ETV Bharat / sukhibhava

Benefits of iodine: থাইৰয়ড নিৰাময়ত আয়’ডিনৰ ভূমিকা সম্পৰ্কে জানো আহক - what is the importance of Iodine for our body

সুস্বাস্থ্যৰ বাবে আয়’ডিন নামৰ মিনাৰেলটো আমাৰ বাবে অতি প্ৰয়োজনীয় । প্ৰাক্ ঐতিহাসিক যুগৰ পৰাই গয়টাৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল উৎস হৈছে আয়’ডিনৰ উপযুক্ত ব্যৱহাৰ । জানো আমাৰ শৰীৰত আয়’ডিনৰ প্ৰয়োজনীয়তা কি...

Benefits of iodine in the treatment of thyroid
থাইৰয়ড নিৰাময়ত আয়’ডিনৰ ভূমিকা সম্পৰ্কে জানো আহক
author img

By

Published : Nov 4, 2022, 9:16 PM IST

সুস্বাস্থ্যৰ বাবে আয়’ডিন নামৰ মিনাৰেলটো আমাৰ বাবে অতি প্ৰয়োজনীয় । প্ৰাক্ ঐতিহাসিক যুগৰ পৰাই গয়টাৰ ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ মূল উৎস হৈছে আয়’ডিনৰ উপযুক্ত ব্যৱহাৰ । প্ৰকৃততে পৃথিৱীৰ বহু অঞ্চলত মাটি আৰু পানীত যথেষ্ট পৰিমাণে আয়’ডিনৰ অভাৱ দেখা যায় । কিন্তু আপুনি জানেনে এই পৃথিৱীত এনে এখন দেশ আছে, যিখনত দেশত থাইৰয়ড বা গয়টাৰ ৰোগত কোনো লোক আক্ৰান্ত নহয় । সেই দেশখন হৈছে জাপান(Benefits of iodine in the treatment of thyroid) ।

এই দেশৰ মানুহে নিয়মিত প্ৰচুৰ পৰিমাণে সাগৰত উৎপন্ন হোৱা ছী উইড বা সাগৰীয় শেলাই প্ৰজাতিৰ সেউজীয়া বনশাক আদি খায় । এম চি ক্লেনডন নামৰ এজন খাদ্য বিশেষজ্ঞৰ মতে, জাপানীসকলৰ খাদ্যত অধিকাংশ পৰিমাণৰ সাগৰীয় বন বা শেলাই ব্যৱহাৰ কৰা হয় বাবে তেওঁলোকে যুগ যুগ ধৰি আয়’ডিনৰ অভাৱ অনুভৱ নকৰে আৰু থাইৰয়ড বেমাৰত ভোগাৰ পৰা পৰিত্ৰাণ পাই আহিছে ।

‘সাগৰীয় মাছ, শাক-পাচলি, শেলাই আদি খাদ্যত ব্যৱহাৰ কৰাৰ বাবেই জাপানৰ লোকসকল থাইৰয়ড জাতীয় বেমাৰৰ পৰা আঁতৰি থাকিব পাৰিছে’।– এই কথা কৈছে ডাঃ মেৰিন আৰু ই বাউমানে (১৯১৭ চনত)। মানৱ শৰীৰত থাইৰ’ক্সাইন নামৰ হৰম’ন গঠন কৰাত বিশেষভাৱে সহায় কৰে(Benefits of iodine) । এই হৰম’ন তৈয়াৰ হয় থাইৰয়ড গ্লেণ্ডৰ যোগেদি । কিছুমান খাদ্য যেনে- ফুলকবি, বন্ধাকবি আৰু মূলা আদি প্ৰচুৰ পৰিমাণে খালে শৰীৰত আয়’ডিনৰ অভাৱ ঘটে ।

