ETV Bharat / sukhibhava

Acne: ক’লা তুলসী আৰু পদিনাৰে পাব পাৰি শালমাইনাৰ পৰা পৰিত্ৰাণ - শালমাইনাৰ সমস্যাৰ পৰা ঘৰুৱা উপায়েৰে পৰিত্ৰাণৰ উপায়

গৰমৰ সময়তচোৱাত বহুলোক শালমাইনাৰ সমস্যাত ভুগা দেখা যায়। ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা পৰিত্ৰানৰ পাব পাৰি । এই সন্দৰ্ভত জনালে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্তই ।

Acne tips
ক’লা তুলসী আৰু পদিনাৰে পাব পাৰি শালমাইনাৰ পৰা পৰিত্ৰাণ
author img

By

Published : Aug 16, 2023, 5:55 PM IST

ক’লা তুলসী আৰু পদিনাৰে পাব পাৰি শালমাইনাৰ পৰা পৰিত্ৰাণ

গৰমৰ সময়ছোৱাত শালমাইনাৰ সমস্যা যথেষ্ট বৃদ্ধি হোৱা দেখা যায় । বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ মাজত এই সমস্যা এই সমস্যা অধিক হোৱা দেখা যায় । হ’ৰমনৰ বিসংগতিৰ বাবে এই সমস্যা অধিক হোৱা দেখা যায় ।

শালমাইনাৰ সমস্যাৰ পৰা ঘৰুৱা উপায়েৰে পৰিত্ৰাণৰ উপায় ?

  • শালমইনাৰ সমস্যা পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা ভাৱেও যতন ল'ব পাৰি । এই ক্ষেত্ৰত প্ৰথম কৰণীয়টো হৈছে ছালখন সদায় আমি পৰিষ্কাৰকৈ ৰাখিব লাগে । যিকোনো সমস্যা বাবে আমি যদি আমাৰ ছালখন পৰিষ্কাৰকৈ ৰাখো তেন্তে তাত কোনো সংক্ৰমণ হ'ব নোৱাৰে । যি সকল লোকৰ ছাল বেছি তেলেতিয়া হয়, আৰু তেওঁলোকে যদি শালমইনাৰ সমস্যাত ভুগিছে তেন্তে তেওঁলোকে ৰাতিপুৱা, গধূলি আৰু ৰাতি শুৱাৰ পূৰ্বে তিনিবাৰ ভালদৰে ফেছৱাছৰে ছালখন পৰিষ্কাৰ কৰিব লাগে ।
  • যি সকল লোকৰ হ’ৰমনৰ বিসংগতি থাকে তেওঁলোকে থেৰেপী কৰিব লাগে । তাৰ উপৰিও তেওঁলোকে ঘৰুৱা ভাবেও যতন ল'ব পাৰে ।
  • শালমইনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে সদায় তেল-মছলাযুক্ত খাদ্য কমাই খাব লাগে । প্ৰচুৰ পৰিমাণে পানী খাব লাগে । বিশেষকৈ গৰমৰ সময়ছোৱা ডাৱ নাৰিকলৰ পানী, সতেজ ফলৰ ৰস, নেমু পানী আদি নিয়মিত ভাৱে খাব লাগে । ইয়াৰোপৰি দৈ খোৱাটো শৰীৰৰ বাবে ভাল । দৈয়ে ছালৰ যিকোনো ধৰণৰ সংক্ৰমণৰ পৰা আমাক ৰক্ষা কৰি ৰাখে ।

ঘৰুৱা পদ্ধতিৰে শালমাইনাৰ পৰা পৰিত্ৰাণৰ উপায়

ঘৰুৱা কিছু উপকৰনেৰে আপুনি শলামইনাৰ পৰা পৰিত্ৰাণ পাব পাৰে। তাৰ বাবে আপোনাক লাগিব ১০ খিলা মান ক’লা তুলসীৰ পাত আৰু ১০ খিলা মান পদিনাৰ পাত । গোটেইখিনি সামগ্রী ভালদৰে ধুই এটা মিশ্ৰণ তৈয়াৰ কৰি ল'ব । তৈয়াৰ কৰা মিশ্ৰনটোত ৰঙা চন্দনৰ পেষ্ট মিহলাই লগাব লাগে । এনেদৰে দৈনিক লগালে শালমইনাৰ পৰা পৰিত্ৰাণ পাব পাৰিব । ক’লা তুলসীয়ে ছালখন যথেষ্ট শীতল কৰে আৰু পদিনা পাতে শালমইনা সোনকালে শুকুৱাত সহায় কৰে । ৰঙা চন্দনে শালমইনাৰ পিছৰ ক’লা দাগ নোহোৱাত সহায় কৰে ।

এনেদৰেই আপুনি ছালৰ যতন লৈ শালমইনাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব ।

লগতে পঢ়ক: Blood Circulation: ৰক্ত সঞ্চালন সঠিক নহ’লে দেখা যায় এই লক্ষণ, বিপদৰ পৰা হাত সাৰিবলৈ খাওক এই খাদ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.