ETV Bharat / sukhibhava

Bone Infection: হাড়ৰ গুৰুতৰ সংক্ৰমণ অষ্টিওমাইলাইটিছ - অৰ্থোপেডিক চাৰ্জন ডাঃ হেম যোশী

হাড়ৰ সংক্ৰমণ বা অষ্টিওমাইলাইটিছ হৈছে এক গুৰুতৰ ৰোগ । অষ্টিওমাইলাইটিছক হাড়ৰ সংক্ৰমণ বুলিও কোৱা হয়, এক অতি গুৰুতৰ স্থিতি । তীব্ৰ অষ্টিওমাইলাইটিছত লগে লগে চিকিৎসা কৰাটো অতি গুৰুত্বপূৰ্ণ, অন্যথা ভুক্তভোগীৰ অৱস্থা গুৰুতৰ হ'ব পাৰে । ইয়াৰ লক্ষণ, কাৰণ আৰু প্ৰভাৱবোৰ জানি ইয়াক প্ৰতিৰোধ কৰিবলৈ সঠিক চিকিৎসা গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ(Osteomyelitis) ।

Bone Infection
হাড়ৰ গুৰুতৰ সংক্ৰমণ অষ্টিওমাইলাইটিছ
author img

By

Published : Jan 1, 2023, 8:53 PM IST

আপুনি জানেনে যে আমাৰ হাড়ৰ সংক্ৰমণেও আমাক পংগু কৰিব পাৰে ? হয়, হাড়ত গুৰুতৰ সংক্ৰমণ আৰু ইয়াৰ সঠিক তথা সময়মতে চিকিৎসা নকৰিলে কেতিয়াবা ভুক্তভোগীয়ে শাৰীৰিক সক্ষমতা হেৰুৱাব পাৰে । চিকিৎসকৰ মতে, হাড়ৰ সংক্ৰমণ বেছিভাগ ক্ষেত্ৰতে অতি গুৰুতৰ সমস্যা বুলি গণ্য কৰা হয় । যাৰ বাবে তাৎক্ষণিক চিকিৎসা অতি গুৰুত্বপূৰ্ণ ।

ইয়াৰ কাৰণ তথা প্ৰকাৰ:

উত্তৰাখণ্ডৰ ডেৰাডুনৰ অৰ্থোপেডিক চাৰ্জন ডাঃ হেম যোশীয়ে (Dr Hem Joshi Orthopedician , Dehradun, Uttarakhand) ব্যাখ্যা কৰা অনুসৰি, যিদৰে আমাৰ শৰীৰৰ যিকোনো অংশত বেক্টেৰিয়া, ভাইৰাছ বা ভেঁকুৰৰ ফলত সংক্ৰমণ হ'ব পাৰে, ঠিক তেনেদৰে এই সকলো কাৰণৰ বাবে হাড়ত সংক্ৰমণ হ'ব পাৰে । তেওঁ বৰ্ণনা কৰে যে হাড়ৰ সংক্ৰমণক অষ্টিওমাইলাইটিছ(Osteomyelitis) বুলিও কোৱা হয় আৰু ইয়াক সাধাৰণতে একে বেক্টেৰিয়া, ভেঁকুৰ বা ভাইৰাছৰ বাবে দায়ী কৰা হয় যি শৰীৰৰ আন অংশত সংক্ৰমণৰ বাবে দায়বদ্ধ । উদাহৰণ স্বৰূপে, নিউমোনিয়া বা ডায়েৰিয়াৰ বাবে দায়বদ্ধ হ'ব পৰা ভাইৰাছটো হাড়ৰ সংক্ৰমণৰ বাবেও দায়ী হ'ব পাৰে ।

