ETV Bharat / sukhibhava

আহক জানো আমাৰ জীৱনত বিশেষ ভূমিকা পালন কৰা ৫ বিধ ড্ৰাগছ বিষয়ে

বিশ্ব ইতিহাসত কোনো এটা ঔষধৰ প্ৰভাৱ জুখিব পৰাটো কঠিন । কিন্তু কেইটিমান বিশেষ ড্ৰাগছে আমাৰ জীৱন ধাৰণৰ মানদণ্ড সলনি কৰিছে ৷ আহক জানো পাঁচ বিধ ড্ৰাগছৰ বিষয়ে যিয়ে আমাৰ জীৱনত এক বিশেষ ভূমিকা পালন কৰিছে (5 drugs that changed the world) ৷

5-drugs-that-changed-the-world-and-also-what-went-wrong-with-them
আহক জানো আমাৰ জীৱনত বিশেষ ভূমিকা পালন কৰা ৫ বিধ ড্ৰাগছ বিষয়ে
author img

By

Published : Aug 19, 2022, 4:32 PM IST

বিশ্ব ইতিহাসত কোনো এটা ঔষধৰ প্ৰভাৱ জুখিব পৰাটো কঠিন । কিন্তু ইয়াত পাঁচটা ড্ৰাগছৰ বিষয়ে আমি নিশ্চিতভাৱে ক'ব পাৰো যে, আমি কেতিয়াও আশা নকৰা ধৰণে আমাৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনিছে (5 drugs that changed the world) । ইয়াৰ লগত কিছুমান অবিশ্বাস্য উপকাৰ আছে । কিন্তু ইয়াৰ কিছুমান ঋণাত্মক দিশো আছে যাৰ বিষয়ে জনাটো খুবেই জৰুৰী(What went wrong with them) । আহক জানো এই ৫ বিধ ড্ৰাগছৰ বিষয়ে-

১)এনাস্থেচিয়া(Anaesthesia): ১৭০০ চনৰ শেষৰ ফালে ইংৰাজ ৰসায়নবিদ জোচেফ প্ৰিষ্টলিয়ে phlogisticated nitrous air (nitrous oxide) নামৰ এবিধ গেছ প্ৰস্তুত কৰে । ইংৰাজ ৰসায়নবিদ হামফ্ৰে ডেভিয়ে ভাবিছিল যে, ইয়াক অস্ত্ৰোপচাৰত বিষ নিৰাময়কাৰী হিচাপে ব্যৱহাৰ কৰিব পাৰি, কিন্তু ইয়াৰ পৰিৱৰ্তে ই এক বিনোদনমূলক ঔষধত পৰিণত হৈছিল । ১৮৩৪ চনলৈকে আমি আন এটা মাইলৰ খুঁটিত উপনীত হৈছিলোঁ । তেতিয়াই ফৰাচী ৰসায়নবিদ জিন-বেপ্টিষ্ট ডুমাছে এটা নতুন গেছৰ ক্ল'ৰ'ফৰ্ম নামকৰণ কৰিছিল । স্কটিছ চিকিৎসক জেমছ ইয়ং চিম্পছনে ১৮৪৭ চনত প্ৰসৱৰ সময়ত সহায়ক হোৱাকৈ ইয়াক ব্যৱহাৰ কৰা হৈছিল । পিছলৈ অস্ত্ৰোপচাৰৰ সময়ত এনাস্থেচিয়া অধিক ব্যৱহাৰ কৰা হৈছিল । এনাস্থেচিয়াৰ নোহোৱাৰ পূৰ্বে অস্ত্ৰোপচাৰ কৰা ৰোগীসকলৰ বিষৰ ফলত প্ৰায়েই মৃত্যু হৈছিল । কিন্তু মানুহক অচেতন কৰি তুলিব পৰা যিকোনো ঔষধে ক্ষতিৰো সৃষ্টি কৰিব পাৰে বুলি চিকিৎসকে মত প্ৰকাশ কৰে । স্নায়ুতন্ত্ৰক দমন কৰাৰ আশংকা থকাৰ বাবে আধুনিক এনাস্থেটিক এতিয়াও বিপদজনক ।

