ETV Bharat / sukhibhava

Hrithik Roshan: হৃতিক ৰোশনৰ শৰীৰৰ এই ৰূপান্তৰ দেখি অনুৰাগী হৈ পৰিল আচৰিত! - হৃতিক ৰোশন ৰূপান্তৰ

হৃতিক ৰোশনৰ শৰীৰৰ ৰূপান্তৰকৰণ আৰু নিজৰ নৃত্যৰ বাবে সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে কেইখনমান ফটো শ্বেয়াৰ কৰে য’ত তেওঁ নিজৰ শৰীৰটো এনেদৰে সলনি কৰিছে যে তেওঁৰ অনুৰাগীসকলো আচৰিত হৈ পৰিছে । সবিশেষ পঢ়ক....

Fans were surprised to see Hrithik Roshan's body transformation, know how the actor made abs in 5 weeks
হৃতিক ৰোশনৰ শৰীৰৰ এই ট্ৰান্সফৰ্মেচন দেখি অনুৰাগী হৈ পৰিল আচৰিত!
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 1:45 PM IST

হৃতিক ৰোশনৰ শৰীৰৰ ৰূপান্তৰকৰণ আৰু নিজৰ নৃত্যৰ বাবে সদায় বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । এতিয়া তেওঁ নিজৰ শৰীৰটো এনেদৰে সলনি কৰি পেলাইছে যে তেওঁৰ অনুৰাগীসকলো আচৰিত হৈ পৰিছে ৷

মাত্ৰ পাঁচ সপ্তাহতে নিজৰ ওজন হ্ৰাস কৰি এক আচৰিত ৰূপান্তৰকৰণ কৰিছে অভিনেতা হৃতিক ৰোশনে ৷ মঙলবাৰে অভিনেতাগৰাকীয়ে তেওঁৰ পূৰ্বৰ আৰু বৰ্তমানৰ দুখন ফটো ছ’চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰে ৷ জিমত পোজ দি অভিনেতাগৰাকীয়ে মিৰ’ৰ চেলফিত নিজৰ সুস্থ শৰীৰটো প্ৰদৰ্শন কৰে আৰু তাৰ পিছত ৰূপান্তৰকৰণৰ পিছৰ ফটোত নিজৰ টোন মাংসপেশীবোৰ প্ৰদৰ্শন কৰে ৷

ফটোখন শ্বেয়াৰ কৰাৰ সময়ত হৃতিক ৰোশনে লিখিছে যে, "ছুটীৰ শ্বুটৰ পিছত মিছন সম্পূৰ্ণ হ’ল ৷ ধন্যবাদ আঁঠু, পিঠি, গোৰোহা, কান্ধ, মেৰুদণ্ড আৰু মন ৷ আপোনালোকে এটি ভাল যুঁজ পচন্দ কৰে ৷ মই তোমালোক সকলোকে ভাল পাওঁ ৷ এতিয়া জিৰণি লোৱা, সুস্থ হোৱাৰ আৰু উচিত ভাৰসাম্য বিচাৰি উলিওৱাৰ সময় ৷" লগতে ফিটনেছ এই যাত্ৰাৰ সময়ত প্ৰেয়সী ছাবা আজাদক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে হৃতিক ৰোশনে ৷

হৃতিকে নিজৰ ফিটনেছ যাত্ৰাৰ বিষয়ে শ্বেয়াৰ কৰিলে

হৃতিক ৰোশনে এই ৰূপান্তৰকৰণৰ যাত্ৰাৰ আটাইতকৈ কঠিন, সহজ আৰু শ্ৰেষ্ঠ অংশবোৰৰ বিষয়ে শ্বেয়াৰ কৰি লিখিছে যে, "আটাইতকৈ কঠিন অংশটো আছিল আন গুৰুত্বপূৰ্ণ কথা, আপোনজনক, বন্ধু-বান্ধৱী, সামাজিক অনুষ্ঠান, স্কুলৰ পিটিএম আৰু তাতোকৈও অধিক কামক না কোৱা ৷"

দ্বিতীয় আটাইতকৈ কঠিন অংশ– "নিশা ৯ বজাৰ ভিতৰত শুবলৈ যোৱা ৷ তদুপৰি আটাইতকৈ সহজ অংশটো– চিন্তা আৰু কামত একেধৰণৰ সংগী থকা ৷ ধন্যবাদ চাবা ৷ আটাইতকৈ ভাল কথাটো হ’ল– ক্ৰীছ গেথিনৰ দৰে গুৰু থকা, যাক চকুমুদি অনুসৰণ কৰিব পাৰি ৷ সেই শিক্ষাৰ বাবে ধন্যবাদ গেথিন ৷ মোৰ দলটোলৈ ধন্যবাদ; এওঁলোকক মোৰ লগত পাই ধন্য হৈছো ৷"

লগতে পঢ়ক: Hrithik Roshan in Metro: মেট্ৰ’ৰে কৰ্মস্থলীলৈ গ’ল হৃতিক ৰোশন, নিজৰ প্ৰিয় তাৰকাক ওচৰত পাই উৎফুল্লিত অনুৰাগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.