আয়ুৰ্বেদ দিৱস ২০২২ “হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ” শীৰ্ষক বিষয়ত উদযাপন কৰা হৈছে
ধনতেৰচ উৎসৱক দীপাৱলী উৎসৱৰ আৰম্ভণি বুলি গণ্য কৰা হয় । ধনতেৰচক ধনবন্তৰী জয়ন্তী হিচাপেও পালন কৰা হয় । উল্লেখযোগ্য যে, ভগৱান ধনৱন্তৰীক আমাৰ বেদত দেৱতাৰ বৈদ্য বুলিও কোৱা হৈছে, লগতে তেওঁক আয়ুৰ্বেদৰ পিতৃ বুলিও গণ্য কৰা হৈছে(Ayurveda Day 2022) ।
ধনবন্তৰী জয়ন্তী বা ধনতেৰচ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালণায়ে প্ৰতি বছৰে আয়ুৰ্বেদ দিৱস হিচাপে পালন কৰে । যাৰ উদ্দেশ্য হৈছে আয়ুৰ্বেদ আৰু ইয়াৰ বিভিন্ন চিকিৎসা ব্যৱস্থা আৰু ইয়াৰ উপকাৰিতা, নীতি আৰু উদ্দেশ্যৰ বিষয়ে সকলোকে কেৱল দেশতে নহয়, বিশ্বতো সজাগ কৰা । এইবাৰ আয়ুৰ্বেদ দিৱস ২৩ অক্টোবৰত “হৰ দিন হৰ ঘৰ আয়ুৰ্বেদ” শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হৈছে(Ayurveda Divas 2022) ।
ক্ৰমবৰ্ধমান ধাৰা
বিগত কেইবছৰমানৰ পৰা বিশেষকৈ কৰ’ণা কালত কেৱল দেশৰ নৱপ্ৰজন্মতে নহয় বিদেশতো আয়ুৰ্বেদৰ প্ৰতি কৌতুহল বাঢ়িছে । কৰ’ণা কালত আয়ুৰ্বেদ ঔষধে শৰীৰক মূলতঃ সুস্থ কৰি তোলাত আৰু সংক্ৰমণ ৰোধ কৰিবলৈ ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত অতি সফল বুলি গণ্য কৰা হৈছিল ।
আনকি এই সময়ছোৱাতো কেৱল আমাৰ দেশতে নহয়, বিদেশতো আয়ুৰ্বেদিক বনৌষধি আৰু ঔষধৰ ব্যৱহাৰ বহু পৰিমাণে বৃদ্ধি পাইছিল । যাৰ ফলত বৰ্তমান সময়ত বহু সংখ্যক লোকে আয়ুৰ্বেদিক চিকিৎসা আৰু ইয়াৰ নিয়মাৱলীক নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰিছে ।
আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি
আয়ুৰ্বেদিক চিকিৎসা গ্ৰন্থ অনুসৰি ই এক চিকিৎসা ব্যৱস্থা যিয়ে জীৱন-যাপনৰ সঠিক পথৰ জ্ঞান প্ৰদান কৰে, যাতে জীৱন দীঘলীয়া, সুস্থ আৰু সুখী হ’ব পাৰে । এই চিকিৎসা ব্যৱস্থাত কেৱল ৰোগৰ তাৎক্ষণিক চিকিৎসা কৰাই নহয়, শৰীৰক স্বাভাৱিকভাৱে সুস্থ কৰি তোলাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবেও প্ৰচেষ্টা চলোৱা হয় । সেয়ে এই চিকিৎসা পদ্ধতিত ৰাসায়নিক দ্ৰব্য (ঔষধ) আৰু বিভিন্ন থেৰাপীৰ লগতে খাদ্যাভ্যাস, যোগাসন আৰু জীৱনশৈলীও আৰোগ্য প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হয় ।
আয়ুৰ্বেদ চিকিৎসা পদ্ধতি তিনিটা দোষৰ ওপৰত ভিত্তি কৰি গঠিত বুলি বিশ্বাস কৰা হয়, বাত, কফ, পিত্ত । আয়ুৰ্বেদ অনুসৰি যদি এই তিনিওটা মানুহৰ শৰীৰত ভাৰসাম্যপূৰ্ণ হয় তেন্তে তেওঁ সুস্থ কিন্তু এই তিনিওটাৰে যিকোনো এটাত ভাৰসাম্যহীনতাই ব্যক্তিৰ ৰোগ সৃষ্টি কৰিব পাৰে । একে সময়তে এই তিনিটা দোষত পঞ্চমৌল - পৃথিৱী, পানী, বায়ু, অগ্নি আৰু আকাশৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি বিশ্বাস কৰা হয় ।
আয়ুৰ্বেদিক চিকিৎসকৰ মতে আয়ুৰ্বেদত শৰীৰক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে প্ৰথমতে ব্যক্তিজন অসুস্থ নহয় আৰু অসুস্থ হ’লেও তেওঁৰ শৰীৰে বেছি কষ্ট নাপায় আৰু তেওঁ শীঘ্ৰেই সুস্থ হৈ উঠে । আয়ুৰ্বেদত ঔষধ হিচাপে ব্যৱহাৰ কৰা ৰসায়ণ বনৌষধিৰ সংমিশ্ৰণৰ পৰা প্ৰস্তুত কৰা হয় যিবোৰ সম্পূৰ্ণ প্ৰাকৃতিক । একে সময়তে পঞ্চকৰ্মৰ দৰে বহু ধৰণৰ থেৰাপীও এই চিকিৎসাত অন্তৰ্ভুক্ত কৰা হয়, য’ত সম্পূৰ্ণ প্ৰাকৃতিক বনৌষধিৰে তৈয়াৰী তেল, পেষ্ট আৰু ঔষধ ব্যৱহাৰ কৰা হয় ।
আয়ুষ মন্ত্ৰালয়ৰ প্ৰয়াস
আয়ুৰ্বেদ চিকিৎসা পদ্ধতিৰ প্ৰচাৰৰ বাবে প্ৰতি বছৰে আয়ুষ মন্ত্ৰাণালয়ে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি আহিছে । য’ত আন চৰকাৰী আৰু সামাজিক সংগঠনেও ভাগ লয় । এইবাৰো ছেপ্টেম্বৰ মাহৰ পৰা মন্ত্ৰালয়ৰ তত্বাৱধানত এখন চুটি ভিডিঅ’ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, যাৰ অধীনত পাঁচটা বিষয়বস্তুৰ ওপৰত প্ৰৱেশ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল । থিম আছিল মোৰ দিনত আয়ুৰ্বেদ, পাকঘৰত আয়ুৰ্বেদ, বাগিছাত আয়ুৰ্বেদ, পথাৰত আয়ুৰ্বেদ আৰু খাদ্য/আহাৰত আয়ুৰ্বেদ ।
মন কৰিবলগীয়া যে, ২০১৬ বৰ্ষৰ পৰা প্ৰতি বছৰে ধনতেৰচ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালণায়ে ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস’ হিচাপে পালন কৰে ।
লগতে পঢ়ক: Dhanteras 2022: সোণ ক্ৰয় কৰোতে হওক সাৱধান! পাহৰি নাযাব এই কেইটা কথা