মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি ব্যক্তিগত বা ব্যৱসায়িক সকলো দিশতে সফলতাই দেখা দিব পাৰে ৷ আপোনাৰ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল’ব পাৰিব ৷ ই আপোনাক আনন্দিত কৰি তুলিব ৷ আবেলিটো পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইত ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাবে পাৰ হ’ব ৷
বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকল আজি আপোনাৰ মিঠা কথা বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আপুনি মানুহৰ সহায়ক হ’ব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত আপুনি ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈয্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত আপোনাৰ হেঁপাহ বৃদ্ধি হ’ব ৷
মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকল আজি আপুনি সকলো ক্ষেত্ৰতে খেলি-মেলিত পৰিব পাৰে ৷ দিনটো পাৰ কৰাটো কঠিন হৈ পৰিব পাৰে ৷ মাতৃৰ সংগত সুখ অনুভৱ কৰিব ৷ ধৰ্মীয় বা জ্ঞান বৰ্ধক আলোচনাত যাতে একো তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ ডাঙৰ সকলৰ লগত উপৰি পুৰুষৰ সম্পতিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল ৷ অন্যথা আপুনি মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷
কৰ্কট ৰাশি: কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে আজি ভাতৃ সুলভ মৰম দেখুৱাৰ সময় ৷ ব্যৱসায় বৃদ্ধিৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণ কৰিব যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাঁতো এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷
সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকল আজি গণেশৰ কৃপাত আপোনাৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে বা কম হ’ব পাৰে ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোঁতেও ভুল হ’ব পাৰে, গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ এনেও হ’ব পাৰে যে আপুনি লোৱা সিদ্ধান্তই আচলতে সঠিক ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷
কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকল আজি এটা শান্তিৰ দিন ৷ পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত হৃদয়ৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চাই আছে ৷ শৰীৰ উন্নত থাকিব আৰু আপুনি মানসিকভাৱে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা বৰষি থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷
তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব ৷ আজি কিছুমান আইনী কামত ব্যস্ত থাকিব পাৰে ৷ সাৱধানে থাকক ৷ আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে, তাৰ প্ৰত্যুত্তৰ দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুসূচনাত পৰিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ ফলত শৰীৰ বেয়া হ’ব পাৰে ৷ খৰচৰ বাবে সাজু থাকক ৷ চকুৰ চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ’ব পাৰে ৷ স্বাস্থ্যৰ সঠিক যতন লওক ৷
বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকল আজি আপোনাৰ বাবে সৌভাগ্য, বাস্তৱিক আৰাম আৰু আনন্দ আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনা দেখিব ৷ ভাল সময় উপভোগ কৰক ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীক সাখ্যাৎ কৰিব পাৰে ৷ ব্যৱসায় আৰু চাকৰি কৰা সকলৰ ভাল সময় ৷ প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷ সুখকৰ হ’ব ৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালেৰে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷ বচৰ পৰা ভাল ব্যবহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷ সকলো কাম সুন্দৰ ভাবে সফল হ’বআৰু আনন্দৰ বাবে যথেষ্ঠ সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপোনাৰ পত্নীয়ে আপুনালৈ আগ্ৰহেৰে বাট চাব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব ৷
মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লিখক আৰু কলাৰ সৈতে জড়িত সকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰা সকলে ভাল ফল নাপাব পাৰে ৷ সাৱধানে থাকক, যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওক ৷ অথবা অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷ ভয় খোৱাৰ কাৰণ নাই ৷
কুম্ভ ৰাশি: কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি মধ্যমীয়া দিন ৷ আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাৱনা আছে যিহেতু আপুনি অধিক চিন্তা কৰিব পাৰে ! শান্ত হওক ! সকলো সমস্যাৰে সমাধান আছে ৷ অন্যথা আপোনাৰ খং, উদ্দিগ্নতা আৰু বিপৰীতমুখী চিন্তাধাৰাই আপোনাক আৰু দিগদাৰ দিব ৷ শেষত আপুনি কিছুমান নকৰিব লগীয়া কাম কৰিব পাৰে এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন কৰা হ’ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলে যোগ আৰু ধ্যান কৰিব পাৰে ৷
মীন ৰাশি: মীন ৰাশিৰ জাতক-জাতিকাসকল আজি আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ সেয়েহে আপুনি যদিহে কবি, সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ নিজৰ যুঁজত নামি পৰক ৷ ব্যৱসায়ী সকলৰ নতুন কাম আৰম্ভ কৰাৰ সু-সময়, আৰু বিদেশৰ লগত ব্যৱসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক ৷ ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজৰ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷ তেওঁৰ সৈতে অধিক সময় কটাওক ৷ আপোনাৰ সামাজিক দিশতো উন্নতিৰ যোগ আছে ৷