ETV Bharat / sukhibhava

পুৱা খালী পেটত গৰম পানী খালে পেটৰ চৰ্বি কমে নেকি ? - ছালৰ বাবে গৰম পানী খোৱাৰ উপকাৰিতা

Hot water advantages and disadvantages : পানী খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী, প্ৰায়ে কোৱা হয় যে পানী খোৱাৰ ফলত শৰীৰটো হাইড্ৰেটেড হৈ থাকে । কিন্তু কোৱা হয় যে ঠাণ্ডা পানীতকৈ গৰম পানী খোৱাৰ উপকাৰিতা বেছি ৷ কিন্তু কিমান দূৰ সঁচা এই কথা । জানো আহক এই প্ৰতিবেদনত ৷

Cold Water Vs Warm Water Which One better for health
গৰম পানী খোৱাৰ উপকাৰিতা
author img

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 4:23 PM IST

বৰ্তমান প্ৰায় মানুহৰ ক্ষেত্ৰত দেখা দিয়া এটা সমস্যা হৈছে ওজন বৃদ্ধি । সেয়েহে, মানুহে ওজন কমাবলৈ যৎপৰোনাস্তি চেষ্টা কৰে আৰু দৈনিক ওজন কমোৱাৰ নতুন নতুন পদ্ধতিও অৱলম্বন কৰে ৷ বহুতে পুৱা সাৰ পোৱাৰ লগে লগে দাঁত ব্ৰাছ কৰি গৰম পানীত নেমুৰ ৰস দি খালী পেটত পান কৰে । আন কিছুমানে আকৌ কেৱল এগিলাচ গৰম পানী খায়, যাতে তেওঁলোকৰ পেট পৰিষ্কাৰ হৈ থাকে । ইয়াৰে একাংশই আকৌ খালী পেটত গৰম পানী খালে কলেষ্টেৰল কম হয় বুলি বিশ্বাস কৰে । কিন্তু এই কথা কিমান দূৰ সঁচা ? ইয়াৰ ফলত স্বাস্থ্যৰ অপকাৰ হয় নে উপকাৰ হয় ? জানি লওক এই সকলো প্ৰশ্নৰ উত্তৰ ৷

যদি আপুনি গ্ৰীষ্মকালত পুৱা গৰম পানী পান কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে । পানী খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী, প্ৰায়ে কোৱা হয় যে পানী খোৱাৰ ফলত শৰীৰটো হাইড্ৰেটেড হৈ থাকে ।

কিন্তু গৰম পানী খোৱাৰ কি কি উপকাৰিতা আছে ?

1) হজম শক্তি উন্নত হয়

গৰম পানী খালে ই সোনকালে হজম হয় । ফলত নিয়মীয়াকৈ মলত্যাগ কৰাত সহায়ক হয় আৰু কোষ্ঠকাঠিন্যৰ আশংকা হ্ৰাস পায় ।

2) ডিটক্স

গৰম পানীয়ে শৰীৰ বিষমুক্ত কৰাত সহায় কৰে ।

3) ওজন কমি যোৱা

বহু গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি পৰ্যাপ্ত পৰিমাণৰ পানী খালে ওজন কমাবলৈ সহায়ক হয় । ২০০৩ চনত কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে ঠাণ্ডা পানীৰ পৰিৱৰ্তে গৰম পানী খালে ওজন কমোৱাত সহায়ক হয় ।

গৰম পানী খোৱাৰ অপকাৰিতা

অত্যাধিক গৰম পানী খালে শৰীৰত পানীৰ ঘনত্বত ভাৰসাম্যহীনতা সৃষ্টি কৰিব পাৰে।

যদি আপুনি বেছিকৈ গৰম পানী খায় তেন্তে ই আপোনাৰ টোপনিৰ চক্ৰত ব্যাঘাত জন্মাব পাৰে ।

অত্যধিক গৰম পানী সেৱন কৰিলে বৃক্কত বিৰূপ প্ৰভাৱ পৰিব পাৰে ।

বাৰে বাৰে গৰম পানী সেৱন কৰিলে আভ্যন্তৰীণ বিষ হ’ব পাৰে ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: হালধীয়া হালধিতকৈ ক’লা হালধি স্বাস্থ্যৰ বাবে উপকাৰী, এইদৰে কৰক ব্যৱহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.