ETV Bharat / sukhibhava

বাৰে বাৰে চকু লৰিলে হওক সাৱধান! হ’ব পাৰে এই ৰোগৰ লক্ষণ - চকু লৰিলে হওক সাৱধান

Eye Twitching: বহুবাৰ হঠাৎ আমাৰ চকু দুটা কঁপিবলৈ বা লৰিবলৈ ধৰে ৷ বহুলোকে ভাবে যে চকু লৰাটো একেবাৰে অশুভ ৷ কিন্তু প্ৰকৃততে ই স্বাস্থ্যৰ অৱনতি হোৱাৰহে লক্ষণ ৷ চকু লৰাৰ প্ৰকৃত কাৰণ কি, আজি সেই সেই বিষয়ে জানো আহক-

be-careful-if-your-eyes-moving-repeatedly
বাৰে বাৰে চকু লৰিলে হওক সাৱধান! হ’ব পাৰে এই ৰোগৰ লক্ষণ
author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:04 PM IST

বহুসময়ত হঠাতে আমাৰ চকু দুটা কঁপিবলৈ বা লৰিবলৈ ধৰে ৷ ধৰ্মীয় বিশ্বাস অনুসৰি, বহুলোকে ভাবে যে চকু লৰাটো একেবাৰে অশুভ ৷ কিন্তু প্ৰকৃততে ই স্বাস্থ্যৰ অৱনতি হোৱাৰহে লক্ষণ ৷ চকু লৰাৰ প্ৰকৃত কাৰণ কি, আজি সেই সেই বিষয়ে জানো আহক-

  • গুৰুতৰ ৰোগৰ সতৰ্কবাণী

যদি তলৰ আৰু ওপৰৰ দুয়োটা চকুৰ পতা এসপ্তাহতকৈ অধিক সময় ধৰি একেৰাহে লৰি থাকে, তেন্তে ইয়াক গুৰুতৰ ৰোগৰ সতৰ্কবাণী বুলি গণ্য কৰা হয় ৷ হয়, এই সমস্যা মায়োকেমিয়াৰ বাবে হ'ব পাৰে ৷ ই পেশী সংকোচনৰ ফলত হয় ৷ চকুৰ তলৰ পতাত ইয়াৰ অধিক প্ৰভাৱ পৰে ৷ এইটো অতি কম সময়ৰ বাবে হয় আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি ৷

  • ব্লেফাৰোস্পাজম, হেমিফেচিয়েল স্পাজম

এই দুয়োটা অতি গুৰুতৰ চিকিৎসীয় স্থিতি ৷ ব্লেফাৰোস্পাজম খুবেই গুৰুতৰ, যিয়ে মানুহৰ চকুক কেই ছেকেণ্ড, মিনিট বা আনকি বহু ঘণ্টাৰ বাবে প্ৰভাৱিত কৰি ৰাখে ৷ ই চকুক খুব বেয়াকৈ প্ৰভাৱিত কৰে ৷যাৰ বাবে চকু লৰি থাকে ৷

  • অত্যধিক চিন্তা

বহুসময়ত কিবা এটাৰ বিষয়ে অত্যধিক চিন্তা কৰিলেও চকুত প্ৰভাৱ পৰে ৷ যাৰ ফলত চকু লৰিবলৈ আৰম্ভ কৰে ৷

  • টোপনিৰ অভাৱ

ব্যস্ত জীৱনশৈলী আৰু দিনজোৰা চাপৰ বাবে বহুতৰ নিশা সঠিকভাৱে টোপনি নাহে ৷ এনে পৰিস্থিতিত চকু কেইমিনিটমানৰ বাবে কঁপিবলৈ আৰম্ভ কৰে ৷

  • চকুত চাপ

চকুত অত্যধিক চাপ পৰিলেও চকু লৰি থাকে ৷

  • অত্যধিক কেফেইন সেৱন

চাহ-কফি খোৱাটোৱে মূৰৰ বিষৰ পৰা সকাহ দিয়ে বুলি ধাৰণা কৰা হয় ৷ কিন্তু প্ৰকৃততে এয়া সঁচা নহয় ৷ অত্যধিক চাহ-কফি সেৱনৰ ফলতো চকুত প্ৰভাৱ পৰে, যাৰ ফলত চকু লৰি থাকে ৷

  • সুৰা

বহুসময়ত অত্যধিক পৰিমাণৰ সুৰা সেৱন কৰিলেও চকু কঁপি উঠে ৷ সেয়ে যিমান পাৰি ইয়াক পৰিহাৰ কৰাৰ চেষ্টা কৰিব লাগে ৷

লগতে পঢ়ক: আপোনাৰো পুৱাৰ ভাগত বমি হয় নেকি ? এয়া হ’ব পাৰে ইয়াৰ গুৰুতৰ কাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.