ETV Bharat / sukhibhava

আপুনি দৈ খাই ভাল পায়নে ? নিতৌ খালে পাব এই লাভ

author img

By ETV Bharat Assamese Team

Published : Dec 25, 2023, 5:08 PM IST

Benefits of Eating Curd: দৈ এক স্বাস্থ্যকৰ খাদ্য, যাক শৰীৰত কেলচিয়াম আৰু প্ৰ’টিনৰ লাভৰ বাবে সেৱন কৰা হয় । ইয়াক খালে পেটটো সুস্থ হৈ থাকে, কিন্তু প্ৰতিদিনে ইয়াক গ্ৰহণ কৰিব পাৰিনে ? এই প্ৰশ্নৰ উত্তৰ জানো আহক-

Amazing health benefits of eating curd every day
আপুনি দৈ খাই ভাল পায়নে ? নিতৌ খালে পাব এই লাভ

দৈ হৈছে গাখীৰৰ দ্বাৰা উৎপন্ন এবিধ খাদ্য সামগ্ৰী ৷ আমি ইচ্ছা কৰিলেই গাখীৰৰ পৰা দৈ প্ৰস্তুত কৰি ল’ব পাৰো ৷ প্ৰকৃততে, বেক্টেৰিয়াৰ সান্নিধ্যত গাখীৰত ঘটা ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই দৈৰ সৃষ্টি হয় ৷ গাখীৰত লেক্টজ নামৰ এবিধ কাৰ্বহাইড্ৰেট থাকে আৰু বেক্টেৰিয়াই বিপাকীয় কাৰ্যৰ জৰিয়তে লেক্টজক লেক্টিক এচিডলৈ পৰিৱৰ্তন কৰে ৷ সময় বাঢ়ি যোৱাৰ লগে লগে দৈত সেই এচিডৰো পৰিমাণ বৃদ্ধি হয় ৷ পৰিণতিত দিন বঢ়াৰ লগে লগে দৈৰ টেঙা গুণো বৃদ্ধি পাবলৈ ধৰাত পুৰণা দৈ আমি বেছিকৈ টেঙা পাও ৷ আজি এই দৈৰ গুণাগুণ সম্পৰ্কে জানো আহক-

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

দৈৰ লাভালাভবোৰৰ ভিতৰত এক অন্যতম হৈছে ই ৰোগ প্ৰতিৰোধ শক্তি বৃদ্ধি কৰে ৷ দৈয়ে ৰোগ সৃষ্টিকাৰী বীজাণুৰ সৈতে যুঁজ দি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে ৷

হাড়-দাঁতৰ স্বাস্থ্য শক্তিশালী কৰে

দৈ কেলচিয়াম আৰু ফছফৰাছ সমৃদ্ধ ৷ কেলচিয়াম হৈছে আমাৰ হাড় আৰু দাঁতৰ ৰক্ষক ৷ প্ৰতিদিনে দৈ খোৱাটোৱে আপোনাৰ দৈনিক কেলচিয়াম আৰু ফছফৰাছৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে পূৰণ কৰে ৷ ই আপোনাৰ হাড় শক্তিশালী কৰে আৰু আৰ্থ্ৰাইটিছ, অষ্টিওপোৰোচিছ, দাঁতৰ ক্ষয়, দুৰ্বল মাড়ি আদিৰ দৰে স্থিতিৰ আশংকা হ্ৰাস কৰে ৷

হজমশক্তি উন্নত কৰে

দৈ এক উত্তম প্ৰ'বায়োটিক খাদ্য ৷ যাৰ ফলত দৈ খালে ই হজমশক্তি উন্নত কৰাৰ লগতে অন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে ৷ ই পেট ফুলা সমস্যাৰো সামাধান কৰে ৷

ছালক পুষ্টি দিয়ে

দৈত জিংক, ভিটামিন চি আৰু কেলচিয়ামৰ দৰে অত্যাৱশ্যকীয় পুষ্টি থাকে ৷ এইসমূহ ছালৰ বাবে অতি উপকাৰী ৷ দৈ খালে ই ছালখন আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে ৷ সদায় দৈ খোৱা আৰম্ভ কৰি আপুনি আপোনাৰ ছালখনক এক নতুন জীৱন প্ৰদান কৰিব পাৰে ৷আনহাতে, দৈৰ সৈতে নিমৰ পাত মিহিকৈ পিহি ছালৰ ৰোগ খৰ আদিত লগালে সেয়া সোনকালে ভাল হয় ৷

চুলিৰ স্বাস্থ্য উন্নত কৰে

ছাল-ছুলিৰ বাবে খুবেই উপকাৰী দৈ ৷ দৈৰে চুলি ধুলে চুলি ঘন, কোমল আৰু অধিক ক’লা হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত পোৱা যায় ৷টেঙা দৈৰে চুলি ধুলে মূৰৰ উফিও নাশ হয় ৷

ওজন হ্ৰাসত সহায়ক

ওজন হ্ৰাস কৰাৰ বাবে দৈ খোৱা ভাল ৷ ই ষ্টেৰইড হৰমন বা কৰ্টিচোলৰ বিকাশ প্ৰতিহত কৰে, যাৰ ফলত মেদবহুলতাৰ আশংকা নিয়ন্ত্ৰণ হয় ৷

লগতে পঢ়ক: অনিদ্ৰাৰ সমস্যাৰ বাবে আপুনি চিন্তিত নেকি ? তেন্তে খাবলৈ আৰম্ভ কৰক এইবিধ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.