ভাৰতীয় পদপথসমূহত ইমানেই ভিন্ন প্ৰকাৰৰ খাদ্য পোৱা যায় যে ইয়াৰ জনপ্ৰিয়তা আনকি বিদেশতো বিয়পি পৰিছে ৷ পিছে, আজিৰ এই প্ৰতিবেদন খাদ্যপ্ৰেমী সকলৰ বাবেহে ৷ যিসকল লোকে খাদ্যৰ প্ৰতি আকৰ্ষিত, তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে ভ্ৰমণ কৰি ঠাইবোৰ এক্সপ্লোৰ কৰে ৷ আজিৰ এই প্ৰতিবেদনত আমি আপোনালোকক ভাৰতৰ যিখন ঠাইৰ কথা উল্লেখ কৰিবলৈ গৈ আছো, যাৰ বিষয়ে হয়তো খাদ্যপ্ৰেমীসকলো জ্ঞাত নহয় ৷ এই ঠাইখনৰ নাম হৈছে মধ্যপ্ৰদেশ ৷
মধ্যপ্ৰদেশ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত ৷ ইয়াৰ পৰম্পৰাগত গাঁও, বিশাল দুৰ্গ আৰু বিভিন্ন ধৰণৰ বন্যপ্ৰাণী ভাৰতৰ আন কোনো ৰাজ্যত প্ৰায়েই পোৱা নাযায় ৷ মধ্যপ্ৰদেশত ভ্ৰমণ কৰিবলগীয়া ঠাইতো অনেক আছে, কিন্তু একে সময়তে মধ্যপ্ৰদেশ নিজৰ সুস্বাদু খাদ্যৰ বাবেও পৰিচিত ৷ যদি আপুনি খাদ্য আৰু ভ্ৰমণ দুয়োটাৰে প্ৰতি আকৰ্ষিত, তেন্তে মধ্যপ্ৰদেশৰ এই ঠাইখন নিশ্চয়কৈ এবাৰ হ’লেও পৰিভ্ৰমণ কৰা উচিত ৷
ভূপাল বিশেষ
মধ্যপ্ৰদেশৰ ৰাজধানী ভূপাল ভ্ৰমণকাৰীৰ মাজত বৰ জনপ্ৰিয় নহয় যদিও ইয়াৰ খাদ্যৰ সোৱাদ আপুনি এবাৰ ল’লে আৰু কেতিয়াও পাহৰিব নোৱাৰিব ৷ ইয়াত ভেজ আৰু নন-ভেজ দুয়োবিধ খাদ্যই অতি সোৱাদযুক্ত ৷ ইয়াৰ খাদ্যৰ সোৱাদ আপুনি হয়তো কেতিয়াও পাহৰিব নোৱাৰিব ৷
পোহা জেলেপী
যদি আপুনি ভূপালত আছে তেন্তে ইয়াত পোহা জেলেপী খাবলৈ নাপাহৰিব ৷ ভূপালৰ ইটোৱাৰা ৰোডৰ সমীপত কল্যাণ সিঙৰ স্বদ ভাণ্ডাৰ দেখা পাব ৷ এই ঠাইখন পোহা জেলেপীৰ বাবে বিখ্যাত ৷ এই দোকানখন পুৱা ৭ বজাত খোলে ৷ তেতিয়াৰে পৰা ইয়াত মানুহৰ ভিৰ বাঢ়ি যায় ৷
চতোৰী গলি
ভূপালৰ মানুহ খাদ্যৰ প্ৰতি ইমানেই আকৰ্ষিত যে তেওঁলোকৰ ৰাস্তাৰ নাম ৰাখিছে চতোৰী গালি ৷ এই স্থান দেখাত সাইলাখ পুৰণি দিল্লীৰ দৰে ৷ ইয়াত মাটন পায়া চূপ পোৱা যায় ৷ এই চূপ কম জুইত সিজোৱা মটনৰ পৰা তৈয়াৰ কৰা হয় আৰু ডাঠ জোলৰ সৈতে পৰিবেশন কৰা হয় ৷ এই চুপ দিল্লী আৰু হায়দৰাবাদৰ চূপতকৈ ডাঠ ৷ এই চূপবিধ এই স্থানৰ বিশেষত্ব ৷
ইয়াৰ উপৰিও এই স্থানত বৰফৰ ৰসমলাইও অতি বিখ্যাত ৷ কুটি লোৱা বৰফি আৰু ৰাবৰিৰ সৈতে সোৱাদযুক্ত চিৰাপ মিহলাই তাৰ ওপৰত গোলাপ জল ঢালি পাতেৰে তৈয়াৰী বাটি এটাত পৰিবেশন কৰা হয় ৷ ইয়াৰ সোৱাদ সঁচাকৈয়ে আচৰিত ৷ গতিকে অহাবাৰ যদি ভূপাললৈ যায় তেন্তে এই স্থানসমূহত খাদ্যৰ সোৱাদ ল’বলৈ নাপাহৰিব ৷