ETV Bharat / sukhibhava

আপুনিও শীতকালত সঘনাই চাহ খায় নেকি ? - শীতকালত চাহ খাব লাগেনে

Side effects of Drinking Tea: শীতকালত বহুলোকৰে চাহ খোৱাৰ ইচ্ছা বৃদ্ধি পায় ৷ চাহে চাহ খালে আপোনাৰ কোনো ক্ষতি নহয় যদিও কোৱা হয় নহয় যিকোনো বস্তু অতিমাত্ৰা হোৱাটো ক্ষতিকাৰক । আজি আমি এইবিষয়ে জানিবলৈ চেষ্টা কৰিম...

Do you also drink tea frequently in winter? Know its side effects
আপুনিও শীতকালত সঘনাই চাহ খায় নেকি ?
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 1:44 PM IST

বতৰত ঠাণ্ডাৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ লগে লগে কিছুমান মানুহৰ চাহ খোৱাৰ ইচ্ছাও বাঢ়ি যায় । কিছুমানে কেৱল সময় অতিবাহিত কৰিবলৈ চাহ খায়, আনহাতে কিছুমানে নিজকে গৰম কৰি ৰাখিবলৈ শীতকালত চাহৰ পৰিমাণ বৃদ্ধি কৰে । গভীৰ নিশালৈকে সাৰ পাই থকা লোকে চাহৰ আনন্দ লৈ ভাল পায় ।

চাহ খালে আপোনাৰ কোনো ক্ষতি নহয় যদিও কোৱা হয় নহয় যিকোনো বস্তু অতিমাত্ৰা হোৱাটো ক্ষতিকাৰক । চাহৰ ক্ষেত্ৰতো ঠিক একেই কথা ক’ব পাৰি । বেছিকৈ চাহ খালে শৰীৰৰ অনেক সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

সেয়েহে খাদ্য বিশেষজ্ঞ আৰু পুষ্টিবিদসকলেও চাহ সীমিত পৰিমাণত সেৱন কৰিব পৰা যায় বুলি বিশ্বাস কৰে । কিন্তু, দিনটোত বেছিকৈ চাহ খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে । সেয়ে এই চাহ খালে শৰীৰৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে সেই বিষয়ে জানো আহক-

উদ্বেগ বাঢ়িব পাৰে

"চাহপাতত কেফেইন প্ৰাকৃতিকভাৱে পোৱা যায় । কোনোবাই যদি অতিৰিক্ত পৰিমাণে কেফেইন সেৱন কৰে তেন্তে তেওঁ মানসিক চাপ, উদ্বেগ আৰু অস্থিৰতাত ভুগিব পাৰে । আপোনালোকক জনাই দিও যে ২৪০ মিলিলিটাৰ চাহত ১১ৰ পৰা ৬১ মিলিগ্ৰাম কেফেইন থাকে ।

"গৱেষকসকলে কয় যে, যদি কোনো ব্যক্তিয়ে দিনটোত ২০০ মিলিগ্ৰামতকৈ অধিক কেফেইন সেৱন কৰিলে তেওঁ উদ্বেগ অনুভৱ কৰিব পাৰে ।"

টোপনি বিঘ্নিত হয়

মেলাটনিন নামৰ হৰম’নে আমাৰ শৰীৰৰ টোপনিৰ চক্ৰৰ ভাৰসাম্য ৰক্ষা কৰে । অতিৰিক্ত চাহ খালে মেল’টনিনৰ কামত বাধা আহিব পাৰে । অৰ্থাৎ অতিৰিক্ত কেফেইন সেৱন কৰিলে টোপনিত ব্যাঘাত জন্মিব পাৰে । আপুনি নিশ্চয় সচেতন হ’ব লাগিব যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে আৰু গভীৰ টোপনি গ্ৰহণ নকৰে তেন্তে ইয়াৰ ফলত ভাগৰুৱা, মূৰৰ বিষ, চকুত বিৰক্তি আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

ওকট পাকট লগা

চাহপাতত এক বিশেষ ধৰণৰ উপাদান থাকে, যিটো ইয়াৰ সোৱাদৰ বাবে দায়ৱদ্ধ । অতিমাত্ৰা সেৱন কৰিলে হজম শক্তি বিঘ্নিত হ’ব পাৰে, বমি বমি আৰু পেটৰ লগত জড়িত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে । প্ৰতিজন ব্যক্তিয়ে দিনটোত মাত্ৰ একাপ বা দুকাপ চাহ খাব লাগে । ইয়াতকৈ অধিক চাহ খোৱাটো ভাল নহয় ।

বুকুৰ জ্বলা-পোৰা

চাহত থকা কেফেইন কেতিয়াও অতিৰিক্তভাৱে সেৱন কৰিব নালাগে । ইয়াৰ ফলত হাৰ্টবাৰ্ণৰ তথা বুকু জ্বলা-পোৰাৰ দৰে সমস্যাও হ’ব পাৰে । দৰাচলতে, কেফেইন সেৱনে পেটত এচিডৰ উৎপাদন বৃদ্ধি কৰে, যিটোৱে হাৰ্টবাৰ্ণ আৰু এচিড ৰিফ্লাক্সৰ বাবে দায়ী । আনকি বেছিকৈ চাহ খালেও মূৰৰ বিষ হ’ব পাৰে । কিন্তু এতিয়ালৈকে বিশ্বাস কৰা হৈছে যে চাহ খালে বহু ধৰণৰ মূৰৰ বিষৰ পৰাও সকাহ পোৱা যায় । কিন্তু, অত্যধিক পৰিমাণৰ কেফেইনে ইয়াৰ প্ৰভাৱ দেখুৱাব পাৰে ।

সততে সোধা প্ৰশ্নসমূহ

ঠাণ্ডাত চাহ খাব লাগে নেকি ?

শীতকালত চাহ খোৱাৰ কোনো সমস্যা নাই । কিছুমান মানুহে শীতকালত অধিক চাহ খাবলৈ আৰম্ভ কৰে । এই কাম কৰাটো উচিত নহয় । অধিক পৰিমাণে চাহ খালে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে ।

দিনটোত কিমানবাৰ চাহ খাব লাগে ?

বিশেষজ্ঞসকলৰ মতে, দিনটোত এক বা দুকাপ চাহ খালেই যথেষ্ট । ইয়াতকৈ বেছি চাহ খালে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

বেছিকৈ চাহ খালে কি হয় ?

বেছিকৈ চাহ খোৱাৰ ফলত উদ্বিগ্নতা, মানসিক চাপ, অস্থিৰতা, টোপনিৰ অভাৱ, বুকু জ্বলা-পোৰা, মূৰৰ বিষ আদি বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

লগতে পঢ়ক: শীতকালত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ কি ? নিজকে কেনেকৈ ৰক্ষা কৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.