সংক্ৰমণৰ বাবে দায়বদ্ধ কাৰণৰ ওপৰত ভিত্তি কৰি, অষ্টিওমাইলাইটিছক বেক্টেৰিয়া অষ্টিওমাইলিটিছ তথা ভেঁকুৰ অষ্টিওমাইলিটিছ (Bacterial osteomyelitis তথা Fungal osteomyelitis)ৰ শ্ৰেণীত শ্ৰেণীবদ্ধ কৰা হয় । উদাহৰণস্বৰূপে, বেক্টেৰিয়াৰ সংক্ৰমণৰ কাৰণ হৈছে শৰীৰৰ আন এটা অংশত বেক্টেৰিয়াৰ সংক্ৰমণ আৰু ইয়াৰ প্ৰভাৱ তেজ বা অন্যান্য উপায়েৰে হাড়লৈ যোৱা । একে সময়তে, ভেঁকুৰৰ সংক্ৰমণ আঘাত বা দুৰ্ঘটনা, হাড়ত মৃদু বা গুৰুতৰ আঘাত আৰু ইয়াত ভেঁকুৰৰ ফলত হোৱা সংক্ৰমণৰ বাবে দায়ী বুলি গণ্য কৰা হয় । ইয়াৰ উপৰিও, সংক্ৰমিত ছাল, পেশীৰ আঘাত পৰা হাড়লৈও সংক্ৰমণ বিয়পিব পাৰে । একে সময়তে, হাড়ত ৰ’ড বা প্লেট সুমুৱাই দিয়াৰ পিছতো ইয়াৰ সংক্ৰমণৰ আশংকা থাকিব পাৰে ।

ডাঃ হেম যোশীয়ে ব্যাখ্যা কৰে যে এই ৰোগৰ তীব্ৰতা এই কথাৰ পৰা অনুমান কৰিব পাৰি যে যেতিয়া সমস্যাটো বৃদ্ধি পায় ৷ প্ৰভাৱিত এলেকাৰ হাড় ইমান দুৰ্বল হ'ব পাৰে যে ই ভাঙি যায় । পূৰ্বতে ইয়াক এক দুৰাৰোগ্য ৰোগ বুলিও গণ্য কৰা হৈছিল, কিন্তু বৰ্তমান সময়ত চিকিৎসা ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বাবে, এনে বহুতো কৌশল, চিকিৎসা আৰু বিকল্প আছে যি এই সময়ত যথেষ্ট সহায়ক হ'ব পাৰে । তেওঁ বৰ্ণনা কৰে যে অষ্টিওমাইলিটিছৰ পৰ্যায়ত, বেছিভাগ সংক্ৰমিত এলেকাত পুঁজ জমা হ’বলৈ আৰম্ভ কৰে । ইয়াৰ বাহিৰেও, এইটো চিন্তাৰ বিষয় যে যদি এই সংক্ৰমণৰ সময়ত হাড় ভাঙে অথবা আন কোনো ৰোগত আক্ৰান্ত হয়, তেনেহ'লে ইয়াক নিৰাময় কৰাৰ ক্ষেত্ৰত বহু সমস্যা হ'ব পাৰে । একে সময়তে, এবাৰ আৰোগ্য হোৱাৰ পিছত, পুনৰ আক্ৰান্ত হ’ব পাৰে । তেওঁ আৰু কয় য়ে, হাড়ত যক্ষ্মাও এক প্ৰকাৰৰ হাড়ৰ সংক্ৰমণ হ’ব পাৰে।

তীব্ৰ আৰু দীৰ্ঘম্যাদী অষ্টিওমাইলাইটিছে(Acute and chronic osteomyelitis):

ডাঃ হেম যোশীয়ে কয় যে, অষ্টিওমাইলাইটিছ এক অতি গুৰুতৰ ৰোগ ৷ অৱশ্যে ইয়াৰ কাৰণ আৰু প্ৰভাৱৰ ওপৰত ভিত্তি কৰি ইয়াৰ তীব্ৰতা আৰু গভীৰতা কম বেছি হ'ব পাৰে । সেয়েহে, ই তীব্ৰ আৰু দীৰ্ঘম্যাদী দুয়ো ধৰণৰ হ'ব পাৰে ।

