ETV Bharat / sukhibhava

2022 ৰ নতুন ট্ৰেণ্ড skinmalism ৰ বিষয়ে শুনিছেনে ? - skinmalism

নিৰন্তৰ পৰিৱৰ্তনশীল বতৰ, প্ৰদূষণ আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ মাজত আপোনাৰ ছালৰ যত্ন লোৱাটো প্ৰত্যাহ্বানজনক হ'ব পাৰে । বিশেষজ্ঞসকলে এতিয়া ছালৰ যত্নৰ বাবে কাৰ্যকৰী হোৱা কম প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিছে অৰ্থাৎ skinmalism ৰ কথা কৈছে ৷ Skinmalism ৰ বিষয়ে আপুনি জানিব লগীয়া কিছু কথা (What is skinmalism)-

skinmalism
2022 ৰ নতুন ট্ৰেণ্ড skinmalism
author img

By

Published : May 13, 2022, 6:08 PM IST

বিউটি মাৰ্কেটখন বৰ্তমান নানা ধৰণৰ চিৰাম, সুগন্ধি আৰু লোচনেৰে ভৰি পৰিছে যিয়ে আমাক কিনাৰ সময়ত বিভ্ৰান্ত কৰাতো স্বাভাৱিক । মাত্ৰাধিক স্কিন কেয়াৰ সামগ্ৰীৰ ব্যৱহাৰে আপোনাৰ পকেট ছিদ্ৰ কৰাৰ লগতে পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱো পেলায় । ইয়াৰ প্ৰতি লক্ষ্য ৰাখি 2022 ত এক পৰিৱৰ্তনৰ আহ্বান জনোৱা হৈছে - নতুন আৰু স্থায়ী সৌন্দৰ্যৰ এই আন্দোলনক নমস্কাৰ জনাওক - 'skinmalism' । আপোনাৰ সময়, ধন আৰু আনকি স্থান ৰাহি কৰিব পৰা মাল্টিটাস্কিং সামগ্ৰীৰ ফালে আগবাঢ়ি যোৱাৰ সময় এইয়া (What is skinmalism) ৷ চেলিব্ৰিটী ডাৰ্মাট’লজিষ্ট আৰু পৰিচালক অপ্ৰতিম গোৱেলে skinmalismৰ বিষয়ত কিছু নিৰ্দেশনা জাৰি কৰিছে:

লেবেলটো পঢ়ক(Read the labels)

ইনষ্টাগ্ৰামৰ প্ৰৱণতা অন্ধভাৱে অনুসৰণ নকৰিব আৰু বিজ্ঞাপনৰ দ্বাৰা প্ৰভাৱিত নহ'ব । সামগ্ৰী এটা ক্ৰয় কৰাৰ আগতে আপোনাৰ ছালক সঁচাকৈয়ে ইয়াৰ প্ৰয়োজন আছে নে নাই জানিবলৈ লেবেলটো সম্পূৰ্ণকৈ পঢ়ক । কেৱল প্ৰচাৰ হৈ থকাৰ বাবেই 'এচিড-ৰেটিনল'(acid-retinol) ওপৰত জঁপিয়াই নপৰিব । আপোনাৰ মুখত ৰাসায়নিক পদাৰ্থ প্ৰয়োগ কৰাৰ আগতে আপোনাৰ চৰ্মৰোগ বিশেষজ্ঞৰ লগত কথা পাতক । AHA আৰু BHA সকলোৰে বাবে নহয় ।

অলপেই যথেষ্ট(Less is more)

আপোনাক 10 টা বিভিন্ন ক্লিনজাৰ বা ময়েশ্চাৰাইজাৰৰ প্ৰয়োজন নাই । আপোনাৰ ছালৰ প্ৰকাৰ জানি তাত কিহে কাম কৰে চাওঁক আৰু সেইয়াই ব্যৱহাৰ কৰি থাকক । যদি আপোনাৰ ছাল শুকান, soap-free ক্লিনজাৰ এটা বাছনি কৰক, তেলেতীয়া ছালৰ বাবে জেল ক্লিনজাৰ হৈছে সৰ্বশ্ৰেষ্ঠ । অতি বেছি সামগ্ৰী ব্যৱহাৰ কৰিলে কেতিয়াবা আপোনাৰ ছাল অধিক সংবেদনশীল আৰু শুষ্ক হৈ পৰিব পাৰে । যদি আপোনাৰ ছাল ইতিমধ্যে শুকান তেন্তে ভিটামিন ই সমৃদ্ধ মৃদু ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক যিয়ে আপোনাৰ ছাল শান্ত আৰু সুৰক্ষিত ৰখাত সহায় কৰে ।

