নিউজ ডেস্ক,30 জুলাইঃ এটা দশক ধৰি ফিটনেছৰ জগতত কাম কৰি থকা ব্যক্তি প্ৰদীপ মৌৰ্যই কৰ'ণা ত্ৰাসৰ সময়ত জিম খোলাৰ ক্ষেত্ৰত নিজৰ কিছু মন্তব্য প্ৰকাশ কৰিছে ৷ ৱেট ৰুম,কাৰ্ডিঅ' মেছিন আৰু জিমৰ উপকৰণ বা সামগ্ৰী সমূহ থকা কক্ষ সমূহত সামাজিক দূৰত্ব বৰ্তোৱাৰ লগতে উপকৰণ সমূহো বীজাণুমুক্ত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰিছে ৷

কিয়নো শেহতীয়াকৈ অহা তথ্য মতে,কৰ'ণা ভাইৰাছ হৈছে বায়ুবাহিত ৷ বিশ্ব স্বাস্থ্য সংস্থাই কৰ'ণা সংক্ৰমণৰ ক্ষেত্ৰত দিয়া উপদেশ সমূহৰ সংশোধন হৈ থকাৰ লগতে এই সমূহ মানি চলাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈ পৰিছে ৷ বিশ্বৰ 239 গৰাকী বিজ্ঞানীয়ে বৰ্তমান সমগ্ৰ বিশ্বত কৰ'ণা মহামাৰীৰ ক্ষেত্ৰত পৰ্যবেক্ষণ চলাই আছে ৷ তেওঁলোকে প্ৰমাণ দেখুৱাই কয় যে, COVIDৰ ক্ষুদ্ৰ কণিকাই মানুহৰ মাজত এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে,সেয়ে তেওঁলোকে ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাক উপদেশাৱলী সংশোধন কৰিব কৈছিল ৷
শ্বাসৰ টোপাল আৰু এৰ'চেলে নিজৰ ৰাস্তা উলিয়াই বায়ুত উপঙি ফুৰে আৰু এই ভাইৰাছ আমাৰ শৰীৰত চকু,নাক আৰু মুখৰ মাধ্যমেদি প্ৰৱেশ কৰে ৷
ব্যায়ামে আমাৰ কলিজাত হেঁচা দিয়াৰ ফলত অধিক অক্সিজেন ব্যৱহৃত হয় ৷ আমি উশাহ লওতে উশাহৰ হাৰ 7 ৰ পৰা 10লৈ বৃদ্ধি হয় ৷ সেয়ে ব্যায়ামৰ অনুশীলন কৰাটো বিপদজনক হ'ব পাৰে ৷ ইয়াৰোপৰি নাকৰ পানী,চকুৰ পানী বৈ থকা থকা অৱস্থাত ৱৰ্ক আউট কৰে আৰু যদি ৱৰ্ক আউট কৰা মানুহজন ক'ভিড আক্ৰান্ত হয় তেতিয়া সেই পানী যদি কিবা কাৰণত ব্যৱহৃত সামগ্ৰীত পৰে আৰু অন্য মানুহে সেয়া স্পৰ্শ কৰে তেতিয়া কৰ'ণা সংক্ৰমিত হ'ব পাৰে ৷
তেতিয়াহ'লে জিমত সুৰক্ষিত হৈ থাকিবলৈ আমি কি কৰিব পাৰো ?
- জিম যোৱাৰ আগতে সেই সময়ত জিমত সদস্যৰ সংখ্যা কিমান আছে সেয়া জানিলৈহে জিমলৈ যাব লাগে ৷ সময় অনুসৰি সকলোৱে সীমিত সংখ্যাত নিজৰ শ্লট থিক কৰি ল'ব লাগে ৷
- জিমত পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু কীটনাশক নীতিৰ কিবা সুবিধা কৰা হৈছেনে সেয়া জানি ল'ব লাগে ৷ লকাৰ আৰু ৰেষ্ট ৰুমৰ ব্যৱহাৰৰ বিষয়ে জানি ল'ব লাগে ৷
- আপুনি যদি সমূহীয়া কছৰৎ কৰিব বিচাৰে,সেয়া উপলব্ধ হয়নে নে নাই আগতেই জানি ল'ব লাগে ৷
- কাৰ্ডিঅ' কৰাৰ ক্ষেত্ৰত কাৰ্ডিঅ' মেচিনৰ মাজত দূৰত্ব অৰ্থাৎ এজনৰ লগত আনজনৰ শাৰীৰিক দূৰত্ব থকা উচিত ৷
- ফ'ম, ৱুডেন ব্লকৰ সামগ্ৰী নথকাটো ভাল কিয়নো তেনেকুৱা সামগ্ৰী চাফা কৰাটো সহজ নহয় ৷
- আপোনাৰ যদি শাৰীৰিক সমস্যা জটিল তেন্তে জিম যোৱাৰ পৰা বিৰত থাকক ৷ আপুনি অনলাইন জিম প্ৰশিক্ষণ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ৷
লগতে পঢ়কঃ ৰাফেলৰ সৈতে উৰিব এজন অসম সন্তানৰ সপোন