আমি খোৱা খাদ্যত পোৱা আয়’ডিন গেষ্ট্ৰ’-ইনটেষ্টীনেল ট্ৰেক্টৰ পৰা তেজলৈ যায় । আমাৰ শৰীৰত সাধাৰণতে ২৫ মিলিগ্ৰাম আয়’ডিনৰ প্ৰয়োজন হয় । এই আয়’ডিনখিনি থাইৰয়ড গ্লেণ্ডৰ যোগেদি শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ যায় । এইখিনি সংগৃহীত হোৱা কাৰ্য সম্পন্ন হয় হাইৰ’গ্লোবিয়োনৰ যোগেদি । শৰীৰৰ আয়’ডিনখিনি জমা হয় থাইৰয়ড গ্লেণ্ডত, এই গ্লেণ্ডে থাইৰক্সিনত আয়ডিন তৈয়াৰ কৰে ।

আমাৰ শৰীৰত আয়’ডিনৰ প্ৰয়োজনীয়তা:

মানৱ শৰীৰৰ উপযুক্ত বিকাশৰ বাবে আয়’ডিন অতি প্ৰয়োজনীয় । শৰীৰত ওজন বৃদ্ধি কৰে(what is the importance of Iodine for our body) । শৰীৰত শক্তি প্ৰদান কৰে । ই হৃদযন্ত্ৰ সবল কৰে । আয়’ডিনে মানসিক শক্তি বঢ়ায় । চুলি, নখ, ছাল আৰু দাঁতৰ সমস্যা দূৰ কৰে ।

আয়’ডিনৰ উৎস:

(১) আয়’ডাইজড লোপ

(২) সাগৰীয় মাছ, পালেং শাক আদিত প্ৰচুৰ পৰিমাণে আয়’ডিন পোৱা যায়

  • সাগৰীয় মাছ, আহাৰ- মিঃগ্ৰাঃ ৩০-৩০০
  • আয়’ডিনযুক্ত নিমখ- মিঃগ্ৰাঃ ৭,৬০০
  • পালেং শাক- মিঃগ্ৰাঃ ২০
  • কণীত- মিঃগ্ৰাঃ .০৯

আয়’ডিনৰ অভাৱত হোৱা ৰোগ:

জন্ম হোৱা শিশুৰ বয়সপ্ৰাপ্ত হোৱাৰ লগে লগে আয়’ডিনৰ অভাৱত বাওনা হ’ব পাৰে । মানসিকভাৱে দুৰ্বল হ’ব পাৰে । মাত অস্পষ্ট আৰু খোনা প্ৰকৃতিৰ হ'ব পাৰে । তদুপৰি তেওঁলোকে ৰক্তহীনতাত ভুগিব পাৰে(Iodine deficiency diseases) । বয়সস্থ লোকৰ ক্ষেত্ৰত আয়’ডিনৰ অভাৱত তেওঁলোকৰ শাৰীৰিক ক্ষমতা হ্ৰাস পোৱা, মানসিকভাৱে অস্থিৰ হোৱা, দুৰ্বল হোৱা, চুলি সৰা, থাইৰয়ড গ্লেণ্ড বঢ়া, ৰক্তহীনতাত ভোগা, উচ্চ ৰক্তচাপত ভোগা, উচ্চ ৰক্ত কলেষ্টেৰল বঢ়া আদি নানা ৰোগত ভুগিব লগা হয় ।

নিষেধ

আয়’ডিনৰ অভাৱ দূৰ কৰিবলৈ জধে-মধে আয়’ডিনৰ পিল নাখাব । চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেজ পৰীক্ষাৰ যোগেদি ঔষধ গ্ৰহণ কৰিব । জৈৱিক শাক-পাচলি, ফল-মূল, সাগৰীয় মাছ, কচু আদি ব্যৱহাৰ কৰাত গুৰুত্ব দিব লাগে ।

লগতে পঢ়ক: Vegetables For Winters: শীতকালতো সুস্থ হৈ থাকিবলৈ খাওক এইসমূহ শাক-পাচলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.