ETV Bharat / sukhibhava

কেতিয়াবা শুনিছেনে কেৰালাৰ আচাৰ! সৰহসংখ্যক লোকেই আক্ৰান্ত হৈ থকা ডায়েবেটিছৰ ই মহৌষধ - ডায়েবেটিছ ৰোগী

এক অধ্যয়নত এই তথ্য প্ৰকাশ পাইছে তিতা কেৰেলাই শৰীৰত ইনচুলিনৰ স্বাভাৱিক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে ৷ ইয়াৰ উচ্চ পুষ্টিকৰ মূল্যৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ বাবে তিতা কেৰালা খোৱাৰ পৰামৰ্শ দিয়ে ।

Bitter Melon pickle recipe why is it good for diabetes
কেতিয়াবা শুনিছেনে কেৰেলাৰ আচাৰ! সৰহসংখ্যক লোকেই আক্ৰান্ত হৈ থকা ডায়েবেটিছৰ ই মহৌষধ
author img

By

Published : Sep 19, 2022, 2:24 PM IST

তিতা কেৰালাই শৰীৰত ইনচুলিনৰ স্বাভাৱিক নিয়ন্ত্ৰণত ৰখাকে ধৰি বিভিন্ন স্বাস্থ্য উপকাৰিতাৰ বাবে জনাজাত। ইয়াৰ উপৰিও ই চেনিক চৰ্বিলৈ ৰূপান্তৰিত হোৱা পৰা ৰোধ কৰে আৰু পাছলৈ ইনচুলিনৰ সঠিক ব্যৱস্থাপনাত সহায় কৰে । ইয়াৰ উচ্চ পুষ্টিকৰ মূল্যৰ বাবে স্বাস্থ্য বিশেষজ্ঞসকলে সুস্থ জীৱনশৈলীৰ প্ৰসাৰৰ বাবে তিতা কেৰেলা খোৱাৰ পৰামৰ্শ দিয়ে । তিতা কেৰেলা কেইবাটাও উপায়েৰে খাব পাৰি । তলত আমি তিতা কেৰালাৰ আচাৰৰ ৰেচিপি উল্লেখ কৰিছো যি ডায়েবেটিছ ৰোগীৰ বাবে খুবেই লাভদায়ক(Bitter Melon pickle recipe why is it good for diabetes) ।

তিতা কেৰালা আচাৰ ৰেচিপিৰ উপকৰণ(Ingredient)-

  • ৭-৮টা মধ্যমীয়া আকাৰৰ তিতা কেৰেলা
  • ১ চামুচ ভিনেগাৰ বা ২ চামুচ নেমুৰ ৰস
  • হিং
  • ১ কাপ সৰিয়হ তেল
  • ২ চামুচ জিৰা
  • আধা চামুচ গৰম মছলা
  • ২ চামুচ মেথি
  • ৩ চামুচ নিমখ
  • ৪ চামুচ চফগুটি
  • ১ চামুচ ক’লা নিমখ
  • ২ চামুচ থেতেলিয়াই লোৱা হালধীয়া সৰিয়হ
  • ১ চামুচ ৰঙা জলকিয়া গুড়ি
  • ১ চামুচ হালধী গুড়ি

পদ্ধতি(Method):

  • ৭-৮ টা মধ্যমীয়া আকাৰৰ তিতা কেৰেলা পৰিষ্কাৰ পানীৰে দুবাৰকৈ ধুই পাতল ঘূৰণীয়া টুকুৰা কৰি ল'ব ।
  • কটা টুকুৰাবোৰত ১ চামুচ নিমখ দি বাচনত প্ৰায় এঘণ্টামান ৰাখিব।
  • ১ ঘণ্টাৰ পিছত নিমখ আৱৰণ দিয়া তিতা কেৰেলাৰ টুকুৰাবোৰ প্ৰায় ৫ মিনিটমান উতলাই ল'ব।
  • অতিৰিক্ত পানী চেকি উতলাই লোৱা টুকুৰাবোৰ ধুই লোৱা কাপোৰ এখনত মুকলি ৰ’দত ২-৩ ঘণ্টা ভালদৰে শুকুৱাই ল’ব।
  • কেৰাহী এখন লৈ হিং, জিৰা, মেথি আৰু চফ দিব। ৰং পাতল বাদামী হোৱালৈ ভাজিব।
  • ৰোষ্ট কৰা মছলাখিনি হালধীয়া সৰিয়হৰ সৈতে গুড়ি কৰি পিহি লওক।
  • এটা পৰিষ্কাৰ শুকান বাচনত শুকান তিতা কেৰেলা টুকুৰাবোৰ গোটাই লওক।
  • প্ৰস্তুত কৰা গুড়ি মছলাখিনি কিছু নিমখ দি দি সকলো উপাদান ভালদৰে মিহলাই লওক।
  • নেমুৰ ৰস চেপি ভালদৰে মিহলাই লওক। যদি নেমু নহয় তেন্তে ইয়াৰ সলনি এচামুচ ভিনেগাৰ ব্যৱহাৰ কৰিব পাৰি।
  • মিশ্ৰিত উপাদানখিনি কাঁচৰ পাত্ৰত গোটাই ৰ’দত ৰাখিব ।
  • ৪ দিনৰ বাবে পাত্ৰটোৰ ভিতৰৰ বস্তুখিনি পৰিষ্কাৰ আৰু শুকান চামুচেৰে মিহলাই থাকিব । আপোনাৰ তিতা কেৰেলা আচাৰ (Bitter gourd pickle) পৰিবেশন কৰিবলৈ সাজু হৈছে।
  • আচাৰখিনি প্ৰায় ১৫-২০ দিন খাব পাৰি, ইফালে পাত্ৰটো ফ্ৰীজত ৰাখি বা যথেষ্ট পৰিমাণৰ সৰিয়হ তেল ব্যৱহাৰ কৰি আচাৰখিনি সম্পূৰ্ণৰূপে ডুবাই ৰাখিব পাৰি আৰু আচাৰৰ ছেল্ফ লাইফ বৃদ্ধি কৰিব পাৰি ।

তিতা কেৰালা আচাৰৰ উপকাৰিতা কি(Benefits of Bitter Melon) ?

এক প্ৰতিবেদনৰ তথ্য অনুসৰি, যুগ যুগ ধৰি ৰোগীৰ খাদ্যত তিতা কেৰেলা এণ্টি-ডায়েবেটিক হিচাপে ব্যৱহাৰ হৈ আহিছে । অধ্যয়নত তিতা কেৰালাত এটা ফাইটোনিউট্ৰিয়েণ্ট পলিপেপটাইড-পিৰ উপস্থিতি ধৰা পৰিছে, যিটো উদ্ভিদৰ ইনচুলিন যিয়ে তেজত চেনিৰ মাত্ৰা কমাই ৰখাত সহায় কৰে । ইয়াৰ উপৰিও ইয়াত চেৰেণ্টিন নামৰ এটা যৌগ থাকে, যিয়ে গ্লুক’জক চেনিবিহীন ৰূপত শৃংখললৈ ৰূপান্তৰিত কৰি প্ৰয়োজনৰ সময়ত ইয়াক উপলব্ধ কৰে ।

লগতে পঢ়ক: সুস্বাদু ব্যঞ্জনৰ বাবে ব্যৱহাৰ কৰি চাওকচোন এই কেইটা Tips and Tricks

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.