মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ । তথাপি খৰখেদাকৈ সিদ্ধান্ত লৈ নিজৰ চিন্তাধাৰাৰ প্ৰক্ৰিয়াক জটিল কৰি নুতুলিব । ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ আজিৰ দিনটো অনুকূল নহয় । প্ৰিয়জনৰ সৈতে মনোমালিন্য হ’ব পাৰে ৷ নিজকে অলপ শান্ত ৰাখক ৷ নিজৰ কামত মনোযোগ দিয়ক । আজি নতুন কোনো কাম বা প্ৰকল্প হাতত নল’ব । সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক ।
মিথুন ৰাশি: বন্ধু পৰিয়াল বা আপোনজনৰ সৈতে আজিৰ দিনটো উপভোগ কৰিব পাৰিব । গতিকে বন্ধুসকলক নিজৰ ঘৰত নৈশভোজ কৰিবলৈ নিমন্ত্ৰণ জনাওঁক ৷ তেওঁলোকৰ সৈতে ক’ৰবাত ফুৰিবলৈ যাওঁক । আৰ্থিক দিশত লাভৰ যোগ কিন্তু অধিক ব্যয়ৰ পৰা দূৰত থাকক ।
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজি গ্ৰহৰ অৱস্থানৰ ফলত উদ্বিগ্ন আৰু অস্থিৰ অনুভৱ কৰিব পাৰে । শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক কঠিন কৰিব । তৰ্ক-বিতৰ্ক এৰাই চলক । আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে । খৰচ নিয়ন্ত্ৰণ কৰক ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে এটা মধ্যমীয়া দিন । আজি আপোনাৰ পৰিস্থিতি অনুকূল হৈ থাকিব ৷ নতুন প্ৰকল্প বা কাম আজি আৰম্ভ নকৰিব, কাৰণ আজিৰ দিনটো ফলদায়ক নহয় । বন্ধুৰ সংগ লাভ কৰিব । ভ্ৰমণৰ যোগ । ব্যৱসায়ত শুভ । আৰ্থিক লাভ । প্ৰেমত শুভ ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো সুফলদায়ক । যদি আজি আপুনি কোনো নতুন প্ৰকল্প হাতত ল’ব বিচাৰিছে, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ ৷ গ্ৰহৰ অৱস্থানে কয়, আজি আপুনি চৰকাৰী লাভ আৰু সুযোগ-সুবিধা পাব পাৰে । প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো শুভ ।
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজি সাহিত্য ৰচনা আৰু চিত্ৰাংকনৰ দৰে সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব । নতুন কাম বা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত আনৰ সহযোগিতা লাভ কৰিব । ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ । স্বাস্থ্যৰ প্ৰতি অৱশ্যে লক্ষ্য ৰাখিব লাগিব, স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক । তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক । তীৰ্থযাত্ৰা হ’ব পাৰে ।
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল আজিৰ দিনটো আপোনাৰ বাবে শুভ নহয় । প্ৰত্যেক পদক্ষেপত আপুনি আজি সজাগ হৈ থাকিব লাগিব । নতুন কোনো প্ৰকল্পৰ কাম আৰম্ভ নকৰিব । ব্যয় নিয়ন্ত্ৰণ কৰক । খৰচ নিয়ন্ত্ৰণ কৰক । যি কোনো ধৰণৰ অনৈতিক বা বে-আইনী কাৰ্যকলাপৰপৰা দূৰত থাকক অন্যথা বিপদত পৰিব পাৰে । অচিনাকী মানুহৰ সৈতে আলাপ-আলোচনা কৰা বা নতুন যোগাযোগ গঢ়ি তোলাৰ কথা ভবাটো আজি ঠিক নহ’ব । যোগ বা ধ্যান কৰক ।
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো আপোনাৰ আনন্দেৰে পাৰ হ'ব । প্ৰচুৰ মনোৰঞ্জন আৰু আনন্দ-ফুৰ্তিৰ যোগ । সামাজিক কোনো সমাৱেশ বা অনুষ্ঠানত আপুনি বিভিন্ন সংস্কৃতিৰ লোকৰ সাক্ষাৎ পাব পাৰে । বন্ধু আৰু প্ৰিয়জনৰ সৈতে প্ৰমোদ ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে । আজিৰ গ্ৰহৰ অৱস্থানে আপোনাৰ সৃজনশীলতাক অধিক পৰিমাণে জগাই তুলিব, গতিকে আজি কিবা শিল্পসৃষ্টিৰ বাবে নিজৰ কল্পনাশক্তিক কামত লগাই দিয়ক । ধনু ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব । সন্মান অৰ্জন কৰিব ।
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ । ব্যৱসায়ী, বৃত্তিধাৰী, গৃহবধু আৰু অধ্যয়ন কৰি থকা সকলৰ বাবে আজিৰ দিনটো উত্তম । আৰ্থিক ক্ষেত্ৰতেই হওক বা সাংসাৰিক জীৱনতেই হওক বা কৰ্মক্ষেত্ৰতেই হওক, সকলো ক্ষেত্ৰতে আপোনাৰ দিনটো আজি সুকলমে পাৰ হ'ব । আমোলাতান্ত্ৰিক আৰু চৰকাৰী বিষয়াসকলে কিছু বাধা-বিপত্তিৰ সৃষ্টি কৰিলেও সেইবোৰ সহজতে পাৰ কৰি যাব পাৰিব । একো চিন্তা নকৰিব, আপোনাৰ প্ৰতিপক্ষসকলে সেয়াও মানি ল'ব । স্বাস্থ্যজনিত অসুবিধাত ভুগিব পাৰে ।
কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ গ্ৰহৰ অৱস্থানে আজি সমস্যাত পেলাব পাৰে । নতুন প্ৰকল্পৰ কামত হাত নিদিব, ভ্ৰমণ এৰাই চলক । আজিৰ দিনটো উদ্বিগ্ন অনুভৱ কৰিব পাৰে । মহিলাসকলে আজি নিজৰ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু সকলো সময়ত শান্ত হৈ থাকক । আজি আপুনি বৌদ্ধিক আলোচনা আৰু ক্ৰিয়াকলাপত যুক্ত হ’ব পাৰে আৰু আপোনাৰ বৌদ্ধিকতাৰ মাত্ৰা বৃদ্ধিও পাব পাৰে । অকস্মাৎ ব্যয়ৰ যোগ । প্ৰেমিক-প্ৰেমিকাসকলে আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰাটো উচিত অন্যথা সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে ৷
মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো বিশেষ এটা ভাল নহয় । ক’ব গ’লে সকলো ক্ষেত্ৰতেই আপুনি কষ্ট আৰু সমস্যাত পৰিব পাৰে । আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে, গতিকে আজিৰ দিনটো যিমান পাৰে শান্ত হৈ কটাবলৈ চেষ্টা কৰক । নাৰীৰ সৈতে কথা পতাৰ সময়ত নিজৰ মুখত লেকাম টানি ৰাখিব অন্যথা বিপদত পৰিব পাৰে । চাকৰিয়ালসকলৰ বাবে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা । সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হওক ।