মুখৰ যোগাভ্যাস আৰু মালিচ(Face yoga and massage)

10 টা ষ্টেপযুক্ত ৰুটিনত সময় অপচয় কৰাৰ সলনি দ্ৰুত পিক-মি-আপৰ বাবে আপোনাৰ প্ৰিয় ফেচ অইল প্ৰয়োগ কৰক আৰু মৃদুভাৱে বৃত্তাকাৰ আৰু ওপৰলৈ গতি কৰি মালিচ কৰক । আপুনি জেড ৰোলাৰ বা গুছাৰ (jade roller, guasha) দৰে সঁজুলিও ব্যৱহাৰ কৰিব পাৰে ( What are the benefits of skinmalism) । মুখৰ মালিচে ছালৰ সামগ্ৰিক অবয়ব উন্নত কৰে আৰু বিষাক্ত পদাৰ্থ উলিয়াই ফুলি থকা কমাই আৰু acne হ্ৰাস কৰে । 5-10 মিনিটৰ বাবে মুখৰ যোগাভ্যাস কৰাটো হৈছে ছালৰ স্বাস্থ্য বজাই ৰখাৰ আন এক উপায়, ই বয়স বৃদ্ধিৰ লক্ষণ হ্ৰাস কৰাত সহায় কৰে আৰু ফাইন লাইনছৰ কাৰক পেশীৰ চাপ হ্ৰাস কৰে ।

বহু কাম একেলগে কৰা সামগ্ৰী আদৰি লওক(Say hello to multi-taskers)

বিভিন্ন চিৰাম আৰু ময়েশ্চাৰাইজাৰ সংমিশ্ৰণ কৰি তৈয়াৰ কৰা আপোনাৰ নিজৰ ককটেলটোৰ নানা ভাল-বেয়া থাকিব পাৰে । কিন্তু আপোনাৰ সকলো চিন্তা সমাধান কৰিবলৈ এটা go-to ফৰ্মুলা থকাটোও ভাল । মাল্টি-টাস্কাৰ বোৰ হৈছে এনে সামগ্ৰী যি একেলগে অন্যান্য সমস্যাও সমাধান কৰে, আমাৰ জীৱনত প্ৰসাধন সামগ্ৰীৰ সংখ্যা হ্ৰাস কৰে আৰু সৰলীকৃত ৰুটিনৰ সৈতে সময় ৰাহি কৰে । বজাৰত এনে বহুতো সামগ্ৰী উপলব্ধ আছে যিয়ে পুষ্টিকৰ তেল হিচাপে মূৰৰ ছালক শান্ত কৰিব পাৰে, লগতে চকুৰ চাৰিওফালৰ সংবেদনশীল ছালক হাইড্ৰেট কৰিবলৈ চিৰাম হিচাপেও কাম কৰে । দৰাচলতে, পাতল তেলবোৰ প্ৰি-মেকআপ টোনাৰ আৰু পোষ্ট-মেকআপ ক্লিনজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।

এনে এক সামগ্ৰী হৈছে বায়’-অইল । দৈনিক ছালক আৰ্দ্ৰ আৰু হাইড্ৰেট কৰিবলৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি । পাতল তেলে ছিদ্ৰবোৰ বন্ধ নকৰে বা ছালত গধুৰতা অনুভৱ নকৰাই । ইয়াত ভিটামিন এ আৰু ই আৰু লগতে এণ্টিঅক্সিডেণ্ট আৰু অত্যাৱশ্যকীয় তেল থাকে যাতে শালমইনাৰ দাগ আৰু ত্ৰুটি আঁতৰ কৰে, অসমান ছালস্তৰ উন্নত হয় আৰু বয়স বৃদ্ধিৰ চাপো পৰিবলৈ নিদিয়ে । ই শৰীৰতো সিমানেই কাম কৰে যিমান মুখত আৰু নখৰ কিউটিকলৰ বাবে কৰে ৷

লগতে পঢ়ক: Sun tan আঁতৰোৱাৰ পাঁচটা ঘৰুৱা প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.