ETV Bharat / sukhibhava

Insomnia problems: নিদ্ৰাহীনতাত ভুগিছে নেকি আপুনি ? চিকিৎসক বেদান্ত ফুকনৰ পৰা জানক পৰিত্ৰাণৰ উপায়

author img

By

Published : Aug 3, 2023, 11:57 AM IST

Updated : Aug 3, 2023, 12:10 PM IST

স্মাৰ্টফোনৰ ব্যৱহাৰো হ'ব পাৰে টোপনি নহাৰ ঘাই সমস্যা । টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে স্মাৰ্টফোনৰ ব্যৱহাৰৰ সলনি কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক । টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় সন্দৰ্ভত জনালে চিকিৎসক বেদান্ত ফুকনে ।

Do you suffer from sleep problems? Learn how to get rid of sleep problems
অনিদ্ৰাৰ সমস্যাত ভুগিছে নেকি ? চিকিৎসকৰ জানক ইয়াৰ পৰিত্ৰাণৰ উপায়
চিকিৎসক বেদান্ত ফুকনৰ পৰা জানক অনিদ্ৰাৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায়

বৰ্তমানৰ সময়ছোৱাত বহুলোকৰ অনিদ্ৰাৰ সমস্যাত ভোগা দেখিবলৈ পোৱা যায় । চাবলৈ যোৱা যদি প্ৰতি তিনিজন ব্যক্তিৰ ভিতৰত এজনৰ টোপনি নহাৰ সমস্যা থাকে । জীৱনশৈলী আৰু অত্যধিক কৰ্মৰ বাবে এই সমস্যা দিনক দিনে বাঢ়ি গৈ আছে । এনে পৰিস্থিতিত ভাল টোপনি অহাৰ বাবেও আমি বহু ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় । কিন্তু স্মাৰ্টফোনৰ যুগত বহুলোকে টোপনি ক্ষেত্ৰত সঠিক গুৰুত্ব প্ৰদান কৰাটো দেখিবলৈ পোৱা নাযায় ৷ বিশেষকৈ নৱপ্ৰজন্মৰ বহু ল’ৰা-ছোৱালীয়ে স্মাৰ্টফোনত ব্যস্ত থকাৰ বাবে নিজৰ স্বাস্থ্যৰ প্ৰতি সঠিক গুৰুত্ব প্ৰদান কৰিব নোৱাৰে যাৰ ফলত অনিদ্ৰাৰ সমস্যাৰ হৈছে অন্যতম ৷

টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় জানো আহক

১) বৰ্তমান সময়চোৱা স্মাৰ্টফোন মানুহৰ জীৱনৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে । কিন্তু ৰাতি শোৱাৰ সময়ছোৱাত মোবাইল ফোন ব্যৱহাৰৰ কৰিব নালাগে কাৰণ স্ক্ৰীনৰ পোহৰে টোপনিৰ ওপৰত প্ৰভাৱ পেলায় ৷

২) আপোনাৰ যদি ৰাতি শোৱাৰ সময়ত টোপনি নাহে তেনে ব্যক্তিয়ে দিনত শুব নালাগে এনে কৰিলে আপোনাৰ শৰীৰে যথেষ্ট দুৰ্বল অনুভৱ কৰে ।

৩) অনিদ্ৰাৰ সমস্যা বা টোপনিৰ সমস্যা থকা লোকসকলে টোপনি নাহিলেও গা বেয়া লগা বা মোবাইল চাবলৈ আদি কামত যেতিয়াই তেতিয়াই বিচনাত শুই পৰিব নালাগে ।

৪) ৰাতি শোৱাৰ সময়তহে বিচনাখন ব্যৱহাৰৰ কৰিব লাগে ।

৫) নিশাৰ আহাৰ গ্ৰহণ কৰা লগে লগে বিচনালৈ যাব নালাগে এনে কৰিলে আপোনাৰ হজম শক্তিত ব্যাঘাত জন্মে ৷ নিশ্চিত কৰিব যে শোৱাৰ 3-4 ঘন্টা পূৰ্বে আপুনি আপোনাৰ আহাৰ গ্ৰহণ কৰে ৷

৬) নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছত কিতাপ বা বাতৰি কাকত পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে । কিন্তু যি কিতাপ পঢ়ি আপোনাৰ পঢ়াৰ আৰু আগ্ৰহ বাঢ়ে তেনে কিতাপ শোৱাৰ সময়ত পঢ়িব নালাগে ।

৭) টোপনিৰ সমস্যা থকা লোকসকলে এইটো কেতিয়াও মনত ভাবি ল’ব নালাগে যে ৰাতি টোপনি আহিব নে নাই ।

৮) মনৰ দুচিন্তা আঁতৰাই যোগাত্মক মনোভাবেৰে দিনটো পাৰ কৰাৰ চেষ্টা কৰিব লাগে ।

শ্লীপিং টেবলেট ব্যৱহাৰ কৰাটো কিমান উচিত

টোপনিৰ সমস্যাত ভোগালোক সকলৰ বহুতে টোপনি আহিবলৈ শ্লীপিং টেবলেট ব্যৱহাৰ কৰে । চিকিৎসকৰ মতে, পৰাপক্ষত শ্লীপিং টেবলেট ব্যৱহাৰ নকৰি নিজেই টোপনি অহাৰ চেষ্টা কৰিব লাগে । ভাল টোপনি আহিবলৈ শ্লীপিং টেবলেটৰ সলনি যোগাসন কৰিব পাৰে । যোগাসনেও টোপনিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত বহুপৰিমানে সহায় কৰে ।
লগতে পঢ়ক: National Heart Transplantation Day 2023: হাৰ্ট ট্ৰান্সপ্লাণ্ট কি ? ভাৰতত প্ৰথমে কেনেকৈ কৰা হৈছিল হাৰ্ট ট্ৰান্সপ্লাণ্ট

Last Updated : Aug 3, 2023, 12:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.