ETV Bharat / sukhibhava

Aja Ekadashi 2023: আজি অজা একাদশী উপবাস, এইসমূহ নিয়মাৱলী পালন কৰিলে অশ্বমেধ যজ্ঞৰ সমান ফলাফল পোৱা যায় বুলি জনবিশ্বাস - ভগৱান বিষ্ণু

অজা একাদশী ব্ৰতৰ দিনা ভগৱান বিষ্ণুৰ সমান্তৰালকৈ লক্ষ্মী দেৱীৰ পূজাও অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ব্ৰত পালন কৰিলে ঘৰত সদায় সুখ-সমৃদ্ধি থাকে আৰু আৰ্থিক সংকটৰ পৰা সকাহ পায় ।

Etv BharatAja Ekadashi 2023: Aja Ekadashi fast today, following these rules will give results equal to Ashwamedha Yagya
Etv Bharatআজি অজা একাদশী উপবাস
author img

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 11:09 AM IST

হিন্দু ধৰ্মত একাদশী উপবাসক অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। প্ৰতিমাহে দুটাকৈ একাদশী ব্ৰত পালন কৰা হয়। এটা কৃষ্ণ পক্ষত আৰু আনটো শুক্ল পক্ষত। একেদৰে প্ৰতিখন একাদশীক বিভিন্ন নামেৰে জনা যায় । আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ একাদশী । ইয়াক অজা একাদশী বুলি কোৱা হয় ৷ সকলো উপবাসৰ ভিতৰত এই উপবাসৰ বিশেষ গুৰুত্ব আছে । এই দিনটোত সঁচা অন্তৰৰে উপবাস কৰি বিষ্ণু ভগৱানক পূজা কৰিলে অশ্বমেধ যজ্ঞৰ সমান ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ।

শনিবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.১৭ বজাত আৰম্ভ হোৱা একাদশী তিথি আজি অৰ্থাৎ ১০ ছেপ্টেম্বৰ সন্ধিয়া ০৯.২৮ বজালৈকে চলিব । উদয়াতিথিৰ মতে আজি অজা একাদশীৰ ব্ৰত পালন কৰা হৈছে। উপবাস ভংগৰ সময় ১১ ছেপ্টেম্বৰৰ পুৱা ০৬:০৪ বজাৰ পৰা ৮:৩৩ বজালৈ ।

অজা একাদশী ব্ৰতৰ গুৰুত্ব

অজা একাদশীৰ ব্ৰত পাপৰ পৰা মুক্ত কৰা বুলি কোৱা হয় আৰু ই অশ্বমেধ যজ্ঞৰ দৰেই গুণসম্পন্ন । এই দিনটোত ভগৱান বিষ্ণুৰ সৈতে লক্ষ্মী দেৱীক পূজা কৰাটোও অতি শুভ বুলি গণ্য কৰা হয় । ইয়াৰ দ্বাৰা জীৱনত সুখ আৰু সমৃদ্ধি পোৱা যায় ৷ লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ পৰিয়ালৰ ওপৰত থাকে বুলি বিশ্বাস কৰা হয় ।

অজা একাদশীত থাকে তিনিটা শুভ যোগ

এইবাৰো অজা একাদশীৰ দিনা তিনিটা শুভ যোগৰ সৃষ্টি হৈছে ৷ ৰবি পূষ্য যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ আৰু বুঢ়াদিত্য যোগ। এই তিনিওটা যোগকে অতি শুভ বুলি গণ্য কৰা হয়। এইসময়ত পূজা কৰিলে আৰ্থিক অৱস্থাৰ উন্নতি হয় আৰু ঘৰত সুখ-সমৃদ্ধি থাকে । ৰবি পূষ্য যোগ ১০ ছেপ্টেম্বৰৰ বিয়লি ০৫:০৬ বজাৰ পৰা ১১ ছেপ্টেম্বৰৰ সন্ধিয়া ০৬:০৪ বজালৈ থাকিব । আনহাতে সৰ্বাৰ্থ সিদ্ধি যোগ – ১০ ছেপ্টেম্বৰৰ সন্ধিয়া ০৫:০৬ বজাৰ পৰা ১১ ছেপ্টেম্বৰৰ সন্ধিয়া ০৬:০৪ বজালৈ থাকিব । ইয়াৰ বাহিৰেও বুঢ়াদিত্য যোগ গোটেই দিনটো থাকিব ।

পূজাৰ পদ্ধতি

  • পুৱা সোনকালে উঠি গা ধুই, পৰিষ্কাৰ কাপোৰ পৰিধান কৰি পূজা কক্ষ ভালদৰে চাফা কৰিব ।
  • ইয়াৰ পিছত গংগা পানী ছটিয়াই গোটেই ঘৰখন শুদ্ধ কৰিব । ইয়াৰ পিচত ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ ধ্যান কৰি ব্ৰতৰ সংকল্প ল’ব।
  • ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ ছবি সন্মুখত ৰাখি তেওঁলোকক ৰলি, হালধীয়া চন্দন, বগা চন্দন, অক্ষত, ফুল, পঞ্চমৃত, ফল-মূল আৰু নৈবেদ্য আগবঢ়াওক । এই সময়ছোৱাত ভগৱান বিষ্ণুক নিশ্চয়কৈ তুলসী আগবঢ়াব ।
  • তাৰ পিচত বিষ্ণু সহস্ৰনাম পাঠ কৰিব। ইয়াৰ পিচত ভগৱান বিষ্ণু আৰু দেৱী লক্ষ্মীৰ আৰতি কৰিব ।
  • ইয়াৰ পিচত ভগৱানক ভোগ আগবঢ়াওক আৰু লগতে তুলসী নিশ্চয় অন্তৰ্ভুক্ত কৰিব । কোৱা হয় যে তুলসী অবিহনে ভগৱানে খাদ্য গ্ৰহণ নকৰে ।

অজা একাদশী ব্ৰতৰ নিয়ম

দশমী তিথিৰ পৰাই নিৰামিষ খাদ্য সেৱন কৰক আৰু মাংস, মাছ, সুৰা আৰু মচুৰ দাইল সেৱন নকৰিব । একাদশীৰ পিছদিনা ব্ৰাহ্মণ বা আৰ্তজনক খাদ্য খুৱাই দক্ষিণা দিব । ইয়াৰ পিছতহে ব্ৰত ভাঙিব। ব্ৰতৰ সময়ত ক্ৰোধ পৰিহাৰ কৰি ঈশ্বৰৰ ধ্যান কৰিব । বয়োজ্যেষ্ঠসকলক সন্মান কৰক আৰু কাৰো বিষয়ে বেয়া কথা নক’ব আৰু মিছা কথা নক’ব ।

লগতে পঢ়ক: Vastu Tips: বাস্তুৰ কিছু ঘৰুৱা বিধি, যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.