ETV Bharat / sukhibhava

আপুনি জানেনে...ৰূপৰ নূপুৰ স্বাস্থ্যৰ বাবেও উপকাৰী

সোণ আৰু ৰূপৰ অলংকাৰ বুলি ক'লে বহুতৰে ইয়াৰ প্ৰতি দুৰ্বলতা আছে । বিশেষকৈ মহিলাসকলে সোণৰ আৰু ৰূপৰ অলংকাৰ বহুলভাৱে ব্যৱহাৰ কৰা দেখা যায় । কিন্তু এই ৰূপ ধাতু কেৱল সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা নহয় । প্ৰাচীন কালৰে পৰা স্বাস্থ্য সম্পৰ্কীয় গুণাগুণৰ (Health benefits of silver) বাবে মানুহে ৰূপ ব্যৱহাৰ কৰি আহিছে । কিন্তু সুস্বাস্থ্যৰ বাবে ৰূপ কিয় ব্যৱহাৰ কৰা হয় ?

Anklets
ৰূপৰ নূপুৰ স্বাস্থ্যৰ বাবেও উপকাৰী
author img

By

Published : Mar 6, 2022, 3:33 PM IST

ৰূপৰ অলংকাৰৰ বজাৰত ৩৪ শতাংশতকৈও অধিক কেৱল নূপুৰ বা জুনুকা দেখিবলৈ পোৱা যায় । আমি সকলোৱে ভাৰতীয় হিচাপে সোণৰ প্ৰতি আগ্ৰহী । কিন্তু হালধীয়া ধাতুৰে নিৰ্মিত অলংকাৰ কেতিয়াও ভৰিত পিন্ধা নহয় কিয়নো হালধীয়া ধাতুৱে সম্পদ আৰু সমৃদ্ধিৰ দেৱীক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰা হয় । ফলস্বৰূপে, নূপুৰ আৰু ভৰিৰ আঙুঠি ৰূপেৰে তৈয়াৰ কৰা হয় ।

এটা গহনা কোম্পানীৰ সহযোগী সঞ্চালক অমিত গিলৰাই কয় যে চহৰবোৰত নূপুৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস হৈ আহিছে । ই এতিয়া কেৱল বিবাহ অনুষ্ঠানতহে দেখা যায় । ভাৰতৰ দাক্ষিণাত্যত শিশুৰ নামকৰণ অনুষ্ঠান, বাগদান অনুষ্ঠান লগতে দেৱালী আৰু হোলীৰ দৰে মুখ্য ভাৰতীয় উৎসৱৰ সময়ত উপহাৰ হিচাপে আৰু পবিত্ৰ পূজাৰ সামগ্ৰী হিচাপে ৰূপ ব্যৱহাৰ কৰা হয় ।

ভাৰতীয় প্ৰাচীন জ্যোতিষীসকলৰ মতে, চন্দ্ৰৰ সৈতে ৰূপৰ সম্পৰ্ক আছে । বিশ্বাস কৰা হয় যে ভগৱান শিৱৰ চকুৰ পৰা ৰূপৰ উৎপাদন হৈছিল যাৰ বাবে ৰূপ সমৃদ্ধিৰ প্ৰতীক । গতিকে যিজনে ৰূপৰ পোছাক বা অলংকাৰ পৰিধান কৰে তেওঁ পৰম্পৰা অনুসৰি সমৃদ্ধিৰে পূৰ্ণ হয় বুলি ধাৰণা কৰা হয় ।

অলংকাৰৰ উপৰিও স্বাস্থ্যৰ বাবে উপকাৰী ৰূপ :

