মেষ ৰাশি: আজি আপুনি সামাজিক স্বীকৃতি লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰ যোগ আছে ৷ আপোনাৰ ব্যক্তিগত জীৱন সুখ আৰু পৰিতৃপ্তিৰে ভৰি পৰিব ৷ আজি আপুনি বৌদ্ধিক আলোচনাত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভাবি চিন্তি কথা পাতিব ৷ আজি আপোনাৰ মনত অজস্ৰ চিন্তাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ আপোনাৰ মন আজি সন্তোষজনক হৈ থাকিব আৰু এই মনোভাৱৰ দ্বাৰা আপোনাৰ লাভো হ’ব পাৰে ৷
বৃষ ৰাশি: আজি গোটেই দিনটো আপুনি আনন্দত থাকিব । আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ সকলো কাম পৰিকল্পনা অনুসৰি সম্পন্ন হ’ব । আৰ্থিক লাভৰ যোগ আছে । অসমাপ্ত কাম সমাপ্ত কৰিব । পিতৃ-মাতৃৰ পৰা সু-সংবাদ পাব । পিতৃ-মাতৃৰ দ্বাৰা উপকৃতও হ’ব । যিসকলে অসুস্থতাত ভুগি আছে তেওঁলোকে সুস্থ হৈ উঠিব । সহকৰ্মী সকলৰ পৰা সহযোগিতা লাভ কৰিব ।
মিথুন ৰাশি: আজি আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা দূৰত থকাই ভাল ৷ বন্ধুসকলৰ নামত ব্যয় কৰিবলগীয়া হ’ব পাৰে আপুনি ৷ পেটৰ সমস্যা দেখা দিব পাৰে ৷ কোনো কামৰ একেবাৰে আৰম্ভণিত ব্যৰ্থতাৰ আশংকা আছে ৷ যিমান দূৰ পাৰে ভ্ৰমণ এৰাই চলক ৷
কৰ্কট ৰাশি: বেয়া চিন্তাই আজি আপোনাক বিষণ্ণ কৰি ৰাখিব ৷ আজি আপুনি আনন্দ-উৎসাহ-উদ্দীপনাৰ অভাৱ অনুভৱ কৰিব ৷ পৰিয়ালৰ লোকৰ সৈতে বিবাদৰ সম্ভাৱনা আছে ৷ ব্যয় বৃদ্ধি হ’ব পাৰে আৰু আপুনি ব্যৰ্থতাৰ মুখামুখি হ’ব পাৰে ৷ আজি অনাহাৰত থাকিবলগীয়া হ’ব পাৰে ৷ হৃদৰোগত ভুগিব পাৰে ৷
সিংহ ৰাশি: ঈশ্বৰৰ আশীৰ্বাদত আজি গোটেই দিনটো আপোনাৰ আনন্দ আৰু শান্তিৰে পাৰ হ’ব ৷ ভাই-ভনীসকলৰ সৈতে সম্পৰ্ক আৰু সুদৃঢ় হৈ উঠিব ৷ ভাই-ভনীৰ পৰা বহুত সাহায্য পাব ৷ প্ৰত্যেক সম্পৰ্ক আৱেগিক গভীৰতা আপুনি উপলব্ধি কৰিব ৷ ওচৰৰ কোনোবা পৰ্যটন ক্ষেত্ৰলৈ ফুৰিব যাব পাৰে ৷ আজি আপুনি নিজক উদ্বেগমুক্ত অনুভৱ কৰিব আৰু আজি যিয়ে কৰিব তাতেই সফলতা পাব ৷
কন্যা ৰাশি: সাংসাৰিক পৰিৱেশ আনন্দময় হৈ থাকিব ৷ আপুনি নিজৰ মিঠা মাতেৰে সফলভাৱে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ বৌদ্ধিক আলোচনাৰ পৰা দূৰত থাকক ৷ আজি আপুনি মিঠাই আদি খাই আনন্দ পাব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ পঢ়ুৱৈসকলৰ কাৰণে সময়টো জটিল ৷
তুলা ৰাশি: আজি আপুনি নিজৰ আৰ্থিক দিশটোৰ পৰিকল্পনা প্ৰণালীৱদ্ধভাৱে ঠিক কৰিব ৷ আজি আপোনাৰ সৃজনশীল মন উত্তম অৱস্থাত আছে বাবে বহুতো সৃজনশীল চিন্তাধাৰা আপোনাৰ মনত উপজিব ৷ আজি আপুনি সুস্থ শৰীৰ আৰু সুস্থ মনৰ অধিকাৰী হৈ থাকিব ৷ আপুনি আজি কামত মনোযোগী হ’ব আৰু সময়ত কাম শেষ কৰিব পাৰিব ৷ আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ’ব পাৰে ৷ আনন্দ আৰু মনোৰঞ্জনৰ নামত আপুনি আজি বহুত টকা খৰচ কৰিবলগীয়া হ’ব পাৰে ৷