তীব্ৰ অষ্টিওমাইলিটিছ (Acute osteomyelitis) :

তেওঁ ব্যাখ্যা কৰে যে সংক্ৰমিত এলেকাত তীব্ৰ অষ্টিওমাইলিটিছ পচিবলৈ আৰম্ভ কৰে । এই পৰ্যায়ত, সংক্ৰমণে অতি দ্ৰুত প্ৰভাৱ দেখুৱায় আৰু ইয়াৰ লক্ষণবোৰো লগে লগে দেখা দিবলৈ আৰম্ভ হয়, যেনে হঠাতে প্ৰভাৱিত স্থানত অসহনীয় বিষ হয় আৰু তীব্ৰ জ্বৰ উঠে । এই সমস্যাটো বেছিভাগ শিশুৰ ক্ষেত্ৰত দেখা যায় । তীব্ৰ অষ্টিওমাইলাইটিছ বেছিভাগ হাড়ৰ ঠাইত হয় যিবোৰ গাঁঠিৰ সৈতে সংলগ্ন থাকে বা গাঁঠিৰ ওচৰত থাকে আৰু শিশুৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে দেখা যায় । যেনে উৰুৰ কাষৰ পৰা আঁঠুলৈ থকা হাড়, ভৰিৰ শিনৰ পৰা গোৰোহাৰ গাঁঠিৰ মাজৰ হাড় তথা কিলাকুটি আৰু ইয়াৰ ওচৰৰ হাড়ত । Acute osteomyelitisৰ বেছিভাগ ঘটনা গাঁঠিতকৈ হাড়ত বেছি দেখা যায় । তেওঁ বৰ্ণনা কৰে যে আমাৰ হাড় এক কঠিন কলা, সেয়েহে সমস্যাটোত যথেষ্ট ফুলা আৰু বিষ অনুভৱ হয় । সেয়েহে এনে ৰোগী, বিশেষকৈ শিশুৱে হাড়ৰ স্থানত অসহনীয় বিষ অনুভৱ কৰিলে তথা তীব্ৰ জ্বৰ হ’লে তেওঁলোকক তৎক্ষণাৎ হাড়ৰ সংক্ৰমণ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হয় । এইটো এটা অতি গুৰুতৰ সমস্যা আৰু ইয়াৰ তাৎক্ষণিক চিকিৎসা অতি গুৰুত্বপূৰ্ণ ।

দীৰ্ঘম্যাদী অষ্টিওমাইলাইটিছ(Chronic osteomyelitis) :

ইয়াত সমস্যা ক্ৰমান্বয়ে বৃদ্ধি হয় আৰু লক্ষণবোৰ লাহে লাহে কিন্তু দীঘলীয়া সময়ৰ বাবে দেখা দিয়ে । উদাহৰণ স্বৰূপে, সংক্ৰমিত স্থানত কেতিয়াবা বিষ অনুভৱ হ'ব আকৌ কেতিয়াবা জ্বৰ উঠিব কেতিয়াবা আকৌ আৰোগ্য হ'ব । সাধাৰণতে, মানুহে এই সমস্যাটোৰ বিষয়ে নাজানে যেতিয়ালৈকে ইয়াৰ লক্ষণবোৰ অধিক তীব্ৰতাৰে দেখা দিয়া আৰম্ভ নহয় । উদাহৰণ স্বৰূপে, যক্ষ্মাক দীৰ্ঘম্যাদী সংক্ৰমণ বুলি গণ্য কৰা হয় কিয়নো ই লাহে লাহে বৃদ্ধি হয় আৰু ইয়াৰ লক্ষণবোৰো লাহে লাহে দেখা যায় । কিন্তু যক্ষ্মা ৰোগৰ বেছিভাগ ঘটনা গাঁঠিত দেখা যায় । অৱশ্যে, দীৰ্ঘম্যাদী অষ্টিওমাইলাইটিছৰ ঘটনা হাড় আৰু গাঁঠি দুয়োটাতে দেখা যায় ।

