ETV Bharat / sukhibhava

Lemon For Skin: উজ্জ্বল ছালৰ বাবে এনেদৰে মুখমণ্ডলত ব্যৱহাৰ কৰক নেমু - নেমু মুখত লগাব পাৰিনে

নেমুত থকা এচিডে ছালত জ্বলা-পোৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ সেয়েহে, নেমুৰ ৰসৰ সৈতে ফেচপেক তৈয়াৰ কৰি আপুনি আপোনাৰ ছালখনক দাগমুক্ত তথা চিকচিকিয়া কৰি তুলিব পাৰে ৷

Apply lemon to your face to get brighter skin instantly
উজ্জ্বল ছালৰ বাবে এনেদৰে মুখমণ্ডলত ব্যৱহাৰ কৰক নেমু
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:11 PM IST

খাদ্যৰ সোৱাদ বৃদ্ধি কৰাত নেমুৱে এক বিশেষ ভূমিকা পালন কৰে ৷ কিন্তু, আপুনি জানি আচৰিত হ’ব যে নেমুত থকা গুণাগুণে আপোনাৰ ছালখনকো উজ্বল কৰি তুলিব পাৰে ৷ হয়, নেমুত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ছালখনক উজ্জ্বল কৰাত সহায় কৰে ৷ অৱশ্যে, নেমু পোনপটীয়াকৈ মুখত প্ৰয়োগ কৰাটো ছালৰ বাবে হানিকাৰক ৷ কিয়নো, ইয়াত এচিড থাকে ৷ নেমুত থকা এচিডে ছালত জ্বলা-পোৰাৰ সমস্যা সৃষ্টি কৰিব পাৰে ৷ সেয়েহে, নেমুৰ ৰসৰ সৈতে ফেচপেক তৈয়াৰ কৰি আপুনি আপোনাৰ ছালখনক দাগমুক্ত তথা চিকচিকিয়া কৰি তুলিব পাৰে ৷

উজ্জ্বল ছালৰ বাবে এনেদৰে ব্যৱহাৰ কৰক নেমুৰ ফেচপেক -

নেমুৰ সৈতে কল

নেমুৰ দৰে কল কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও যথেষ্ট উপকাৰী ৷ এই ফেচপেক তৈয়াৰ কৰিবলৈ আধা পকা কল, এক চাহ চামুচ নেমুৰ ৰস, এক চাহ চামুচ মৌ আৰু ১-২ চাহ চামুচ পানী মিহলি কৰিব ৷ এই ফেচপেকটো মুখত ১৫ৰ পৰা ২০মিনিটৰ বাবে প্ৰয়োগ কৰক আৰু তাৰ পিছত মুখখন ধুই দিব ৷ এনেদৰে সপ্তাহত দুবাৰকৈ মুখত লগাব ৷

নেমুৰ সৈতে এল’ভেৰা জেল

প্ৰথমে আধা নেমুৰ ৰসৰ লগত সমান পৰিমাণৰ পানী লৈ তাত ২ চাহ চামুচ এল'ভেৰা জেল আৰু এক চাহ চামুচ মৌ মিহলি কৰিব ৷ এই ফেচপেকটো মুখত ২০মিনিটৰ বাবে প্ৰয়োগ কৰি পিছত পানীৰে ভালদৰে মুখখন ধুই পেলাব ৷ এই ফেচপেকৰ পৰা ছালখনে হাইড্ৰেচন আৰু এণ্টি-এজিং গুণাগুণো লাভ কৰে ৷

নেমুৰ সৈতে দৈ

মুখৰ পৰা টেনিং আঁতৰাবলৈ এই ফেচপেকটো অত্যন্ত উপকাৰী ৷ এই ফেচপেক প্ৰস্তুত কৰিবৰ বাবে এক চামুচ দৈত আধা চামুচ নেমুৰ ৰস, এক চামুচ পানী আৰু এক চিকুট হালধি মিহলি কৰিব ৷ এই ফেচপেক মুখমণ্ডলৰ লগতে ডিঙিতো প্ৰয়োগ কৰি ১০ মিনিটৰ পিছত মুখখন আৰু ডিঙিটো ভালদৰে ধুই ল’ব ৷

লগতে পঢ়ক: Home Remedies for Sinuses: ছাইনাছৰ পৰা সকাহ পাবলৈ অনুসৰণ কৰক এইসমূহ ঘৰুৱা প্ৰতিকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.