লগতে পঢ়ক : জানক ছটা ভিন্ন সোৱাদ আৰু ইয়াৰ স্বাস্থ্যকৰ দিশ

২) পেনিচিলিন(Penicillin): ১৯২৮ চনত স্কটিছ চিকিৎসক আলেকজেণ্ডাৰ ফ্লেমিংৰ লগত যি ঘটিছিল সেয়া হৈছে আকস্মিকভাৱে ঔষধ আবিস্কাৰ কাহিনী । ফ্লেমিংয়ে ষ্ট্ৰেপ্ট'ক'কাছ নামৰ বেক্টেৰিয়াৰ কিছুমান নমুনা নিজৰ পৰীক্ষাগাৰৰ বেঞ্চত থৈ ছুটীলৈ যায় । তেওঁ উভতি আহোঁতে দেখিলে যে, বায়ুত থকা কিছুমান পেনিচিলিয়াম (এবিধ ভেঁকুৰৰ ৰোগ সৃষ্টিকাৰী জীৱাণু)(Fungal contaminant) ষ্ট্ৰেপ্ট'ককাছৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰিছে । অষ্ট্ৰেলিয়াৰ পেথ'লজিষ্ট হাৱাৰ্ড ফ্ল'ৰী আৰু তেওঁৰ দলটোৱে পেনিচিলিনক স্থিতিশীল কৰি প্ৰথম মানৱ পৰীক্ষা চলাইছিল । আমেৰিকাৰ পুঁজিৰে পেনিচিলিন গণ উৎপাদন কৰা হয় আৰু দ্বিতীয় বিশ্বযুদ্ধৰ গতিপথ সলনি কৰা হয় । ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ শ্ৰমিকৰ চিকিৎসা কৰা হৈছিল ।

৩) নাইট্ৰ'গ্লিচাৰিন(Nitroglycerin): ১৮৪৭ চনত নাইট্ৰ'গ্লিচাৰিন আৱিস্কাৰ হৈছিল । হৃদৰোগৰ লগত জড়িত এঞ্জাইনা, বুকুৰ বিষৰ চিকিৎসাৰ বাবে ই প্ৰথম আধুনিক ঔষধ দৰাচলতে বিস্ফোৰক দ্ৰব্যৰ সংস্পৰ্শলৈ অহা কেইবাজনো কাৰখানাৰ শ্ৰমিকৰ মূৰৰ বিষ আৰু মুখ ৰঙা পৰা আদি সমস্যাৰ সন্মুখীন হ'বলৈ ধৰিলে। কাৰণ নাইট্ৰ'গ্লিচাৰিন হৈছে ৰক্তবাহী নলীবোৰ প্ৰসাৰিত কৰা ভেছ'ডিলেটৰ । লণ্ডনৰ চিকিৎসক উইলিয়াম মুৰেলে নিজৰ ওপৰত আৰু পিছলৈ ৰোগীৰ ওপৰত নাইট্ৰ'গ্লিচাৰিনৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল । পৰীক্ষাটো যথেষ্ট সফল হৈছিল আৰু ৰোগীসকলে প্ৰতিবাৰেই সমস্যাটোৰ পৰা মুক্তি পাইছিল গতিকে সময়ৰ লগে লগে নাইট্ৰ'গ্লিচাৰিন বিশ্বমানৰ ঔষধত হিচাপে পৰিণত হৈছে । যিয়ে হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত এক বৃহৎ বিৱৰ্তন আনিছে ৷

৪) দ্য পিল(The pill): ১৯৫১ চনত আমেৰিকাৰ অধিবক্তা মাৰ্গাৰেট চেংগাৰে এটা ফলপ্ৰসূ হৰম'নযুক্ত গৰ্ভনিৰোধক প্ৰস্তুত কৰিব বিচাৰিছিল । পিনকাছে দেখিলে যে প্ৰজেষ্টেৰনে ডিম্বাণু বন্ধ কৰাত সহায় কৰে ৷ ইয়াৰ পিছৰে ইয়াক গৰ্ভ নিৰোধক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ৷ কিন্তু ইয়াৰ অত্যধিক ব্যৱহাৰৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি চিকিৎসকে পৰামৰ্শ আগবঢ়ায় ৷

৫) ডায়েজেপাম(Diazepam): প্ৰথমে বেনজ'ডাইজেপিন, এবিধ স্নায়ুতন্ত্ৰৰ বিষণ্ণতা । ১৯৫৫ চনত ইয়াক বিকশিত কৰা হৈছিল আৰু ঔষধ কোম্পানী হফমেন-লা ৰ'চে লিব্ৰিয়াম নামেৰে বজাৰত বিক্ৰী কৰিছিল । কিন্তু এই সম্পৰ্কীয় ঔষধবোৰ উদ্বেগৰ নিৰাময় হিচাপে বজাৰত বিক্ৰী কৰা নহয় ।

লগতে পঢ়ক : মানসিক চাপ কমি গ’লে শিশুয়ে জাংক ফুডৰ পৰা আঁতৰত থাকিব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.