পুনৰ সংক্ৰমণ হ’ব পাৰে:

ডাঃ যোশীয়ে উল্লেখ কৰা অনুসৰি এই সংক্ৰমণৰ সম্পূৰ্ণ চিকিৎসা নকৰিলে তথা ৰোগীয়ে তেওঁৰ ঔষধ আধাতে এৰি দিলে পুনৰ আক্ৰান্ত হ’ব পাৰে । উদাহৰণ স্বৰূপে, যদি এটা শিশুৰ ইয়াৰ দ্বাৰা সংক্ৰমিত হয় আৰু সঠিক সময়ত আৰু সম্পূৰ্ণ চিকিৎসা কৰা নহয়, তেনেহ'লে শিশুটো ডাঙৰ হোৱাৰ পিছত এই সমস্যাটো পুনৰ দেখা দিব পাৰে । তেওঁৰ এনে বহু ঘটনা দেখিছে য’ত শৈশৱত এই ৰোগত আক্ৰান্তজন পুনৰ প্ৰাপ্তবয়স্ক বয়সত ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে । তেওঁ কয় যে শিশুৰ এই সংক্ৰমণে তেওঁলোকৰ শাৰীৰিক বিকাশকো প্ৰভাৱিত কৰিব পাৰে যদি তেওঁলোকক সঠিক সময়ত চিকিৎসা কৰা নহয় । ইয়াৰ বাহিৰেও, যদি হাড়ত বেক্টেৰিয়াৰ সংক্ৰমণৰ ক্ষেত্ৰত চিকিৎসা সময়মতে কৰা নহয়, তেনেহ'লে ই যকৃত আৰু বৃক্ক আৰু কেতিয়াবা মেৰুদণ্ডকো প্ৰভাৱিত কৰিব পাৰে । একে সময়তে, ভুক্তভোগী বিকলাংগও হ'ব পাৰে ।

হাড়ৰ সংক্ৰমণ নিৰ্ণয় আৰু চিকিৎসা(Bone infection diagnosis):

অৰ্থোপেডিচিয়ান ডাঃ হেম যোশীয়ে কয় যে, সংক্ৰমণৰ পৰ্যায়ত pathological পৰীক্ষা কৰা হয় । তেজৰ কণিকা, ৰক্ত কোষ গণনা (চিবিচি), হাড় স্কেন আৰু এমআৰআইৰ দৰে পৰীক্ষা কৰা হয় । সংক্ৰমণ নিশ্চিত হোৱাৰ পিছত, ভুক্তভোগীক প্ৰায় ছয় সপ্তাহৰ বাবে এণ্টিবায়টিক দিয়া হয় । যিটো ৰোগীৰ অৱস্থা অনুসৰি বেজী, ড্ৰিপ তথা যিকোনো ধৰণে দিব পাৰি । তীব্ৰ সংক্ৰমণত, ভুক্তভোগীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় তথা তাৎক্ষণিকভাৱে তেওঁৰ চিকিৎসা আৰম্ভ কৰা প্ৰয়োজন ৷ যক্ষ্মা আৰু দীৰ্ঘম্যাদী সংক্ৰমণৰ ক্ষেত্ৰত ভুক্তভোগীৰ সংক্ৰমণৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা প্ৰদান কৰা হয় । ইয়াৰ উপৰি, সংক্ৰমণ অত্যাধিক বৃদ্ধি পালে অস্ত্ৰোপচাৰ কৰিবলগীয়াও হ'ব পাৰে । তেওঁ কয় যে, যিসকল লোক, বিশেষকৈ ৰক্তহীনতা ভোগা শিশু তথা ডায়েবেটিচৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত হাড়ৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক ।

লগতে পঢ়ক: Tips to Pain free Exercise: নতুনকৈ ব্যায়াম আৰম্ভ কৰিছে ? আঘাত পৰিহাৰৰ পাঁচটা উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.