ETV Bharat / sukhibhava

Child Care: শীতকালত শিশুটি যত্নৰ বাবে উপযুক্ত উপায় কি? - শীতকালত শিশুৰ যত্ন

প্ৰাচীন কালৰে পৰাই কোৱা হৈছে যে, শিশুটিৰ প্ৰথম শীতকাল আৰু প্ৰথম গ্ৰীষ্মকালত অতিৰিক্ত যত্ন লোৱাটো প্ৰয়োজনীয় । আইতাৰ টিপছৰ লগতে চিকিৎসাৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱালৈকে বহুতো শিশুৰ যত্ন লোৱা পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় । যদিও সাধাৰণতে প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ যত্ন ল’বলৈ চেষ্টা কৰে, কিন্তু তথাপিও শিশুটি অসুস্থ হৈ পৰে । এই প্ৰতিবেদনৰ জৰিয়তে আমি শিশুৰ প্ৰথম চৰ্দিৰ সৈতে জড়িত কিছু তথ্য শ্বেয়াৰ কৰিবলৈ ওলাইছো ।

Child Care Is it your childs first winter Do take care of these things
শীতকালত শিশুটি যত্নৰ বাবে উপযুক্ত উপায় কি?
author img

By

Published : Dec 5, 2022, 10:39 PM IST

প্ৰাচীন কালৰে পৰাই কোৱা হৈছে যে, শিশুটিৰ প্ৰথম শীতকাল আৰু প্ৰথম গ্ৰীষ্মকালত অতিৰিক্ত যত্ন লোৱাটো প্ৰয়োজনীয় । আইতাৰ টিপছৰ লগতে চিকিৎসাৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লোৱালৈকে বহুতো শিশুৰ যত্ন লোৱা পদ্ধতি গ্ৰহণ কৰাটো প্ৰয়োজনীয় । যদিও সাধাৰণতে প্ৰতিজন অভিভাৱকে নিজৰ সন্তানৰ যত্ন ল’বলৈ চেষ্টা কৰে, কিন্তু তথাপিও শিশুটি অসুস্থ হৈ পৰে । এই প্ৰতিবেদনৰ জৰিয়তে আমি শিশুৰ প্ৰথম চৰ্দিৰ সৈতে জড়িত কিছু তথ্য শ্বেয়াৰ কৰিবলৈ ওলাইছো(how to Care a Child During Winter) ।

দৰাচলতে আমি আপোনাক ক’ম যে যদি এইটো আপোনাৰ শিশুৰ প্ৰথম চৰ্দি হয়, তেন্তে আপুনি কি কি গুৰুত্বপূৰ্ণ কথাৰ বিশেষ যত্ন লোৱাটো উচিত ৷

Child Care Is it your childs first winter Do take care of these things
শীতকালত শিশুটি যত্নৰ বাবে উপযুক্ত উপায় কি?

শিশুৰ কাপোৰৰ প্ৰতি যত্ন লওক

ককা-আইতাৰ দিনৰে পৰাই পৰামৰ্শ দিয়া হৈছে যে, শীতকাল আৰম্ভ হোৱাৰ লগে লগে শিশুটিক কাপোৰেৰে ঢাকি ৰখাটো প্ৰয়োজনীয় । কিন্তু শিশুটিক অধিক কাপোৰ পিন্ধাই দিয়াটোও উচিত নহয়(child care) । এই পদ্ধতিৰ দ্বাৰা শিশুৱে শ্বাস-প্ৰশ্বাসত অসুবিধা অনুভৱ কৰিব পাৰে । ইয়াৰ বাহিৰেও তেওঁৰ ছালত ফোহা বা ৰঙা পৰা দেখা যাব পাৰে । নৱজাত শিশুৰ ছালখন অতি সংবেদনশীল, এনে পৰিস্থিতিত প্ৰতিটো সময়তে শিশুটিক কাপোৰৰ ভিতৰতে ৰাখিলে অশান্তি অনুভৱ কৰিব পাৰে ।

ছালৰ যত্ন

শিশুৰ স্বাস্থ্যৰ লগতে ইয়াৰ ছালখনকো আদৰৰ প্ৰয়োজন । অতিপাত ঠাণ্ডাত শিশুক স্নান কৰোৱাৰ পৰিৱৰ্তে তিতা টাৱেলেৰে শিশুৰ শৰীৰটো স্পঞ্জ কৰক । এইদৰে ইয়াক পৰিষ্কাৰ কৰা হ’ব আৰু শিশুটিক ঠাণ্ডাৰ পৰাও ৰক্ষা কৰা হ’ব । এই কৌশলৰ ফলত শিশুটিৰ ছালখনৰ যত্নও সঠিকভাবে হ'ব । শিশুটিক মালিচ কৰিবলৈ সৰিয়হৰ তেল ব্যৱহাৰ কৰক, কাৰণ ইয়াৰ প্ৰভাৱ গৰম । মালিচ কৰিলে ছালৰ ৰক্ত সঞ্চালন উন্নত হ’ব ।

সূৰ্যৰ পোহৰৰ পৰা শিশুটিয়ে পাব এইসমূহ লাভ

খাদ্যৰ উপৰিও শিশুটিক আন উপায়েৰেও শক্তিশালী কৰি তুলিব পাৰি । ভিতৰৰ পৰা শক্তিশালী কৰিবলৈ দৈনিক কমেও ১০ মিনিট সময় সূৰ্যৰ পোহৰত ৰাখিব লাগে । ইয়াৰ ফলত শিশুটিৰ হাড়বোৰ মজবুত হ’ব । ইয়াৰ উপৰিও সূৰ্যৰ পোহৰত শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হ’ব । পুৱা আৰু গধূলি শিশুৰ মূৰটো ঢাকি ৰখাটো উচিত ।

লগতে পঢ়ক: Crying baby: শিশুৱে কন্দাৰ আঁৰত থাকিব পাৰে যোগাত্নক দিশো

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.