ETV Bharat / sukhibhava

Costochondritis: কষ্টোকণ্ড্ৰাইটিছৰ ফলত বুকুৰ তীব্ৰ বিষ তথা অস্বস্তি হ’ব পাৰে, বিশেষজ্ঞৰ পৰা বিতংভাৱে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 11:31 AM IST

কষ্ট’কণ্ড্ৰাইটিছ হৈছে কামি হাঁড়ৰ কাৰ্টিলেজত হোৱা প্ৰদাহ বা পোৰণি ৷ কিন্তু বিৰল ক্ষেত্ৰৰ বাহিৰে সাধাৰণতে ইয়াৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত কোনো গুৰুতৰ প্ৰভাৱ নপৰে ৷ কিন্তু যিহেতু ভুক্তভোগীয়ে দীৰ্ঘদিন ধৰি বুকুৰ তীব্ৰ বিষৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, সেয়েহে ই নিশ্চিতভাৱে ভুক্তভোগীৰ বাবে কাম কৰাত অস্বস্তি বা অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৷ এই সন্দৰ্ভত ইটিভি ভাৰত সুখীভৱৰ সৈতে হোৱা এক সাখ্যাতকাৰত উত্তৰাখণ্ডৰ ডেৰাডুনৰ জ্যেষ্ঠ অস্থিৰোগ বিশেষজ্ঞ ডাঃ হেম যোশীয়ে ইয়াৰ বিষয়ে বিতংভাৱে জানিবলৈ দিয়ে ৷

Can costochondritis cause severe chest pain?
কষ্টোকণ্ড্ৰাইটিছৰ ফলত বুকুৰ তীব্ৰ বিষ তথা অস্বস্তি হ’ব পাৰে, বিশেষজ্ঞৰ পৰা বিতংভাৱে জানি লওক

প্ৰায়ে আমাৰ সৈতে এনেকুৱা হোৱা দেখা যায় যে বহু কাৰণত বুকু বা কামি হাঁড়ত বিষ বা হান মাৰি ধৰা যে অনুভৱ হয় ৷ কেতিয়াবা ইয়াক কিছুমান কম-বেছি পৰিমাণে গুৰুতৰ ৰোগ বা সংক্ৰমণৰ লক্ষণ বা সংকেত বুলিও গণ্য কৰা হয় ৷ কামিহাড়ৰ বিষৰ বাবেও কষ্ট’কণ্ড্ৰাইটিছ দায়ী কাৰণ হ’ব পাৰে ৷ যদিও বিশেষজ্ঞসকলে বিশ্বাস কৰে যে বিৰল পৰিস্থিতিৰ বাহিৰে কষ্টোচণ্ড্ৰাইটিছে বেছিভাগ ক্ষেত্ৰতে জীৱনলৈ ভাবুকি কঢ়িয়াই অনা প্ৰভাৱ বা সমস্যাৰ সৃষ্টি নকৰে, কিন্তু বুকুত বিশেষকৈ কামিহাড়ত দীৰ্ঘদিনীয়া বিষে বেছিভাগ ৰোগীৰ বাবে অস্বস্তি আৰু অশান্তিৰ সৃষ্টি কৰে ৷ আনকি তেওঁলোকৰ দৈনন্দিন কাম-কাজতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে ৷

কাৰণ আৰু লক্ষণসমূহ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ জ্যেষ্ঠ অস্থিৰোগ বিশেষজ্ঞ ডাঃ হেম যোশীয়ে বুজাইছে যে, কষ্টোচণ্ড্ৰাইটিছ আচলতে কামিহাড়ৰ ওপৰৰ ভাগত থকা কোমল কাৰ্টিলেজ বা কাৰ্টিলেজ জংচনত প্ৰদাহৰ অৱস্থা ৷ যিটো বহু কাৰণত হ’ব পাৰে ৷ তেওঁ কয় যে, এইটো বৰ সাধাৰণ সমস্যা নহয় ৷ এই সমস্যা ১০০ জনৰ ভিতৰত ২-৩ জনৰ ক্ষেত্ৰত দেখা যাব পাৰে ৷ এই সমস্যা সাধাৰণতে বুকুৰ ওপৰৰ কামি হাঁড়ত বেছিকৈ দেখা যায় ৷ বিশেষকৈ ইয়াৰ বেছিভাগ ক্ষেত্ৰতে দ্বিতীয় কামি হাঁড়ৰ কাৰ্টিলেজ সংযোগস্থলত ফুলাৰ ক্ষেত্ৰত দেখা যায় ৷ এই সমস্যাটোক কষ্টষ্টেৰনেল চিনড্ৰম বুলিও কোৱা হয় ৷

