ETV Bharat / sukhibhava

Ginger For Weight Loss: ওজন নিয়ন্ত্ৰণত সহায় কৰিব আদাই, কেৱল এই ধৰণে কৰক ব্যৱহাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 7:25 PM IST

বৰ্তমান পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে মানুহৰ ওজন বৃদ্ধি হয় । ওজন নিয়ন্ত্ৰণ কৰিবলৈ মানুহক খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰিবলৈ পৰামৰ্শ দিয়া হয় । ইয়াৰ উপৰিও ওজন নিয়ন্ত্ৰণৰ বাবে আদা বহু ধৰণে ব্যৱহাৰ কৰিব পাৰে । ওজন কমাব পৰা খাদ্যত আদাৰ চাহো অন্তৰ্ভুক্ত কৰিব পাৰে ।

Control weight with ginger, just use it in these ways
ওজন নিয়ন্ত্ৰণত সহায় কৰিব আদাই, কেৱল এই ধৰণে কৰক ব্যৱহাৰ

পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ আদা স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই ওজন কমোৱাতো সহায় কৰে ৷ হয়, যদি আপুনি ওজন কমাব পৰা খাদ্য অনুসৰণ কৰি আছে তেন্তে আদাও অন্তৰ্ভুক্ত কৰিব পাৰে ৷ এইটো ব্যৱহাৰ কৰিলে আপুনি ওজন দ্ৰুত গতিত কমাব পাৰে ৷

বিশেষকৈ চৰ্দি আৰু কাহৰ বাবে ঘৰুৱা ঔষধ হিচাপে আদা ব্যৱহাৰ কৰা হয় যদিও ই আপোনাক ওজন কমোৱাতো সহায় কৰিব পাৰে ৷ ওজন নিয়ন্ত্ৰণৰ বাবে আদাক কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক-

আদাৰ চাহ

যিসকল লোকে ওজন কমাব বিচাৰে, আদাৰ চাহ আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে ৷ ওজন কমাবলৈ নিয়মিতভাৱে পুৱা বা গধূলি আদাৰ চাহ খাব পাৰে ৷ এই চাহত নেমুৰ ৰসো মিহলাই লব পাৰে ৷ যিটো ওজন হ্ৰাস কৰাত ফলপ্ৰসূ ৷

আদা আৰু নেমুৰ পানী

প্ৰায়ে মানুহে ওজন কমাবলৈ পুৱা নেমুৰ পানীৰে আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত ওজন কমাব পৰা খাদ্যত আদা আৰু নেমুৰ পানী খাব পাৰে ৷ ইয়াৰ বাবে আদা আৰু নেমুৰ ৰস গৰম পানীত মিহলাই প্ৰতিদিনে পুৱা ডিটক্স ড্ৰিংক হিচাপে খাব লাগে ৷

স্মুদি

ওজন কমাবলৈ আদাৰ স্মুদিও খাব পাৰে ৷ ফল-মূল, শাক-পাচলি আৰু আদা ব্যৱহাৰ কৰি এইটো বনাব পাৰি ৷ ইয়াৰ ফলত পেট ভৰি থাকে আৰু ওজন কমোৱাত সহায় কৰে ৷

আদাৰ গুড়ি

আদাৰ গুড়ি আদাৰ সমানেই উপকাৰী ৷ ইয়াত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায় ৷ ওজন কমাবলৈ আদাৰ গুড়িৰ সহায় ল’ব পাৰে ৷ পানীত মিহলাই খাব পাৰে বা খাদ্যতো ব্যৱহাৰ কৰিব পাৰে ৷

কেণ্ডী

আদাৰ কেণ্ডী খাবলৈ অতি সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয় । ওজন কমাবলৈ এইটো এটা উত্তম বিকল্প । ইয়াক তৈয়াৰ কৰিবলৈ আদাৰ টুকুৰা কৰি কাটি লওক । এই টুকুৰাবোৰ এটা বাটিত ভৰাই তাৰ পিছত তাত নিমখ, আমৰ গুড়ি, জালুকৰ গুড়ি আৰু নেমুৰ ৰস মিহলাই লওক । এই মিশ্ৰণটো কিছু সময় থৈ দিব । ইয়াৰ পিছত ৰ’দত শুকুৱাই লওক । আপোনাৰ আদাৰ কেণ্ডী সাজু ।

লগতে পঢ়ক: Raisins: বিভিন্ন গুণাগুণেৰে ভৰপূৰ কিচমিচ; তিয়াই খালে পাব এই উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.