গুৱাহাটী, 8 ডিচেম্বৰ: প্ৰতিগৰাকী লোকেই নিজৰ ঘৰখন আটোম-টোকাৰিকৈ সজাব বিচাৰে ৷ ঘৰ এখন সজাবলৈ প্ৰথমতে মাটি এটুকুৰা বাচনি কৰাটো অত্যন্ত প্ৰয়োজন ৷ সেয়ে এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই বিষয়ে অধিক তথ্য সহকাৰে বিৱৰি ক’লে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷ তেওঁ কয় যে, বাস্তুশাস্ত্ৰ অনুসৰি আমি কেনেকুৱা ধৰণৰ মাটি ক্ৰয় কৰিলে সুফল লাভ কৰিব পাৰো ৷
বাস্তুশাস্ত্ৰ অনুসৰি কেনেকুৱা ধৰণৰ মাটি আমি ক্ৰয় কৰা উচিত
বাস্তুশাস্ত্ৰ অনুসৰি মাটি সদায় আয়ত বা বৰ্গাকাৰ হলে বেছি ভাল হয় ৷ মাটিৰ ক্ষেত্ৰত উত্তম আৰু মধ্যম দুটা প্ৰকাৰৰ থাকে ৷ আয়তকাৰ মাটি উত্তম মাটি হিচাপে কোৱা হয় ৷ লগতে মাটি টুকুৰাৰ চাৰিওফালে যদি ৰাস্তা থাকে তেন্তে তাত বাসকৰা লোকসকল সু-স্বাস্থ্যৰ অধিকাৰী হয় ৷ যদি কাৰোবাৰ স্বাস্থ্যৰ কিবা অসুবিধাও থাকে তেন্তে তেওঁলোকৰ সেই মাটিত থকাৰ ফলত সেই সমূহ সমস্যাও নোহোৱা হৈ যায় ৷
মাটি টুকুৰাৰ পশ্চিম আৰু দক্ষিণ দিশটো যদি অলপ ওখ হয় তেন্তে সেই মাটিও ভাল বুলি গণ্য কৰা হয় ৷ লগতে মাটি ক্ৰয় কৰোতে আৰু এটা কথা মন কৰিব আপুনি ক্ৰয় কৰা মাটিখিনিৰ পূব আৰু উত্তৰ দিশত অকণমান এঢলীয়া হয় ৷ এনে ধৰণৰ মাটি খুব বেছি শুভ বুলি গণ্য কৰা হয় ৷ এনেধৰণৰ মাটি নাপালেও, মাটি ক্ৰয় কৰাৰ পিছত নতুন মাটি পেলাই পশ্চিম আৰু দক্ষিণ দিশটো অলপ ওখ কৰি, পূব আৰু উত্তৰ দিশত অকণমান এঢলীয়া কৰি বাস্তু অনুসৰি শুদ্ধ কৰি ল'ব পৰা যায় ৷
ইয়াৰোপৰি যদি মাটিটুকুৰাৰ অগ্নিকোণ আৰু নৈঋত কোণ অৰ্থাৎ দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম কোণটো যদি সমকোণ হয় তেন্তে সেই মাটি টুকুৰাকো উত্তম মাটি হিচাপে বিবেচনা কৰা হয় ৷ যদি মাটি টুকুৰাৰ কেৱল পূবৰ ফালে ৰাস্তা থাকে বা কেৱল উত্তৰ ফালে ৰাস্তা থাকে তেন্তে তেনেকুৱা মাটিকো উত্তম মাটি হিচাপে বাস্তুশাস্ত্ৰ অনুসৰি বিবেচনা কৰা হয় ৷
লগতে পঢ়ক: ডিচেম্বৰ মাহত ভাগ্য উদয় হ'ব তিনি ৰাশিৰ ব্যক্তিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে