নিউজ ডেস্ক,8 আগষ্টঃ ভাৰতৰ ভিতৰত আটাইতকৈ বেছি হাৰত জলকীয়া উৎপাদন হয় অন্ধপ্ৰদেশত ৷ অন্ধপ্ৰদেশৰ পিছতে কৰ্ণাটক,পশ্চিম বংগ আৰু উৰিষ্যাতো যথেষ্ট পৰিমাণে জলকীয়া উৎপাদন হয় ৷ আয়ুৰ্বেদিক অধ্যয়নত পি.এইচ.ডি ধাৰী ড৹ ৰংগানায়ুকুলুৱে জলকীয়া সন্দৰ্ভত বহুখিনি কথাই প্ৰকাশ কৰিছে ৷
যদি আপুনি জানি বুজি বা নজনাকৈয়ে জলকীয়া এটা কামুৰি দিয়ে তেতিয়া জিভাত আপোনাৰ জ্বলন হয় আৰু কাৰোবাৰ কাৰোবাৰটো নাকেৰেও পানী ওলাই আহে ৷ বহুজনৰ আকৌ ডিঙিত কফৰো সৃষ্টি হয় ৷ কাৰণ আমি নজনাকৈয়ে আমাৰ পেটৰ ভিতৰত বা নাড়ীত গেষ্ট্ৰ'ইনটেষ্টাইনৰ নিঃসৰণ বৃদ্ধি হয় ৷ এনেকুৱা ধৰণৰ ক্ৰিয়া শৰীৰত তেতিয়া দেখা যায় যেতিয়া কিবা খাদ্য পদাৰ্থ আমাৰ শৰীৰত ভিতৰত প্ৰৱেশ নকৰেগৈ ৷ তেতিয়া পদাৰ্থটো উলিওৱাৰ একমাত্ৰ উপায় হ'ল অধিক হাৰত তৰল পদাৰ্থ বাহিৰ কৰা ৷ বাহিৰলৈ ওলোৱা সেই অৱশিষ্ট পদাৰ্থৰ পৰা দুৰ্গন্ধ বাহিৰ হয়, সেয়াই হৈছে মচলাৰ প্ৰভাৱ ৷
এই ধৰণৰ মচলাযুক্ত ভোজনে আমাৰ শৰীৰত কিয় প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ?
ড৹ ৰংগানায়াকুলুৰ মতে," কেপাচাইচিন হ'ল জলকীয়াৰ মচলাত থকা এটা সক্ৰিয় উপাদান ৷ এই পদাৰ্থই শৰীৰৰ বিষ ধৰিব পৰা তন্ত্ৰ নাড়ীত লাগি ধৰি বিষৰ কাৰণ হৈ পৰে ৷ সেয়ে শৰীৰে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে তৰল পদাৰ্থৰ ক্ষৰণ বৃদ্ধি হয় ৷ যাৰ পৰিণাম হিচাপে শৰীৰত উত্তাপ বৃদ্ধি পায় আৰু যাৰ বাবে জ্বলন সৃষ্টি হয় ৷ ৰক্ত বাহিকা পাতল হয় আৰু ছালো ৰঙা হৈ পৰে ৷ "
যদি এই মচলাৰ পৰিণাম এনেকুৱাই হয়, তেতিয়া সদায় খাদ্যত জলকীয়া ব্যৱহাৰ কৰাটো কিমান উপকাৰী ৷ বৈজ্ঞানিকৰ মাজত ইয়াক লৈ দীঘলীয়া মতভেদ চলি আহিছে ৷
বৈজ্ঞানিকৰ মতে, অধিক জলকীয়া খালে মানুহৰ আয়ুস বৃদ্ধি হয় ৷ জলকীয়া খোৱাৰ যোগেদি সুস্থ ৰূপত apoptosis এ কাম কৰে , যি স্বাস্থ্যৰ বাবে সহায়ক হয় ৷
apoptosisৰ অৰ্থ শৰীৰত এক নিশ্চিত সময়ৰ পিছত স্বাভাৱিকভাৱে এন্টিবায়টিক খিনিৰ কাম নাইকিয়া হৈ যায় ৷ ইয়াৰ জৰিয়তে মৃত কোষ বোৰ সাৱধানে অন্য কোষৰ দ্বাৰা পুনৰ ব্যৱহৃত হয় ৷ কেপাচাইচিনে কোষবিলাকত উৎপৰিৱৰ্তনৰ কাম কৰে ৷ এই উৎপৰিৱৰ্তনে কেঞ্চাৰৰ দৰে বিপদৰ মাত্ৰা হ্ৰাস কৰে ৷ ড৹ ৰংগানায়াকুলু কৈছে যে," জলকীয়াৰ নিজৰ গুণাগুণ আছে ৷ জলকীয়া খালে পেটত চৰ্বীৰ সৃষ্টি নহয় , যিহেতু বহু স্বাস্থ্যজনিত সমস্যাৰ কাৰক হিচাপে পৰিচিত এই চৰ্বী ৷"
"অৱশ্যে জলকীয়াই শৰীৰত বিৰূপ প্ৰভাৱ পেলোৱাও পৰিলক্ষিত হয় ৷ মুখৰ ভিতৰত ঘাঁ হোৱাৰ লগতে, ডায়েৰিয়া, শৰীৰৰ তাপমাত্ৰা বৃদ্ধি আৰু মলদ্বাৰত জ্বলনৰ সৃষ্টি হ'ব পাৰে ৷ কিন্তু তাৰ পিছতো আমি বহুতেই জলকীয়া খাই বহুত ভাল পাওঁ কাৰণ ধৈৰ্য ধৰি জলকীয়া খোৱাটো এটা সাহসিকতাৰ কাম যেনে আমাৰ অনুভৱ হয় আৰু প্ৰাচীন কালৰ পৰাই সাহসিকতাৰ কাম কৰাটো মানুহৰ অভ্যাস হয় ৷ ইয়াৰ উপৰিও কেঁচা জলকীয়াত ভিটামিন, আইৰণ আৰু মেগনেচিয়াম মজুত পৰিমাণত থাকে ৷ লগতে শৰীৰত কিছু কেলৰীও প্ৰদান কৰে জলকীয়াই ৷ "এনেদৰে কয় ড৹ ৰংগানায়াকুলুৱে ৷
অৱশ্যে জলকীয়াৰ যদিও বহুত গুণাগুণ আছে, তথাপিও ইয়াক উচিত মাত্ৰাতহে খাব লাগে ৷ জলকীয়াৰ অতিৰিক্ত ব্যৱহাৰে বিশেষকৈ জলকীয়াত থকা কেপাচাইচিনৰ বাবে ছালৰ কেঞ্চাৰ ৰোগৰ ৰিস্কো বৃদ্ধি কৰে ৷ লগতে গৰ্ভৱতী মহিলাসকলেও জলকীয়া বেছিকৈ খাব নালাগে ৷
লগতে চাওকঃৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ’ব অযোধ্যা ৰে’লৱে ষ্টেচন