বৃশ্চিক ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব ৷ বাহন চলাওতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি ৷ আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ মামলা-মোকৰ্দমা এৰাই চলক, তথাপি যদি এইবোৰত সোমাবলগীয়া হয়, তেতিয়া হ’লে সাৱধানে পদক্ষেপ কৰক ৷ মনোৰঞ্জনৰ নামত খৰচ কৰিব পাৰে ৷
ধনু ৰাশি: আপুনি নিজৰ আগ্ৰাসী মনোভাৱ আৰু কথাবতৰাক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ উদ্বেগ আৰু শাৰীৰিক সমস্যাৰ কাৰণে আজি আপুনি বিভ্ৰান্ত হৈ থাকিব ৷ বাহন চলাওঁতে অত্যন্ত সাৱধানে থাকিব, কিয়নো দুৰ্ঘটনা হোৱাৰ আশংকা আছে ৷ সম্ভৱ হ’লে চাৰ্জাৰী নকৰাব আজি ৷ আজি আপুনি প্ৰিয়জন আৰু পৰিয়ালৰ লোকৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ মামলা-মোকৰ্দমা এৰাই চলক, তথাপি যদি এইবোৰত সোমাবলগীয়া হয়, তেতিয়া হ’লে সাৱধানে পদক্ষেপ কৰক ৷ মনোৰঞ্জনৰ নামত খৰচ কৰিব পাৰে ৷
মকৰ ৰাশি: আপোনাৰ পৰিয়াল আজি আপোনাৰ আনন্দৰ কাৰণ হ’ব পাৰে ৷ বন্ধু আৰু প্ৰিয়জনসকলক লগ পাই আপুনি আনন্দ পাব পাৰে ৷ ব্যৱসায়ৰ কাৰণে ধনৰ যোগাৰ কৰাৰ সময়ত সমস্যাত পৰিব পাৰে ৷ কিন্তু সমস্যাত পৰিলে আপোনাৰ লাভহে হ’ব ৷ কৰ্মক্ষেত্ৰত আপুনি অধিক ধন আৰু অধিক সন্মান অৰ্জন কৰিব ৷ আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতনসকলে সন্তুষ্ট হ’ব ৷ সাৱধানে থাকক, দুৰ্ঘটনা হ’ব পাৰে ৷
কুম্ভ ৰাশি: নিজৰ প্ৰতিযোগীসকলৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ আজি আপুনি শাৰীৰিকভাৱে সুস্থ নাথাকিব পাৰে ৷ এলেহুৱা ভাৱে আপোনাক আমনি দি থাকিব ৷ তথাপি আপুনি মানসিক আনন্দ উপভোগ কৰিব ৷ ঊৰ্ধ্বতনসকলৰ সৈতে কথা পতাৰ সময়ত সতৰ্ক থাকিব ৷ মনোৰঞ্জনৰ কামত খৰচ হ’ব পাৰে ৷ সন্তানক লৈ উদ্বেগ হ’ব পাৰে ৷ বিদেশৰপৰা কিবা খবৰ পাব পাৰে ৷
মীন ৰাশি: অনৈতিক কাৰ্যকলাপত যুক্ত হৈ আপুনি বিপদত পৰিব পাৰে ৷ নিজৰ মুখত লেকাম টানি ৰাখক, আৰু নিজৰ খং নিয়ন্ত্ৰণ কৰি ৰাখক ৷ আপোনাৰ স্বাস্থ্যক লৈ সাৱধানে থাকক ৷ অবৈধ কাৰ্যকলাপত লিপ্ত নহ’ব ৷ দৰৱ আদি কিনাৰ নামত খৰচ হ’ব পাৰে ৷ আপুনি অস্থিৰ হৈ থাকিব যেন লাগিছে ৷ নেতিবাচক মনোভাৱে আপোনাৰ ব্যক্তিগত জীৱনৰ উপৰত বেয়া প্ৰভাৱ পেলাব পাৰে, এইবোৰ মনলৈ আহিব নিদিব ৷ আপোনাৰ আৰাধ্য দেৱতাৰ উপৰত শ্ৰদ্ধা বিশ্বাসৰ জোৰত আপুনি সঠিক দিশা লাভ কৰিব ৷