰে ৰখাৰ ক্ষেত্ৰত নাইবা মস্তিষ্কৰ কাৰ্য সম্পাদন কৰিবলৈও আমাক পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন ।

ব্যায়াম আৰু দৈনন্দিন ক্ৰিয়া (Exercising and activity) :

আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে কমেও 3-5 বাৰকৈ সপ্তাহত ব্যায়াম কৰাটো আৱশ্যক । শৰীৰৰ বাবে প্ৰয়োজনীয় যিকোনো ধৰণৰ ব্যায়ামে আপুনি কৰিব পাৰে ৷ দৈনিক খোজকঢ়াৰ অভ্যাস গঢ়ি তোলক ৷

টোপনি (Sleep) :

প্ৰতি নিশা প্ৰায় 7.5 ঘণ্টা শোৱাৰ অভ্যাস গঢ়ি তোলক ৷ ইয়ে চৰ্বি হ্ৰাস কৰাৰ লগতে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ পৰ্যাপ্ত পৰিমাণে টোপনি মৰাটোৱে আমাৰ কাৰ্যদক্ষতা বৃদ্ধি কৰে ৷

চাপ নিয়ন্ত্ৰণ (Stress management and mindfulness):

চাপ নিয়ন্ত্ৰণ কৰাতো খাদ্য গ্ৰহণৰ সমানে গুৰুত্বপূৰ্ণ ৷ যদিহে আমাৰ ওপৰত পৰা চাপ সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰো, তেন্তে ইয়ে আমাক উন্নত জীৱনশৈলী প্ৰদৰ্শন কৰাত সহায় কৰিব পাৰে ৷ মনত ৰাখিব, আমাৰ চিন্তাধাৰাই আমাৰ জীৱনৰ মানদণ্ড নিৰ্ধাৰণ কৰে । সেয়েহে যিমান পাৰি আমি চাপমুক্ত হৈ থকা উচিত । নিয়মীয়াকৈ ধ্যান কৰিলে বহু পৰিমাণে চাপৰ পৰা আঁতৰত থাকিব পাৰি ৷

পৰিৱেশ আৰু দৈনন্দিন তালিকা (Environment and routine management) :

পৰিৱেশ ব্যৱস্থাপনাত আমাৰ পৰিৱেশৰ সকলোবোৰ অন্তৰ্ভুক্ত থাকে ৷ পাকঘৰৰ খাদ্যৰ পৰা আৰম্ভ কৰি আমি সামাজিক মাধ্যমত অনুসৰণ কৰা লোকসকললৈ আমাৰ অভ্যাসৰ অন্তৰ্ভূক্ত ৷ কিন্তু সামাজিক মাধ্যমত সময় অতিবাহিত কৰাৰ সলনি নিজৰ বাবে সময় বাহিৰ কৰক ৷ বিশেষকৈ শোৱা আৰু খোৱাৰ ক্ষেত্ৰত দৈনন্দিন নিৰ্দিষ্ট তালিকা থকা উচিত ৷

লগতে চাওক: সামাজিক মাধ্যমৰ পৰা এসপ্তাহ বিৰত থাকক: উন্নত হ’ব মানসিক অৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.