ETV Bharat / sukhibhava

আপুনিও লক্ষদ্বীপ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? জানি লওক কিমান খৰচত কৰিব পাৰিব এই ভ্ৰমণ - লক্ষদ্বীপলৈ কেনেকৈ যাব

Lakshadweep Tour: লক্ষদ্বীপত আগট্টি, কাদমত, মিনিকয় দ্বীপপুঞ্জ, কালপেনি দ্বীপপুঞ্জ আৰু কাৱৰাট্টি দ্বীপপুঞ্জ পৰ্যটকৰ বাবে এক উত্তম স্থান । ইয়ালৈ গৈ আপুনি সাগৰৰ সতেজ বতাহ আৰু প্ৰকৃতিৰ সৌন্দৰ্য ওচৰৰ পৰা অনুভৱ কৰিব পাৰে । কিন্তু এই সুন্দৰ স্থান কেনেকৈ উপভোগ কৰিব সেয়া জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন-

Are you also planning to visit Lakshadweep? So find out how much it will cost
আপুনিও লক্ষদ্বীপ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? জানি লওক কিমান খৰচত কৰিব পাৰিব এই স্থানৰ ভ্ৰমণ
author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 4:53 PM IST

Updated : Jan 11, 2024, 5:04 PM IST

এতিয়া সমগ্ৰ দেশতে লক্ষদ্বীপৰ চৰ্চা চলি আছে ৷ প্ৰধানমন্ত্ৰী মোদীৰ লক্ষদ্বীপ ভ্ৰমণৰ পিছত তেওঁ নিজেই সকলো দেশবাসীক লক্ষদ্বীপ ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছে ৷ ইয়াৰ পিছত ৰাইজে লক্ষদ্বীপৰ সুন্দৰ ছবি ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি ইয়াৰ সৌন্দৰ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰশংসা কৰিছে ৷ বহুতে লক্ষদ্বীপলৈ গৈ দৰ্শন কৰাৰ কথা ভাবিছে ৷ ইয়াৰ লগতে মানুহে জানিব বিচাৰে লক্ষদ্বীপলৈ কেনেকৈ যাব লাগে আৰু কোনটো বতৰত ইয়ালৈ যোৱাটো ভাল ? লক্ষদ্বীপলৈ যোৱাৰ সঠিক পথ তথা কিমান খৰচত এই স্থান ভ্ৰমণ কৰিব পাৰি জানি লওক-

কিয় বিশেষ হ'ব লক্ষদ্বীপ ভ্ৰমণ ?

এনে পৰিস্থিতিত যদি আপুনিও লক্ষদ্বীপ ভ্ৰমণ কৰি আপোনাৰ বন্ধু বা পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ পৰিকল্পনা কৰিছে, তেন্তে ইয়াত আমি আপোনাক লক্ষদ্বীপ ভ্ৰমণ পৰিকল্পনাৰ সৈতে জড়িত সকলো তথ্য আগবঢ়াবলৈ লৈছো ৷ আপোনালোকক জনাই দিও যে- আপুনি যদি সাগৰৰ পাৰলৈ গৈ তাত থকা ধুনীয়া উপত্যকাবোৰ উপভোগ কৰিব বিচাৰে, সম্পূৰ্ণ নীলা সাগৰ, শুকুলা বালি আৰু মনোমোহা দৃশ্য যদি উপভোগ কৰিব বিচাৰে তেন্তে আপোনাৰ বাবে লক্ষদ্বীপ এক উত্তম বিকল্প হ’ব পাৰে ৷

লক্ষদ্বীপলৈ কেনেকৈ যাব ?

বিমানযোগে লক্ষদ্বীপলৈ যাব বিচাৰিলে কোচিৰ আগট্টি বিমানবন্দৰৰ বিমানৰ টিকট বুকিং কৰিব লাগিব ৷ কোচিৰ পৰা লক্ষদ্বীপ দ্বীপলৈ এইটোৱেই একমাত্ৰ বিমানবন্দৰ ৷ আগাট্টি দ্বীপ পোৱাৰ পিছত ইয়াৰ পৰা নাও বা হেলিকপ্টাৰেৰে আন দ্বীপলৈ সহজে যাব পাৰি ৷ বহু বিমান কোম্পানীয়ে লক্ষদ্বীপলৈ পোনপটীয়া বিমান সেৱা আগবঢ়াইছে ৷ যদি আমি দিল্লীৰ পৰা লক্ষদ্বীপলৈ বিমানৰ টিকটৰ ভাড়াৰ কথা ক’বলৈ যাও (দিল্লীৰ পৰা লক্ষদ্বীপলৈ বিমান টিকটৰ মূল্য), তেন্তে ইয়াৰ আৰম্ভণি মাত্ৰ ১০ হাজাৰ টকাৰ পৰা (একফাল) হয় ৷

