ETV Bharat / sukhibhava

Potato benifits: আলু খোৱাটো স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী ? প্ৰতিদিনে খালে কি হ’ব ? জানি লওক সকলো

author img

By

Published : Aug 6, 2023, 3:54 PM IST

শাক-পাচলিৰ ভিতৰত আলু আটাইতকৈ বেছি জনপ্ৰিয় । প্ৰতিটো ঘৰৰ পাকঘৰত সহজে পোৱা যায় আলু । কিন্তু আলু সঁচাকৈয়ে স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ নে আৰু দৈনিক খালে কি হ’ব ?

Advantages And Disadvantages Of Eating Potato
আলু সদায় খোৱাটো স্বাস্থ্যৰ পক্ষে উপকাৰী নে অপকাৰী

শাক-পাচলিৰ ভিতৰত আটাইতকৈ চাহিদা অধিক হৈছে আলু ৷ প্ৰায় সকলোৰে প্ৰিয় আলু ৷ প্ৰতিটো ঘৰৰ পাকঘৰত অন্য শাক-পাচলি পোৱা যাওক বাব নাযাওক কিন্তু আলু নিশ্চয় পোৱা যাব ৷ আলুক অপছন্দ কৰা লোক হয়তো কমেই পোৱা যাব ৷ পাচলিৰ পৰা আৰম্ভ কৰি পৰঠা আৰু ফ্ৰেঞ্চ ফ্ৰাইলৈকে আলুৰ দ্বাৰা কিমান বস্তু বনোৱা হয় সেয়া বৰ্ণনা কৰি থাকিলে শেষেই নহ’ব ৷ কিন্তু আলু খোৱাটো স্বাস্থ্যসন্মত হয় নে নহয় সেই সন্দৰ্ভত জানি লও আহক ৷

আলুক শাক-পাচলিৰ ভিতৰত গণ্য কৰা হয় যদিও ইয়াত কাৰ্বহাইড্ৰেট আৰু গ্লাইচেমিক অধিক পৰিমাণে থাকে। ইয়াৰ অৰ্থ হ’ল বেছিকৈ খালে ব্লাড চুগাৰ বৃদ্ধি পাব পাৰে ।

স্বাস্থ্য বিশেষজ্ঞই কি কয়

স্বাস্থ্য বিশেষজ্ঞৰ মতে আলু স্বাস্থ্যকৰ আৰু পুষ্টিকৰ । ইয়াত আঁহ, পটাছিয়াম, আইৰণ, ভিটামিন চি আৰু ভিটামিন বি ৬ কে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। বেছিভাগ মানুহেই ইয়াক অস্বাস্থ্যকৰ বুলি গণ্য কৰে ৷ কাৰণ হ’ল আলু তৈয়াৰ কৰা পদ্ধতিটো, স্বাস্থ্যকৰ বাবে ভাল নহয় ।

কেনেকৈ বনাব লাগে আলু

আলু পুষ্টিকৰ কিন্তু স্বাস্থ্যসন্মত বা অস্বাস্থ্যকৰ হোৱাটো নিৰ্ভৰ কৰে আপুনি ইয়াক কেনেকৈ ৰান্ধে তাৰ ওপৰত । উদাহৰণস্বৰূপে, ফ্ৰেঞ্চ ফ্ৰাই সিজোৱা আলুৰ দৰে পুষ্টিকৰ নহয়। যদি আপুনি আলু স্বাস্থ্যসন্মত খাব বিচাৰে তেন্তে ডিপ ফ্ৰাই কৰাৰ পৰিৱৰ্তে উতলাই বা এয়েৰ ফ্ৰাই কৰিব পাৰে ।

আলুত থকা কাৰ্বহাইড্ৰেটৰ কথা ক’বলৈ গ’লে সঁচাকৈয়ে ই উপকাৰী । বিশেষকৈ ৱৰ্কআউটৰ বাবে মন আৰু শৰীৰৰ বাবে কাৰ্বহাইড্ৰেট শক্তিৰ মূল উৎস । সেয়ে কাৰ্বযুক্ত খাদ্য খোৱাটো প্ৰয়োজনীয় । কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিতকৈ দ্ৰুত হজম আৰু শোষণ হয় ।

দৈনিক আলু খালে কি হ’ব ?

দৈনিক এটা আলু খালে বহু উপকাৰ হ’ব পাৰে । স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে ই ৰক্তচাপ কম কৰি ৰাখে । কিন্তু আপুনি ইয়াক সহজভাৱে ৰান্ধি খাব লাগে। আলুত থকা আঁহ আৰু পটাছিয়াম হৃদযন্ত্ৰৰ বাবে উপকাৰী । পটাছিয়ামে পেশীৰ কাৰ্যক্ষমতা নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক: Coconut Health Benefits: প্ৰতিদিনে পুৱা কেঁচা নাৰিকল খালে কেনে উপকাৰিতা পাব পাৰি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.