প্ৰেম জীৱনৰ শ্ৰেষ্ঠ অনুভৱ । প্ৰেমে দিয়ে মানুহক জীয়াই থকাৰ প্ৰেৰণা । বিশ্বাসেই হ'ল প্ৰেমৰ মূল বিন্দু । কিন্তু এগৰাকী ব্যক্তি যেতিয়া প্ৰেমত পৰে তেতিয়া তেওঁ কেতিয়াবা নিজৰ সংগীক হেৰুওৱাৰ ভয় উৎপন্ন হয়(Fear of losing your partner) যিয়ে মানসিকভাৱে তেওঁৰ সংগীৰ আৰু অধিক ওচৰ চপাই আনে । মনত নিজৰ সংগীক হেৰুওৱাৰ এক ভয়ৰ উৎপন্ন হয় ৷ একে সময়তে এনেকুৱাও হয় যে, সংগীক হেৰুৱাৰ ভয়টো কেতিয়াবা বিভ্ৰান্তি আৰু খংলৈ পৰিণত হয় ।
এনে হ'লে আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো খুবেই প্ৰয়োজন কাৰণ আপোনাৰ সংগীয়ে আপোনাৰ ভিতৰত লুকাই থকা প্ৰেম দেখা নাপাব বৰঞ্চ, তেওঁ আপোনাৰ আচৰণ দেখাৰ পিছত Negative Vibeহে পাব, গতিকে যদি আপুনি আপোনাৰ সংগীক হেৰুৱাৰ ভয় কৰে, তেন্তে আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজন আৰু তলত দিয়া নিয়মকেইটা পালন কৰা উচিত ৷
ধ্যান কৰক(Do meditation):
ধ্যান কৰিলে মনটো শান্ত হৈ থাকে আৰু অপ্ৰয়োজনীয় চিন্তাবোৰ মনলৈ নাহে । এনে অৱস্থাত ধ্যান-ধাৰণা সকলোৰে বাবে অতি প্ৰয়োজনীয় । ইয়াৰ দ্বাৰা আপুনিও নিজকে নিয়ন্ত্ৰণ কৰিব পাৰিব ।
সংগীৰ সৈতে শ্বেয়াৰ কৰক(Share with partner):
আপোনাৰ ভয়ক লৈ সংগীৰ মনত ভুল বুজাবুজি হ’ব পাৰে, গতিকে আপোনাৰ মনৰ কথাবোৰ আগতীয়াকৈ সংগীক কোৱাটো ভাল । এনে কৰিলে সংগীয়ে আপোনাৰ ভয় আৰু নিৰাপত্তাহীনতা বুজি পাব আৰু এই অনুভৱ দূৰ কৰাত সহায় কৰিব ।
নিজৰ অনুভৱ সংগীক বুজাবলৈ চেষ্টা কৰক (Explain yourself):
আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব পাৰে । যদি আপোনাৰ সংগীয়ে আপোনাৰ প্ৰচেষ্টাক মূল্য দিয়ে, তেন্তে ভয় কৰাৰ প্ৰয়োজন নাই । আপুনি মাত্ৰ আপোনাৰ সংগীক ভালপোৱা, যত্ন লোৱা আৰু সন্মান কৰাটোৱেই আটাইতকৈ প্ৰয়োজনীয় ।
কথা পাতিলে সমস্যা সমাধান হ'ব(Problem will be solved by talking):
আপোনাৰ সংগীৰ সৈতে সপ্তাহত এবাৰ এই বিষয়ে কথা পাতক যে, তেওঁ আপোনাৰ বিষয়ে কি কি কথা ভাল নাপায় আৰু কোনবোৰ কথাত আপুনি সমস্যাত পৰিছে । এনে কৰিলে আপোনালোক দুয়োৰে মাজত সকলো স্পষ্ট হৈ পৰিব আৰু ভুল বুজাবুজিয়ে সম্পৰ্কত আউল নলগায় ।
সত্যক মনত ৰাখিব (Problem will be solved by talking):
এয়া এক তিক্ত সত্য যে, কেতিয়াবা সকলো ফালৰ পৰা চেষ্টা কৰিও আমি আমাৰ সম্পৰ্কটো বচাব নোৱাৰো । যদি আপোনাৰ সংগীয়ে আপোনাৰ লগত থাকিব নিবিচাৰে বা আঁতৰি যোৱাৰ অজুহাত বিচাৰিছে, তেন্তে আপুনি ইয়াৰ বাবে একো কৰিব নোৱাৰে, গতিকে আপুনি এই সত্যক মানি ল'ব লাগিব । তেতিয়াহে আপুনি এই অনুভৱৰ সৈতে মোকাবিলা কৰিব পাৰিব ৷
লগতে পঢ়ক : Relationship Tips: এইকেইটা কাম যদি কৰে সম্পৰ্কত আউল নালাগে নিশ্চয়কৈ