ETV Bharat / sukhibhava

Anushka Sharma: অনুষ্কাই ফিটনেছ তথা নিজকে সুস্থ ৰাখিবৰ বাবে প্ৰতিদিনে পুৱাৰ আহাৰত গ্ৰহণ কৰে এই খাদ্য

নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ অনুষ্কাই কেনেধৰণৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস অনুসৰণ কৰে । জানো আহক অভিনেত্ৰীগৰাকীৰ ফিটনেছ ৰুটিনৰ বিষয়ে ৷

Anushka Sharma's Fitness Routine
অনুষ্কাই ফিটনেছ তথা নিজকে সুস্থ ৰাখিবৰ বাবে প্ৰতিদিনে পুৱাৰ আহাৰত গ্ৰহণ কৰে এই খাদ্য
author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 3:59 PM IST

বৰ্তমান ছ’চিয়েল মিডিয়াত খুবেই চৰ্চিত অনুষ্কা শৰ্মা নিজৰ ফিটনেছ তথা গ্লেমাৰৰ বাবে তেওঁ প্ৰায়েই চৰ্চাত থাকে ৷ জনপ্ৰিয় ক্ৰিকেটাৰ তথা তেওঁৰ স্বামী বিৰাটৰ সৈতে প্ৰায়েই পোষ্ট শ্বেয়াৰ কৰে অনুষ্কাই ৷

অনুষ্কা শৰ্মা এগৰাকী ভাল অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁৰ সৌন্দৰ্যতা আৰু খুবেই ফিট থকাৰ বাবে চৰ্চিত ৷ মাতৃ হোৱাৰ পিছতো অনুষ্কাৰ ওজন বৃদ্ধি হোৱা নাই ৷ আজিও তেওঁ বৰ স্লীম-ট্ৰিম ৷ প্ৰায়ে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টত স্বামী তথা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে বিভিন্ন ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰে ৷ নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিবলৈ অনুষ্কাই স্বাস্থ্যসন্মত জীৱনশৈলী আৰু খাদ্যাভ্যাস পালন কৰে ৷ অভিনেত্ৰীগৰাকীয়ে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাৰ কথা প্ৰায়েই উল্লেখ কৰি থাকে ৷ তেওঁৰ ব্ৰেকফাষ্টত স্বাস্থ্যকৰ চিয়া বীজ, বিভিন্ন ফল-মূল আৰু আন কিছুমান গুটি থাকে ৷

অনুষ্কা শৰ্মা বৰ খাদ্যপ্ৰেমী

জানেনে অনুষ্কাক যিমানেই স্লীম ট্ৰিম দেখা যায় তেওঁ সিমানেই ফুডী ৷ হয়, তেওঁ এগৰাকী খাদ্যপ্ৰেমী ৷ প্ৰায়ে তেওঁ বিভিন্ন ধৰণৰ খাদ্য আৰু ব্যঞ্জন ট্ৰাই কৰি থাকে ৷ ঘৰুৱা খাদ্যও তেওঁৰ খুবেই প্ৰিয় ৷

অনুষ্কা শৰ্মাৰ ডায়েটৰ গোপন কথা

আমি ইতিমধ্যে কৈছো যে অনুষ্কা শৰ্মাই বিভিন্ন ধৰণৰ খাদ্য উপভোগ কৰি পৰীক্ষা কৰি ভাল পায় ৷ তেওঁ সহজ-সৰল আৰু ঘৰতে বনোৱা খাদ্য ভাল পায় ৷ প্ৰচুৰ পৰিমাণে দাইল, ৰুটি, চালাড আৰু সেউজীয়া শাক-পাচলি খাই তেওঁ ভালপায় ৷ তেওঁৰ প্ৰিয় পানীয়ৰ কথা ক’বলৈ গ’লে কফিৰ প্ৰতি আকৰ্ষিত ৷ ৰাতিৰ আহাৰ গধুৰ নহয় কিন্তু লঘু ৷ এক সাক্ষাৎকাৰত তেওঁ কয় যে, ৰাতিৰ আহাৰ অতি সোনকালে গ্ৰহণ কৰে ৷ তেওঁ কয় যে, 5.30-6.00 বজাৰ ভিতৰত নিজৰ আহাৰ গ্ৰহণ কৰে ৷ ইয়াৰ ফলত তেওঁ পুৱা সতেজ অনুভৱ কৰাই নহয় শৰীৰত শক্তিও লাভ কৰে ৷ ইয়াৰ লগতে তেওঁ প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰে যাতে শৰীৰটো হাইড্ৰেটেড হৈ থাকে ৷

অনুষ্কাৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত চিয়া বীজৰ উপকাৰিতা

অনুষ্কা শৰ্মাৰ স্বাস্থ্যকৰ ব্ৰেকফাষ্টত অন্তৰ্ভুক্ত চিয়া বীজৰ বহু উপকাৰ আছে ৷ ইয়াক শাক-পাচলি বুলিও কোৱা হয় ৷ ইয়াত প্ৰটিন, ভিটামিন এ, বি, ডি, ই, আইৰণ, ফেটি এচিড, মেগনেছিয়াম, ফাইবাৰ, থাইয়ামিন আদি বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে ৷ এইবোৰৰ বাহিৰেও চিয়া বীজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে ৷ যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে চিয়া বীজে ৰক্তশৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে ৷ ই শৰীৰক বহু ধৰণৰ কেন্সাৰৰ পৰা ৰক্ষা কৰিব পাৰে, বিশেষকৈ মহিলাৰ স্তন আৰু ছাৰ্ভিকেল কেন্সাৰৰ পৰা ৷ ওজন কমাবলৈ মানুহে চিয়া গুটিও সেৱন কৰে ৷ ই বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ কাম কৰে ৷ যিসকলে ওজন হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে চিয়া বীজ খুবেই লাভদায়ক ৷ ইয়াৰ ফলত পেটটো দীৰ্ঘসময়লৈকে পূৰ হৈ থকা যেন অনুভৱ হয়, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা আপুনি ৰক্ষা পৰে ৷ পাচন শক্তিও উন্নত হয় ৷

লগতে পঢ়ক: Parenting Tips: এই ৭টা দিশত দিয়ক বিশেষ গুৰুত্ব, তেতিয়াহে গঢ়িব পাৰিব আপোনাৰ সন্তানৰ উজ্বল ভৱিষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.