ETV Bharat / politics

উপ-নিৰ্বাচনত পুত্ৰ পৰাজিত হোৱাৰ ভয়ত ৰকিবুল হুছেইন নাৰ্ভাছ হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা - ASSAM BYE ELECTION 2024

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উগ্ৰপন্থী ৷ ৰকিবুল হুছেইনৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ ঝাৰখণ্ডৰ পৰাই দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam Bye election 2024
উপ-নিৰ্বাচনত পুত্ৰ পৰাজিত হোৱাৰ ভয়ত ৰকিবুল হুছেইন নাৰ্ভাছ হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 7:37 AM IST

ঝাৰখণ্ড (ৰাচী) : সমুখত উপ-নিৰ্বাচন ৷ বাদপৰি ৰোৱা নাই কোনো ৰাজনৈতিক দল-সংগঠন কিম্বা ৰাজনৈতিক নেতাও ৷ সকলো দলেই এতিয়া নিজ নিজ সমষ্টিত বজাইছে ৰণদুন্দুভি ৷ অসমৰ ৫টা বিধানসভা সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ উঠি-পৰি লাগিছে ।

বিশেষকৈ দিল্লীমুখী হোৱা পিচতো ৰকিবুল হুছেইন নামি পৰিছে এই যুঁজত ৷ কিয়নো তেওঁৰ পুত্ৰ তাঞ্জিল হুছেইন চামগুৰি সমষ্টিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কেবাখনো সভাত সাংসদ হুছেইনে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কেতবোৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে বাদ পৰি ৰোৱা নাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ বিশ্বই একালৰ নলে-লগে লগা বন্ধুৰ কটু বাক্যৰ প্ৰত্যুত্তৰ দিবলৈয়ো ৷

উপ-নিৰ্বাচনত পুত্ৰ পৰাজিত হোৱাৰ ভয়ত ৰকিবুল হুছেইন নাৰ্ভাছ হৈ পৰিছে : হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

বৃহস্পতিবাৰে ৰকিবুল হুছেইনক নিমকি গুণ্ডা বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল কটাক্ষ ৷ এই কটাক্ষৰ প্ৰত্যুত্তৰত শুকুৰবাৰে ৰকিবুল হুছেইনে কৰিলে আৰু বহু বিস্ফোৰক মন্তব্য । আনকি সাংসদ হুছেইনে হিমন্ত বিশ্ব শৰ্মাক উগ্ৰপন্থী বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক : 'ককা, পুত্ৰ নাতি এমএলএ হ’ব, বাকীবোৰে আমুল গাখীৰ খাই থাকিব লাগিব ৷' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ মুখ্যমন্ত্ৰী

বৰ্তমানৰ সাংসদ তথা একালৰ পৰম বন্ধুৰ এই বাক্যবাণে আঘাত কৰে ড৹ শৰ্মাক ৷ শুকুৰবাৰে ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উগ্ৰপন্থী বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে ।

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যাক্ৰমণ

অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে উপ-নিৰ্বাচনত পুত্ৰ পৰাজিত হোৱাৰ ভয়ত তেওঁ নাৰ্ভাছ হৈ পৰিছে ৷ যাৰ বাবে তেওঁৰ বিৰুদ্ধে এনেবোৰ কথা কৈছে । তেওঁ আৰু কয়, ‘‘মই ৰাচীত বহি আছো আৰু তাত তেওঁ নাৰ্ভাছ হৈ পৰিছে ।’’

লগতে পঢ়ক : মই যদি নিমকি গুণ্ডা হিমন্ত বিশ্ব শৰ্মা ৰিভলভাৰ লোৱা গুণ্ডা: ৰকিবুল হুছেইন

লগতে পঢ়ক : চামগুৰিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী দামামা; একালৰ বন্ধু ৰকিবুল হুছেইন বহিল প্ৰতিবাদত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.