ETV Bharat / sukhibhava

Health Tips: আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক - ধঁপাত এৰাৰ উপায়

যদি আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, ধঁপাত গ্ৰহণ কৰা বন্ধ কৰক ৷ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি কিদৰে ধঁপাত, বিশেষকৈ ধঁপাতৰ আসক্তিৰ পৰা নিজকে বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

do-you-eat-tobacco-too-learn-the-home-remedies-to-get-rid-of-this-addiction
আপুনিও ধঁপাত গ্ৰহণ কৰে নেকি? তেন্তে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়সমূহ জানি লওক
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:45 PM IST

ধঁপাত ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ জীৱনটোক নিজেই বিপদত পেলায় ৷ এই কথাত হয়তো দ্বিমত কাৰো নাথাকিব ৷ নিয়মীয়াকৈ ধঁপাত সেৱন কৰা লোকসকলৰ ক্ষেত্ৰত ইৰেক্টাইল ডিচফাংশনৰ আশংকা বহুগুণে বৃদ্ধি হয় ৷ যিয়ে তেওঁলোকৰ পুৰুষত্বত গুৰুতৰ প্ৰভাৱ পেলায় ৷ ফলত জীৱনৰ মানদণ্ড অৱনতি হৈ পৰে ৷ সেয়েহে, যদি আপুনি আপোনাৰ স্বাস্থ্য ভালে ৰাখিব বিচাৰে, তেন্তে যিমান সোনকালে সম্ভৱ ধঁপাতজাতীয় সামগ্ৰী, ধঁপাত গ্ৰহণ কৰা বন্ধ কৰক ৷ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি আপুনি কিদৰে ধঁপাত, বিশেষকৈ ধঁপাতৰ আসক্তিৰ পৰা নিজকে বচাই ৰাখিব পাৰে, আজি সেই বিষয়ে জানো আহক-

১. যদি আপুনি ধঁপাতৰ প্ৰতি আসক্ত, তেন্তে আপুনি পান মছলা, মিচিৰিৰ সৈতে মিহলি কৰি চোৱাই খাব ৷ এনে কৰাৰ দ্বাৰা আপুনি অতি সোনকালেই লাভান্বিত হ'ব ৷

২. অলপ আজৱাইন নেমুৰ ৰস আৰু ক'লা নিমখত দুদিনৰ বাবে তিয়াই ৰাখিব ৷ পাছত সেইখিনি ভালকৈ শুকুৱাই ল’ব ৷ শুকুৱাৰ পাছত সেয়া আপুনি নিয়মীয়াকৈ খোৱা আৰম্ভ কৰিব ৷

৩. নেমুৰ ৰস আৰু নিমখৰ পানীত দুদিনৰ বাবে শিলিখা তিয়াই থৈ দিব ৷ইয়াৰ পাছত ভালদৰে শুকুৱাই ধঁপাতৰ বিকল্প হিচাপে গ্ৰহণ কৰিব ৷

৪. যদি আপোনাৰ অত্যাধিক ধঁপাত খাবলৈ মন যায়, তেন্তে আপুনি আজৱাইন বা ইলাচী লগে লগে খাব পৰাকৈ আপোনাৰ সৈতে ৰাখিব ৷

৫. যদি আপোনাৰ শীতকালত ধঁপাত খাবলৈ মন যায়, জেতুকাৰ গোন্ধ ল’ব ৷

৬. মনত ৰাখিব যে তৎক্ষণাৎ ধঁপাত খোৱাৰ অভ্যাস ত্যাগ নকৰিব, লাহে লাহেহে এই আসক্তি ত্যাগ কৰাৰ চেষ্টা কৰিব ৷

ধঁপাত খোৱাৰ ফলত হৃদৰোগ হয়

শেহতীয়া এক অধ্যয়ন মতে, ভাৰতীয় জনসংখ্যাৰ প্ৰতি পাঁচজনৰ ভিতৰত এজন ব্যক্তি ধঁপাত খোৱাৰ ফলত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷ সেয়েহে, যিসকলে ধঁপাত খোৱাসকল অৱগত হোৱা উচিত যে সোনকালেই তেওঁলোক হৃদৰোগত আক্ৰান্ত হ’ব ৷ বহুসময়ত দেখা গৈছে যে ধঁপাতৰ প্ৰতি আসক্ত একাংশ বন্ধুৱে তেওঁলোকৰ সঙ্গীকো ইয়াৰ প্ৰতি আসক্ত কৰি তোলে ৷সেয়েহে, যদি আপোনাৰ কোনো বন্ধুৱে ধঁপাত খাবলৈ প্ৰস্তাৱ দিয়ে, তেন্তে সেয়া স্পষ্টভাৱে অস্বীকাৰ কৰা কৰিব ৷

লগতে পঢ়ক: Hemoglobin Deficiency: খাওক আইৰণেৰে ভৰপূৰ এই 10বিধ খাদ্য; শৰীৰত কেতিয়াও নহয় হিম’গ্লবিনৰ অভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.