চিকিৎসকে কৈছে যে, কামি হাঁড়ৰ কাৰ্টিলেজত প্ৰদাহ বহু কাৰণত হ’ব পাৰে, যেনে- আঘাত, সংক্ৰমণ, বা যিকোনো ধৰণৰ জটিল চিকিৎসাৰ পিছত পাৰ্শ্বক্ৰিয়া ইত্যাদি ৷ কেতিয়াবা ইয়াৰ কাৰণো অজ্ঞাত হ’ব পাৰে ৷ কাৰ্টিলেজৰ ফুলা বাঢ়িলে আক্ৰান্ত অংশত ৰঙা পৰাৰ লগতে অসহ্যকৰ বিষ হ’ব পাৰে ৷ এই সমস্যাৰ সৃষ্টি হ’লে বুকুৰ তীব্ৰ বিষৰ উপৰিও শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ দৰে সমস্যাও হ’ব পাৰে ৷ যিটো কেতিয়াবা অত্যধিক শাৰীৰিক ক্ৰিয়া-কলাপ বা কঠোৰ পৰিশ্ৰমৰ বাবে যেনে অধিক ব্যায়াম, বেছিকৈ খোজ কঢ়া বা গধুৰ কিবা এটা তুলি লোৱা আদিৰ বাবে বৃদ্ধি পাব পাৰে ৷ একে সময়তে বিষ বেছি হ’লে টোপনি, কাহ আৰু স্বাভাৱিক দৈনন্দিন কাম-কাজ কৰাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে ৷

ভ্ৰম

তেওঁ কয় যে, কষ্টোচণ্ড্ৰাইটিছৰ বিষয়ে মানুহৰ বহু ভুল ধাৰণা আছে, যেনেকৈ বহুতে ইয়াক হাৰ্ট ডিজিজ বা হাৰ্ট এটেকৰ সৈতে জড়িত কৰে ৷ অৱশ্যে তেনেকুৱা নহয় ৷ যদি কষ্টোচণ্ড্ৰাইটিছৰ বিষ বুকুৰ বাওঁফালে থাকে তেন্তে কেতিয়াবা হৃদযন্ত্ৰৰ বিষ বা হাৰ্ট এটেকৰ ভ্ৰমৰ সৃষ্টি হ’ব পাৰে ৷ কিন্তু ইয়াৰ ফলত হাৰ্ট এটেক নহয় ৷ আনহাতে বুকুৰ সোঁফালে বিষ হোৱাটোৱেই কষ্ট’কণ্ড্ৰাইটিছৰ একমাত্ৰ লক্ষণ বুলি ধৰা হয় ৷

তেওঁ বুজাইছে যে, কষ্টোকণ্ড্ৰাইটিছত কেৱল কামি হাঁড়ৰ কাৰ্টিলেজতহে ফুলি উঠে ৷ নিৰ্দিষ্ট বা বিৰল পৰিস্থিতিৰ বাহিৰে ইয়াৰ ফলত আক্ৰান্ত অংশত পূজৰ দৰে অৱস্থা দেখা নাযায় বা সংক্ৰমণ চাৰিওফালৰ অঞ্চললৈ বিয়পি নাযায় ৷ যদি এনে লক্ষণ বা প্ৰভাৱ দেখা যায় তেন্তে আন সমস্যাই ইয়াৰ কাৰণ হ’ব পাৰে ৷ যেনে টিউমাৰ, টিবি বা আন যিকোনো ধৰণৰ সংক্ৰমণ, তীব্ৰ কাহ, হাড়ৰ লগত জড়িত কিছুমান সমস্যা আৰু সংক্ৰমণ ইত্যাদি ৷

চিকিৎসা আৰু নিদান

ডাঃ হেম জোছিয়ে বুজাইছে যে, যদিও বহু ক্ষেত্ৰত কষ্টোচণ্ড্ৰাইটিছৰ চিকিৎসাত কিছু সময় লাগিব পাৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে ই আৰোগ্য হয় ৷ বিৰল ক্ষেত্ৰত বাদ দিলে সাধাৰণতে ভৱিষ্যতে স্বাস্থ্যজনিত বিপদৰ কোনো আশংকা নহয় ৷ তেওঁ কয় যে, বেছিভাগ ক্ষেত্ৰতে কামি হাঁড় অৰ্থাৎ বুকুৰ হাঁড় আৰু ইয়াৰ চাৰিওফালৰ অংশ স্পৰ্শ কৰি আৰু লক্ষণৰ ভিত্তিত এই সমস্যাৰ অস্তিত্ব নিশ্চিত কৰিব পাৰি ৷ কিন্তু কেতিয়াবা চিকিৎসকে ইয়াৰ তীব্ৰতা পৰীক্ষা কৰিবলৈ এম আৰ আইৰ বাবে নিৰ্দেশ দিব পাৰে ৷

সাধাৰণতে কষ্টোচণ্ড্ৰাইটিছৰ চিকিৎসাত বিষ আৰু ফুলাৰ পৰা উপশম পাবলৈ এন্টি-ইনফ্লেমেটৰী ঔষধ বা অন্যান্য ঔষধ ব্যৱহাৰ কৰা হয় ৷

সাৱধানতা

তেওঁ কয় যে, যদি কোনো ব্যক্তিৰ কষ্টোচণ্ড্ৰাইটিছৰ লক্ষণ দেখা গৈছে তেন্তে তেওঁ তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ চিকিৎসাৰ লগতে ভুক্তভোগীয়ে সমস্যা বা বিষৰ প্ৰভাৱ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ প্ৰতিও যত্ন ল’ব লাগে ৷ যেনে- বিষ বেছি হ’লে বুকুত অত্যধিক হেঁচা দিয়া কষ্টকৰ কাম-কাজ পৰিহাৰ কৰক ৷ যাতে বিষ বা শ্বাস-প্ৰশ্বাস বা অন্যান্য সমস্যা বৃদ্ধি নহয় ৷

লগতে পঢ়ক: Dried ginger: শুকান আদাই নিৰাময় কৰিব কোষ্ঠকাঠিন্যকে ধৰি আপোনাৰ শৰীৰৰ বহু ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.