ডিফু,১৫ মাৰ্চ: অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ আৰু নগদ ধন জব্দ হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ সমাগত বিধানসভা নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে একাংশ অসাধু চক্ৰই বিভিন্ন কৌশলেৰে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ ৷ এই অবৈধ ড্ৰাগছ সৰবৰাহৰ বাবে কৰিডৰ হিচাপে অপৰাধী চক্ৰই ব্যৱহাৰ কৰি আহিছে ডিমাপুৰ-কাৰ্বি আংলং পথ ৷
আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তত খটখটি আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় নগদ ৬ লাখ টকা সহ বৃহৎ পৰিমাণ হে'ৰইন ৷ ১২ টা চাবোনৰ বাকচত লুকুৱাই অনা হৈছিল প্ৰায় ১৪৮ গ্ৰাম হেৰ'ইন ৷

ডিমাপুৰৰ লংনিলা দেৱনাথ পুমেই নামৰ মহিলাগৰাকীয়ে অন্য এজন লোকক দিবলৈ আনিছিল হেৰ’ইনখিনি ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সংগ্ৰহৰ বাবে অহা লোকজনক বোকাজানৰ সৰিয়হজানৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰঞ্জিত গগৈৰ পৰা ১ লাখ টকাৰ লগতে AS 05 Q 0482 নম্বৰৰ এখন স্কুটী জব্দ কৰে আৰক্ষীয়ে ৷ ৰঞ্জিত গগৈৰ ঘৰ গোলাঘাটৰ সৰুপথাৰ থানাৰ অন্তৰ্গত 2 নং কৰিগাঁৱত বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: বিশ্বমানৰ হিচাপে গঢ়ি তোলা হ’ব বিহাৰৰ পাঁচটা ৰে’ল ষ্টেচন