লক্ষদ্বীপৰ বিমানৰ টিকট এমাহ আগতেই পৰিকল্পনা কৰি বুকিং কৰিলে আপোনাৰ বাবে সস্তা হ’ব ৷ কেৱল এয়াই নহয়, বিমানৰ টিকট বুকিং কৰাৰ সময়ত ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি পেমেণ্ট কৰিলে ৰেহাইৰ লগতে বিভিন্ন অফাৰো লাভ কৰিব পাৰিব ৷ একে সময়তে যদি আমি লক্ষদ্বীপ ট্যুৰ পেকেজৰ মুঠ বাজেটৰ কথা কওঁ, তেন্তে ভ্ৰমণ বাদ দি ২৫ হাজাৰৰ পৰা ৩০ হাজাৰ টকা (প্ৰতিজন ব্যক্তি)ৰ ভিতৰত হ’ব পাৰে ৷ অৱশ্যে এই বাজেট কেতিয়াবা কম-বেছি হ’ব পাৰে ৷

যদিও বছৰৰ যিকোনো ঋতুতে লক্ষদ্বীপ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰি, কিন্তু শীতকাল (অক্টোবৰৰ পৰা মাৰ্চলৈ) লক্ষদ্বীপ ভ্ৰমণৰ বাবে সৰ্বোত্তম বুলি বিবেচিত হয় ৷ একে সময়তে গ্ৰীষ্মকালতো ইয়াৰ বতৰ সুখদায়ক হৈয়েই থাকে, যাৰ বাবে লক্ষ্যদ্বীপৰ ভ্ৰমণৰ যোগ্য সকলো ঠাই সহজেই ভ্ৰমণ কৰিব পাৰি ৷

ৰ’দত গা ধোৱাৰ পৰা আৰম্ভ কৰি স্নৰ্কলিং আৰু স্কুবা ডাইভিংলৈকে সকলো উপভোগ কৰক

লক্ষদ্বীপলৈ গৈ শান্ত আৰু পৰিষ্কাৰ সাগৰৰ দৃশ্য উপভোগ কৰক ৷ পুৱা বা গধূলি সাগৰৰ পাৰত খোজ কাঢ়িব পাৰিব ৷ ইয়াৰ সুন্দৰ দৃশ্যই আপোনাৰ ভ্ৰমণক স্মৰণীয় কৰি তুলিব ৷ ইয়াৰ সমান্তৰালকৈ লক্ষদ্বীপ বহু দুঃসাহসিক কামৰ বাবেও পৰিচিত ৷ ইয়াত আপুনি স্নৰ্কলিং, স্কুবা ডাইভিংকে ধৰি বহু ধৰণৰ দুঃসাহসিক এক্টিভিটিজ উপভোগ কৰিব পাৰে ৷

কমেও ৪ বা ৫ দিনৰ বাবে ভ্ৰমণৰ পৰিকল্পনা কৰক

লক্ষদ্বীপৰ দ্বীপসমূহৰ ভিতৰত আগট্টি, কদমত, মিনিকয় দ্বীপ, কালপেনি দ্বীপ আৰু কাৱৰাট্টি দ্বীপ পৰ্যটকৰ খুবেই সুন্দৰ এটি স্থান৷ ইয়ালৈ গৈ আপুনি সাগৰৰ সতেজ বতাহ আৰু প্ৰকৃতিৰ সৌন্দৰ্য ওচৰৰ পৰা অনুভৱ কৰিব পাৰে ৷ যদি আপুনি সঠিকভাৱে লক্ষদ্বীপ ভ্ৰমণ কৰিব বিচাৰে তেন্তে কমেও ৪ বা ৫ দিনৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব লাগে ৷ বাজেট অনুকূল লক্ষদ্বীপ ভ্ৰমণ পেকেজৰ বাবেও ট্ৰেভেল এজেণ্টৰ সহায় ল’ব পাৰে ৷

লগতে পঢ়ক: Travel Tips: খাদ্যপ্ৰেমীৰ বাবে কোনো স্বৰ্গতকৈ কম নহয় এই স্থান, আপুনি কেতিয়াবা গৈছেনে ?

Last Updated : Jan 11, 2024, 5:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.