হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয় দিনা ভাইদুজ উৎসৱ পালন কৰা হয় ৷ ইয়াৰ আন এটা নাম যম দ্বিতীয়া বা ভ্ৰাতৃ দ্বিতীয়া ৷ দীপাৱলীৰ দুদিন পিছত ভাইদুজ উৎসৱ পালন কৰা হয় ৷ এইবাৰ ভাইদুজৰ উৎসৱ ১৪ আৰু ১৫ নৱেম্বৰ দুয়োটা দিনতে অৰ্থাৎ মঙলবাৰ আৰু বুধবাৰে পালন কৰা হ’ব ।
ভাইদুজ কিয় উদযাপন কৰা হয় ?
পৌৰাণিক বিশ্বাস অনুসৰি সূৰ্যদেৱ আৰু তেওঁৰ পত্নী ছায়াৰ যমৰাজ আৰু যমুনা নামৰ দুটি সন্তান আছিল ৷ দুয়োৰে মাজত বৰ ভালপোৱা আছিল ৷ ভগ্নী যমুনাই সদায় বিচাৰিছিল যমৰাজে খাদ্য গ্ৰহণ কৰিবৰ বাবে তাইৰ ঘৰলৈ আহিব ৷ কিন্তু যমৰাজে নিজৰ অনুৰোধ পিছুৱাই দিছিল ৷ এবাৰ কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত দুপৰীয়া যমৰাজে নিজৰ ঘৰ পালেহি ৷ ঘৰৰ দুৱাৰত ভাতৃক দেখি যমুনা বৰ আনন্দিত হৈছিল ৷ ইয়াৰ পিছত যমুনাই জেষ্ঠ ভাতৃ যমৰাজক খাদ্য আগবঢ়ালে ৷ আৰু ভগ্নীৰ এই মৰম দেখি যমদেৱে যমুনাক বৰ বিচাৰিবলৈ অনুগ্ৰহ কৰে ৷
ইয়াৰ উপৰিও তেওঁ যমৰাজৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিছিল যে তেওঁ প্ৰতি বছৰে কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত খাদ্যৰ বাবে আহিব লাগে ৷ লগতে তেওঁৰ দৰে এই দিনটোত ভগ্নীসকলে শ্ৰদ্ধাৰে নিজৰ ভাতৃক ফোঁট দিয়ে যাতে তেওঁলোকৰ যমৰাজৰ প্ৰতি কোনো ভয় ভাৱ নাথাকে ৷ তেতিয়া যমৰাজে ভনীয়েকক এই বৰ দি ক’লে যে এতিয়াৰ পৰা এনেকুৱাই হ’ব ৷ এই পৰম্পৰা তেতিয়াৰ পৰাই চলি আহিছে ৷ সেয়ে ভাইদুজৰ দিনা যমৰাজ আৰু যমুনাক পূজা কৰা হয় ৷
শুভ মুহুৰত
হিন্দু পঞ্চাংগৰ তথ্য অনুসৰি কাৰ্তিক মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি ১৪ নৱেম্বৰৰ নিশা ০২:৩৬ বজাত । ইয়াৰ পিছত দ্বিতীয়া তিথি আৰম্ভ হ’ব । কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথি ১৪ নৱেম্বৰৰ নিশা ০২:৩৬ বজাৰ পৰা পিছদিনা অৰ্থাৎ ১৫ নৱেম্বৰৰ নিশা ০১:৪৭ বজালৈ আৰম্ভ হয় । এই উৎসৱ দিনৰ ভাগত পালন কৰা হয় । সেয়ে ১৪ নৱেম্বৰৰ দুপৰীয়াৰ পৰা ভাতৃৰ কপালত ফোঁট দি কলাভা বান্ধিব পাৰিব । মুঠৰ ওপৰত সুবিধা অনুযায়ী ১৪ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰলৈ নিশা ০১:৪৭ বজালৈকে ভাইদুজ পালন কৰিব পাৰিব ।
ভাইদুজ পূজাৰ সামগ্ৰী
কুমকুম, পাণ, সুমথিৰা, ফুল, কলাভা, মিঠাই, শুকান নাৰিকল আৰু অক্ষত ইত্যাদি ৷ তিলক কৰি থাকোঁতে এইবোৰ পূজাৰ কাহীত ৰাখিবলৈ নাপাহৰিব ৷
ভাই ফোঁটাৰ বাবে শুভ সময়
ভাইদুজৰ দিনটোত ফোঁট দিয়াৰ শুভ মহুৰত দিনৰ ০১:১০ বজাৰ পৰা নিশা ০৩:১৯ বজালৈ । এই সময়ছোৱাত ভগ্নীসকলে নিজৰ ভাতৃৰ সুখ, সমৃদ্ধি আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে । এই দিনটোত যম দ্বিতীয়াও পালন কৰা হ’ব । মান্যতা অনুসৰি কাতি মাহৰ শুক্ল পক্ষৰ দ্বিতীয় তিথিত যমদেৱতাৰ ভগ্নী যমুনাৰ ঘৰলৈ গৈছিল বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত ।
লগতে পঢ়ক: Diwali 2023: দীপাৱলীৰ সময়ত কিয় কৰা হয় লক্ষ্মী দেৱীৰ পূজা ?