ETV Bharat / sukhibhava

টেবলেটৰ বাহিৰে অন্য উপায়েৰেও প্ৰতিৰোধ কৰিব পাৰি অবাঞ্চিত গৰ্ভধাৰণ

author img

By

Published : Apr 11, 2022, 8:55 PM IST

বেছিভাগ মহিলাই অবাঞ্চিত গৰ্ভধাৰণ প্ৰতিহত কৰিবলৈ টেবলেটৰ ওপৰত নিৰ্ভৰ কৰে ৷ যাৰ ফলত বিভিন্ন সময়ত শৰীৰত পাৰ্শ্বক্ৰিয়াই দেখা দিয়ে ৷ এই টেবলেটৰ বাহিৰেও এনে বহুতো মাধ্যম আছে যাৰ জৰিয়তেও অবাঞ্ছিত গৰ্ভধাৰণৰ পৰা সুৰক্ষা পাব পাৰি যিবোৰৰ পাৰ্শ্বক্ৰিয়া কম ।

How to avoid unwanted pregnancies
অবাঞ্চিত গৰ্ভধাৰণৰ পৰা সুৰক্ষাৰ উপায়

অবাঞ্চিত গৰ্ভধাৰণ মহিলাসকলৰ বাবে এক বিড়ম্বনা ৷ সেয়ে ইয়াৰ পৰা বাচিবলৈ বেছিভাগ নাৰীৰে তাৎক্ষণিক পছন্দ হৈছে গৰ্ভনিৰোধক টেবলেট ৷ পিছে বৰ্তমান সময়ত জন্ম নিয়ন্ত্ৰণৰ বহুতো সহজ পদ্ধতি আছে । কিন্তু বিশেষজ্ঞসকলৰ কৈছে যে, মহিলাসকলে এতিয়াও গৰ্ভনিৰোধক টেবলেটৰ ওপৰতেই অধিক নিৰ্ভৰ কৰে । জ্যেষ্ঠ গাইন’ক’লজিষ্ট ডাঃ বিজয় লক্ষ্মীয়ে কৈছে, "গৰ্ভধাৰণ পৰিহাৰ কৰিব বিচৰা বেছিভাগ মহিলাই গৰ্ভনিৰোধক টেবলেট গ্ৰহণ কৰে কিয়নো তেওঁলোকৰ বহু সংখ্যকে আন পদ্ধতিৰ বিষয়ে অৱগত নহয় (How to avoid unwanted pregnancies)। আপোনালোকলৈ আগবঢ়ালো অবাঞ্চিত গৰ্ভধাৰণৰ পৰা বচাৰ কেইটামান উপায়-

অন্য প্ৰকাৰৰ গৰ্ভনিৰোধক

Condoms কনডম

গৰ্ভনিৰোধক হিচাপে কনডম বহুতৰে জনপ্ৰিয় পছন্দ । বহুলোক অজ্ঞাত যে পুৰুষৰ সমান্তৰালকৈ মহিলাৰ বাবেও কনডম উপলব্ধ । ইয়াৰ ব্যৱহাৰৰ ফলত এলাৰ্জি হোৱাৰ সম্ভাৱনাও অতি কম, কিয়নো মহিলাৰ কনডম হাইপ’এলাৰজেনিক । ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে যে শৰীৰত ঔষধৰ দৰে কোনো পাৰ্শ্বক্ৰিয়া নকৰে । আনকি সহবাসৰ পাছতো, কনডমটো ইয়াৰ স্থানৰ পৰা স্থানান্তৰ নহয় ।

Morning after pills অত্যাৱশ্যকীয় গৰ্ভনিৰোধক টেবলেট

জৰুৰীকালীন গৰ্ভনিৰোধক পিল কেতিয়াবা কনডম ফাটি যোৱা সময়ত বা আন কাৰণত উপযোগী হয় । অসুৰক্ষিত সহবাসৰ 72 ঘণ্টাৰ ভিতৰত এই পিল গ্ৰহণ কৰিলে অবাঞ্ছিত গৰ্ভধাৰণ প্ৰতিহত কৰিব পাৰি । এই পিলৰ কিছুমান পাৰ্শ্বক্ৰিয়া আছে, যেনে ওকালি অহা, মূৰৰ বিষ, স্তনৰ বিষ, তল পেটত বিষ ইত্যাদি।

Copper T কপাৰ টি

কপাৰ টি হৈছে ইংৰাজী T আখৰটোৰ দৰে এবিধ সঁজুলি । ইয়াক পূৰ্বতে গৰ্ভধাৰণ কৰা মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় । ডিভাইচটো এজন স্বাস্থ্য বিশেষজ্ঞৰ দ্বাৰা জৰায়ুত সুমুৱাই দিয়া হয় আৰু যেতিয়া এগৰাকী মহিলা গৰ্ভধাৰণ কৰিবলৈ সাজু হয়, ইয়াক আঁতৰ কৰি দিয়া হয় । কপাৰ টিয়ে তিনিৰ পৰা দহ বছৰলৈকে কাম কৰে ।

Birth control shot জন্ম নিয়ন্ত্ৰণ শ্বট

এই ধৰণৰ বেজী প্ৰজেষ্টিনেৰে তৈয়াৰ কৰা হয় । এই বেজীটো 3-4 মাহৰ ব্যৱধানত দিব হয় । ই মহিলাৰ ডিম্বস্ফোটন প্ৰক্ৰিয়া প্ৰতিহত কৰাত সহায় কৰে । পিলৰ তুলনাত ইয়াৰ পাৰ্শ্বক্ৰিয়া বহুত কম ।

Vaginal ring যোনি ৰিং

এই পদ্ধতিত যোনিত এটা নমনীয় প্লাষ্টিকৰ আঙুঠি সুমুৱাই দিয়া হয় । ইয়াক সাধাৰণতে তিনি সপ্তাহৰ বাবে সুমুৱাই ৰখা হয় ৷ মন কৰিবলগীয়া কথাটো হ’ল যে মাহেকীয়া সপ্তাহৰ সময়ত ইয়াক উলিয়াই দিব লাগে । আঙুঠিটোৱে এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন হৰমন মুকলি কৰে ।

লগতে পঢ়ক: ম'বাইল ৰেডিয়েশ্যন কি আৰু ই আপোনাৰ ছালক কেনেদৰে প্ৰভাৱিত কৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.