ETV Bharat / sukhibhava

Saffron Milk Benefits: দৈনিক কেশৰযুক্ত গাখীৰ খাওক, স্বাস্থ্যৰ বাবে এই ৫টা উপকাৰিতা পাওক

author img

By

Published : Jan 30, 2023, 1:14 PM IST

বিভিন্ন উপকাৰিতাৰে সমৃদ্ধ কেশৰযুক্ত গাখীৰ ৷ স্বাস্থ্যৰ বাবেও অতি উপকাৰী কেশৰ গাখীৰ । শীতকালত কেশৰ গাখীৰ খোৱাৰ উপকাৰিতা জানি লওক...

Drink saffron milk daily in winter you will get these 5 tremendous benefits for your health
দৈনিক কেশৰযুক্ত গাখীৰ খাওক, স্বাস্থ্যৰ বাবে এই ৫টা উপকাৰিতা পাওক

কেশৰ হৈছে খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰা এবিধ মছলা । কেশৰক আয়ুৰ্বেদত ঔষধি গুণৰ সম্পদ বুলি কোৱা হয় । প্ৰ'টিন, ভিটামিন A, ফাইবাৰ, ভিটামিন-C, পটাছিয়াম, আইৰণ আৰু মেংগানিজ আদি বহুতো পুষ্টিকৰ উপাদান কেশৰত পোৱা যায় । ইয়াৰ উপৰিও ই এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণেৰে সমৃদ্ধ(Saffron Milk Benefits)।

শীতকালত প্ৰায়ে গাখীৰৰ লগত কেশৰ খোৱা হয়(Benefits of Kesar Doodh)। শীতকালত কেশৰ গাখীৰ খালে স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায় । কেশৰ গাখীৰ খালে শৰীৰত উষ্ণতা বাঢ়ে আৰু লগতে চৰ্দি আৰু কাহত যথেষ্ট উপশম পোৱা যায়(drinking saffron milk everyday benefits)। কেশৰত থকা এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদানে বহু ৰোগৰ পৰা ৰক্ষা কৰে । গতিকে আহকচোন, শীতকালত কেশৰ গাখীৰ খোৱাৰ উপকাৰিতা জানি লওক ।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা

শীতকালত কেশৰ গাখীৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । দৰাচলতে কেশৰত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট গুণ থাকে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে । শীতকালত দৈনিক কেশৰ গাখীৰ খালে চৰ্দি-কাহ আৰু ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ হয় ।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰা

উচ্চ ৰক্তচাপৰ সমস্যা শীতকালত যথেষ্ট বৃদ্ধি পায় । এনে পৰিস্থিতিত কেশৰ গাখীৰ খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে । আচলতে কেশৰ গাখীৰত পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ।

পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে

বহুতে শীতকালত পাচনতন্ত্ৰৰ সমস্যাত অসুবিধা পায় । কেশৰ গাখীৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে । ইয়াত ইউপেপ্টিক নামৰ এবিধ মৌল থাকে, যিয়ে পাচন শক্তি উন্নত কৰে । শীতকালত কেশৰ গাখীৰ খালে পেটৰ বিষ, গেছ আৰু কোষ্ঠকাঠিন্য আদি সমস্যা নিৰাময় হয় ।

হাড় শক্তিশালী কৰা

শীতকালত দৈনিক কেশৰ গাখীৰ খালে বাতবিষৰ সমস্যাৰ পৰা সকাহ পোৱা যায় । কেশৰ গাখীৰত প্ৰচুৰ পৰিমাণে প্ৰ'টিন আৰু কেলচিয়াম থাকে । ইয়াক সেৱন কৰিলে হাড়বোৰ মজবুত হয় আৰু গাঁঠিৰ বিষৰ পৰা সকাহ পায়(saffron milk benefits for bone) ।

মানসিক চাপ হ্ৰাস কৰে

শীতকালত কেশৰ গাখীৰ খালে মানসিক চাপৰ সমস্যা দূৰ হয়(saffron milk benefits for mental health) । কেশৰ গাখীৰ সেৱন কৰিলে শৰীৰত চেৰ’টনিন হৰম’ন উৎপন্ন হয়, যিয়ে মেজাজ উন্নত কৰাত সহায় কৰে । ইয়াৰ দ্বাৰা মানসিক চাপ আৰু হতাশাৰ সমস্যাত বহুত লাভ হ’ব পাৰে ।

শীতকালত কেশৰ গাখীৰ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী । দৈনিক সেৱন কৰিলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু বহু ৰোগ প্ৰতিৰোধ কৰে । কিন্তু কেশৰ সীমিত পৰিমাণতহে ব্যৱহাৰ কৰিব লাগে, অন্যথা স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে ।

লগতে পঢ়ক: Beetroot Tea Benefits: বীটৰ চাহত পাব এই 5 বিধ স্বাস্থ্য উপকাৰিতা, জানি লওক ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.