  • ভাৰতীয় সংস্কৃতিত নূপুৰ বা জুনুকাৰ বিশেষ গুৰুত্ব আছে । সমান্তৰালকৈ ইজিপ্ত আৰু মধ্য প্ৰাচ্যৰ প্ৰাচীন সংস্কৃতিবোৰতো ইয়াৰ গুৰুত্ব অপৰিসীম । ইয়াৰ কাৰণ হৈছে ই সৌন্দৰ্য বৰ্ধনৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰত উপকাৰী (Health benefits of silver)।
  • ৰূপ হৈছে এক প্ৰতিক্ৰিয়াশীল ধাতু আৰু ই এজনৰ শৰীৰৰ পৰা বিকিৰণ হোৱা শক্তি প্ৰতিফলন কৰাৰ লগতে ঘূৰাই আনে । আমাৰ দেহৰ বেছিভাগ শক্তিয়ে হাত আৰু ভৰিৰ পৰা এৰি দিয়া হয় । কিন্তু ৰূপ, ব্ৰঞ্জৰ দৰে ধাতুবোৰে শক্তিবোৰ ওলাই যোৱাত বাধা দিয়ে । যাৰ ফলত শক্তি আমাৰ শৰীৰলৈ ঘূৰি অহাত সহায় হয় । ই অধিক পজিটিভিটী আৰু উৎসাহ লাভ কৰাত সহায় কৰে ।
  • আয়ুৰ্বেদ আৰু আধুনিক বিজ্ঞানৰ মতে, ৰূপ ধাতুৱে পৃথিৱীৰ শক্তিৰ সৈতে সুন্দৰ প্ৰতিক্ৰিয়া কৰে আনহাতে সোণে শৰীৰৰ শক্তি আৰু আভাৰ সৈতে প্ৰতিক্ৰিয়া কৰে । সেয়েহে, ৰূপক গোৰোহা বা ভৰিৰ আঙুলিৰ আঙুঠি হিচাপে পিন্ধা হয় আনহাতে শৰীৰৰ ওপৰৰ অংশত সোণ সুশোভিত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।
  • আমি যদি অতীতলৈ চাও, ৰূপক বিভিন্ন বেক্টেৰিয়া ৰোধ কৰিব পৰা ক্ষমতাৰ বাবে জনা গৈছিল । হাজাৰ হাজাৰ বছৰ পূৰ্বে, যেতিয়া নাবিকসকলে দীঘলীয়া যাত্ৰা কৰিছিল তেওঁলোকে লগত ৰূপৰ মুদ্ৰা লৈ গৈছিল । সেই মুদ্ৰাবোৰ তেওঁলোকে পানীৰ বটলত ৰাখিছিল আৰু বীজাণুনাশক হিচাপে তেওঁলোকে সেই পানী সেৱন কৰিছিল । ৰূপৰ আয়নে বেক্টেৰিয়াৰ আৱৰণ ধ্বংস কৰে আৰু হয়টো সেইবাবেই চহৰৰ মহিলাসকলে ৰূপৰ নূপুৰ ক্ৰয় কৰে ।
  • ইয়াৰ উপৰিও, মহিলাসকলে বেছিভাগ সময় থিয় হৈ ঘৰুৱা কামবোৰ কৰিবলগীয়া হয় । যাৰ বাবে প্ৰায়ে ফুলা বা ভৰিৰ বিষ হোৱা দেখা যায় । ৰূপ ধাতুৱে ৰক্ত সঞ্চালনত সহায় কৰে আৰু ইয়াক ভৰিত নূপুৰ হিচাপে পিন্ধাৰ ফলত ভৰিৰ দুৰ্বলতা হ্ৰাস কৰে (Silver anklets can benefit your health too)।

এইবোৰ গুণাগুণৰ উপৰিও ৰূপ ধাতুৱে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু লগতে হৰ্মোনেলৰ স্তৰ সন্তুলিত কৰে বুলি প্ৰমাণ কৰিবলৈ গৱেষণা চলি আছে । আমাৰ দেশত বিবাহিত মহিলাসকলে ৰূপৰ ভৰিৰ আঙুলিৰ আঙুঠি পিন্ধাৰ আন এটা কাৰণ হৈছে ই জৰায়ুক সুস্থ কৰি ৰখাত সহায় কৰে, প্ৰজনন ক্ষমতা বৃদ্ধি কৰে আৰু ঋতুস্ৰাবৰ সময়ত বিষো হ্ৰাস কৰে ।

লগতে পঢ়ক :গ্ৰীষ্মকালত বাহিৰত খোজকাঢ়িবলৈ যোৱাটো মস্তিষ্কৰ বাবে ক্ষতিকাৰক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.